Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 11:36 pm

Home » আঞ্চলিক » অসমত কৃষিভিত্তিক অর্থনৈতিক জৰীপৰ ব্যৱস্থা

অসমত কৃষিভিত্তিক অর্থনৈতিক জৰীপৰ ব্যৱস্থা

গুৱাহাটী : পাৰ্লিয়ামেন্টৰী ষ্টেনডিং কমিটীয়ে চলিত বৰ্ষৰ ১৮ আৰু ১৯ এপ্রিলত ৰাজ্যৰ কৃষি খণ্ড পৰিদৰ্শনৰ সময়ছােৱাত ৰাজ্য চৰকাৰলৈ গ্রামাঞ্চলৰ প্রাথমিক বজাৰসমূহৰ বৰ্তমানৰ অৱস্থা, কার্যক্ষমতা আৰু আন্তঃগাঁথনি সম্বন্ধে অৱগত হােৱাৰ বাবে জৰিপ চলােৱাৰ লগতে কৃষকসকলৰ জনমূৰি আয়ৰ ওপৰতাে জৰিপ চলােৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল যাতে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিব পৰা যায়।
সেই অনুসৰি ৰাজ্যিক সংস্কাৰ আৰু ৰূপান্তৰ আয়ােগ (চিতা)ৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ আৰু যােৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্যৰ সৈতে হােