Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:40 pm

Home » Uncategorized » সংশোধনী বিধেয়ক বাতিল নহ’লে অসমৰ মুখ্যমন্ত্রী হ’ব বাংলাদেশী : অখিল গগৈ

সংশোধনী বিধেয়ক বাতিল নহ’লে অসমৰ মুখ্যমন্ত্রী হ’ব বাংলাদেশী : অখিল গগৈ


গুৱাহাটী : নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল নকৰিলে আগন্তুক ছবছৰৰ ভিতৰত অসমৰ মুখ্যমন্ত্রী হ’ব বাংলাদেশী ব্যক্তি৷’ এই বিস্ফোৰক মন্তব্য কৃষক নেতা অখিল গগৈৰ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ঐতিহাসিক শিৱসাগৰ নগৰত সমবেত হাজাৰ হাজাৰ জনতাক সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে কয় যে সময় থাকোঁতেই প্রতিজন অসমীয়াই এই জাতিধবংসী বিলৰ বিৰুদ্ধে মাৰবান্ধি থিয় নিদিয়ে, তেন্তে অসমৰ প্রতিটো সমষ্টিতেই অসমীয়া সংখ্যালঘুত পৰিণত হ’ব৷
অন্যথা বাংলাদেশী মুখ্যমন্ত্রীৰ অধীনত অসমীয়াই জীৱন নির্বাহ যে কৰিব লাগিব, সেয়া নিশ্চিত৷ আজি শিৱসাগৰৰ শিৱদৌলৰ সমীপত জিলাখনৰ ২৮ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত সমবেত হোৱা হাজাৰ হাজাৰ প্রতিবাদী জনতাৰ গণবিক্ষোভ কার্যসূচীত অংশগ্রহণ কৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে বিজেপি আৰু আৰ এছ এছক চোকা ভাষাৰে সমালোচনা কৰে৷
সদৌ টাই আহোম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা তথা যৌথ সংগ্রামী মঞ্চৰ মুখ্য আহবায়ক অশ্বিনী চেতিয়াৰ নেতৃত্বত আৰম্ভ হোৱা গণ বিক্ষোভ কার্যসূচীত পলমকৈ উপস্থিত হোৱা কৃষক নেতা অখিল গগৈয়ে নির্বাচনৰ পূর্বে বিজেপিয়ে নির্বাচনৰ পিছতেই বাংলাদেশীয়ে টোপোলা বান্ধিব লাগিব বুলি দিয়া প্রতিশ্রুতি ক’ত হেৰাল বুলি তীর্যক প্রশ্নবাণ এৰে৷ অখিল গগৈয়ে কয় যে বিদেশীমুক্ত অসমৰ প্রতিশ্রুতিৰে অসমীয়াৰ আৱেগক বন্ধকত ৰাখি জাতি-মাটি-ভেটি আৰু জাতিৰ ঐতিহ্যক সম্পূর্ণৰূপে ধবংসৰ ষড়যন্ত্রত লিপ্ত বিজেপিয়ে অসমীয়া জাতিৰ কফিনত প্রথমটো গজাল মাৰিছিল ২০১৫ চনৰ সাত ছেপ্টেম্বৰত৷
২০১৫ চনৰ সাত ছেপ্টেম্বৰত অসমীয়াৰ জ্ঞাতহাৰেই অসম বিৰোধী বিজেপিয়ে প্রথমখন অধিসূচনা জাৰিয়ে আৰম্ভ কৰিছিল এই ভয়ংকৰ জাতিধবংসী ষড়যন্ত্র৷ এই অধিসূচনাৰ আধাৰত পাছপ’র্ট ইণ্ডিয়া এক্ট ১৯২০ বাতিল কৰি মুছলমানৰ বাদে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা ছটা ধর্মৰ বিদেশী নাগৰিকে অনায়াসে দেশত প্রৱেশ কৰিব পাৰিব৷ পুনৰ ২০১৬ চনৰ আঠ জানুৱাৰীত জাৰি কৰা দ্বিতীয়খন অধিসূচনাৰ আধাৰত পূর্বে জাৰি কৰা প্রথমখন অধিসূচনাৰ ভিত্তিত অসমত প্রৱেশ কৰা হিন্দু বিদেশীসকলক দীঘম্যাদী ভিছা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷
একে সময়তে ২০ আগষ্ট ২০১৬ চনত জাৰি কৰা তৃতীয়খন অধিসূচনাৰ আধাৰত অসমত প্রৱেশ কৰা বিদেশীসকলক পাঁচটা বিশেষ সুবিধা প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ প্রথম সিদ্ধান্ত অনুসৰি বিদেশী নাগৰিকক বেংক একাউণ্ট খোলাৰ সুবিধা প্রদান, মাটি কিনাৰ অধিকাৰ অথবা ছুইটেবুল একমডেটিশ্যন, ব্যৱসায় অথবা চাকৰিৰ পূর্ণ সুবিধা প্রদান, আধাৰকার্ড, পেনকার্ড, ড্রাইভিং লাইচেন্স প্রদানৰ দৰে গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ গ্রহণ কৰে৷ ফলত ২০১৬ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অনুচেছদ-২ অনুসৰি এনে নাগৰিকে নিশ্চিতভাৱে ছবছৰৰ ভিতৰতেই আন ভাৰতীয়ৰ দৰে সম অধিকাৰৰ অধিকাৰী হোৱাৰ লগতে অসমীয়া সংখ্যালঘুত পৰিণত হোৱা সমষ্টিসমূহৰ পৰা সংখ্যাগুৰু হিন্দু বাংলাদেশীয়ে নির্বাচিত কৰি পঠিওৱা প্রতিনিধি হ’ব অসমৰ মুখ্যমন্ত্রী৷
লাচিত বৰফুকনক হিন্দু বীৰৰ পৰিৱর্তে আহোমৰ বীৰ, অসমীয়াৰ বীৰ বুলি উল্লেখ কৰা অখিল গগৈয়ে লাচিত বৰফুকন কাহানিও হিন্দু নাছিল বুলি মন্তব্য প্রকাশ কৰে৷ কেন্দ্রই চলাই অহা পৰিকল্পিত শোষণ নির্যাতন, বলপূর্বক জাতিধবংসী সিদ্ধান্ত সময়ে সময়ে জাপি দি বর্বৰতাৰ পৰিচয় দি অহা বুলি অভিযোগ কৰি কয় যে ভাৰত মাতা কি জয় ধবনি দি থকাৰ পাছতো আজিও অসমীয়াই স-গৌৰৱেৰে চিঞৰি আহিছে ‘জয় আই অসম’৷ একমাত্র অসমীয়াৰ অধিকাৰৰ বাবেই ১৮৩২ ৰ পৰা ১৮৭২ লৈকে চলোৱা সংগ্রামৰ সেনানী মণিৰাম দেৱানক ব্রিটিছে দিছিল পৰিকল্পিতভাৱে ফাঁচি দিছিল বুলি গগৈয়ে উল্লেখ কৰে৷
আন নালাগে অম্বিকাগিৰী ৰায় চৌধুৰীয়ে ৰঙিয়ালৈ সেই সময়ৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক অসমত পৰিকল্পিতভাৱে বিদেশী জাপি দিলে অসমক ভাৰতৰ পৰা সম্পূর্ণৰূপে বিচিছন্ন কৰাৰো হুংকাৰ দিছিল৷ ইয়াৰ উপৰি মাণিক চন্দ্র বৰুৱাই বিধান পৰিষদত বিদেশী জাপি দিয়াৰ বিৰুদ্ধে সাহসিকতাৰে প্রস্তাৱো গ্রহণ কৰিছিল৷ একমাত্র ক্ষমতাৰ লোভ আৰু অসমীয়াৰ জাতিসত্তাক ধবংসৰ চক্রান্ত, অসমীয়াক নিঃশেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্রৰ আধাৰতে সংবিধানৰ ১৯ নং দফাৰ ভিত্তিত ৩০ আগষ্ট ২০১৬ ত বিশেষ ৰাজ্যৰ মর্যদা কর্তনৰ লগতে উত্তৰ পূবৰ বিশেষ ঔদ্যোগিক নীতিও বাতিল কৰিছিল৷ তেনেস্থলত জাতিধবংসী বিধেয়ক বিল-২০১৬ বাতিল কৰাৰ লগতে ২০১৫ ৰ পৰা জাৰি কৰা তিনিখনকৈ জাতিধবংসী অধিসূচনা সম্পূর্ণৰূপে বাতিল কৰি অসমীয়াৰ জাতি-মাটি আৰু ভেটিৰ নিশ্চিত সুৰক্ষা প্রদান নকৰে স্বাভাৱিকতেই অসম আৰু অসমীয়াই ভাৰতৰ পৰা সম্পূর্ণৰূপে পৃথক ৰাষ্ট্র হিচাপে দাবী কৰিবলৈ বাধ্য হ’ব বুলিও বিস্ফোৰক মন্তব্য প্রকাশ কৰে কৃষক নেতা অখিল গগৈয়ে৷
ইফালে গণ বিক্ষোভৰ প্রতিবাদস্থলীত টাইপাৰ হেমন্ত চাংমায়ে জাতিধবংসী বিধেয়ক বাতিল নহ’লে অসমীয়াই মিউজিয়ামতেই স্থান পাব বুলি মন্তব্য কৰে৷ আহোম সেনাৰ অংকুৰণ ফুকনে বিজেপিক ইতিহাস অধ্যয়ন কৰিবলৈ আহবান জনোৱাৰ লগতে শৰাই ঘাটতো সাৰিছিল, দিল্লীতো সাৰিছিল এইবাৰ অসমীয়াৰ হাততো সাৰিব বুলি তাৎপর্যপূর্ণ বক্তব্য প্রকাশ কৰে৷ ইতিহাসে এটা জাতিক কেতিয়াও দুবাৰ লগ হোৱাৰ সুযোগ নিদিয়ে৷
এইবাৰ কিন্তু এই জটিল সন্ধিক্ষণত ইতিহাস সলনি কৰি অসমীয়া নামৰ জাতিটোক পুনৰ একেলগ হৈছে৷ সেয়েহে এই শ্রম অথলে যাবলৈ নিদি অর্থনৈতিক অৱৰোধেৰে অসমৰ পৰা সমগ্র উত্তৰপূব ভাৰতৰ হৈ দেশৰ বিভিন্ন প্রান্তলৈ ওলাই যোৱা সকলোধৰণৰ সামগ্রীৰ যাতায়াত স্তব্ধ কৰি দি ভাৰতক অচল কৰি দিবলৈ আহবান জনায় আটাছু নেতা মনোজ গগৈয়ে৷ শৰাইঘাটৰ দ্বিতীয়খন ৰণ বিজেপিয়ে আৰম্ভ কৰিছিল আৰু শেষ কৰিব অসমীয়াই বুলিও বিস্ফোৰক মন্তব্য প্রকাশ কৰে নেতাগৰাকীয়ে৷
আনহাতে, গণ বিক্ষোভস্থলীত আয়োজিত প্রতিবাদী সভাখনত উপস্থিত থকা আটাছুৰ কেন্দ্রীয় সভাপতি লিটুল বুঢ়াগোঁহাই, উপ সভাপতি বসন্ত গগৈ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্রীয় কার্যকৰী সভাপতি মণিৰুল ইছলাম বড়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সভাপতি পদ্মকান্ত দাস, সন্মিলিত ব্যৱসায়ী সন্থাৰ সভাপতি বকুল বৰঠাকুৰ, কোচ ৰাজবংশী ছাত্র সন্থাৰ মৃণাল দত্ত, সংগ্রামী যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় মুখ্য উপদেষ্টা অংকুৰ শইকীয়া, টাই আহোম যুৱ পৰিষদৰ সভাপতি দিগন্ত তামুলী, আমছুৰ ফৰিদ ইছলাম হাজৰিকা, কৃষক নেতা লু-চু্যন শ্যাম গোহঁাই, চাহ মুক্তি সংগ্রাম সমিতিৰ অবিনাশ তাছা, কৃষক নেতা ধৈর্য কোঁৱৰ, ই-ৰিক্সা সন্থা, সংগ্রামী যুৱ ছাত্র পৰিষদ, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, মেচ-কছাৰী যুৱ ছাত্র পৰিষদৰ কুশল চন্দ্র মেচ, চুতীয়া ছাত্র সন্থাৰ নেতা তপন চুতীয়া, টি এম পি কেৰ বীৰেন য়েইন, অনুসূচিত জাতি ছাত্র সন্থাৰ মৃদুল দাস, মৰিয়া যুৱ ছাত্র সন্থাৰ আছাদুৰ ৰহমান, কলিতা ছাত্র সন্থা, মুছলিম যুৱ ছাত্র পৰিষদৰ দাদুল আলী, বঙালী সমাজৰ হৈ ৰবীন ঘোষে প্রতিবাদী ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়৷
মৰণপণ যুঁজ, বিধেয়ক বাতিল নোহোৱা পর্যন্ত দিল্লী আৰু দিছপুৰৰ বিৰুদ্ধে অবিৰত সংগ্রাম অব্যাহত ৰাখিবৰ বাবে অখিল গগৈয়ে শিৱদৌলক সাক্ষী কৰি অসমীয়াৰ স্বার্থত হাজাৰ হাজাৰজন প্রতিবাদী জনতাক শপত বাক্য পাঠ কৰায়৷ ইয়াৰ পিছতে সমস্বৰে জয় আই অসম ধবনিৰে উক্ত প্রতিবাদী কার্যসূচীৰ অন্ত পেলায়৷ আজিৰ প্রতিবাদী কার্যসূচীৰ মাজতে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কার্যকৰী সভাপতি মণিৰুল ইছলাম বড়া আৰু সদৌ টাই আহোম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়া অসুস্থ হৈ পৰে৷ অৱশ্যে তেওঁলোকৰ স্বাস্থ্য সম্প্রতি স্বাভাৱিক বুলি জানিব পৰা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি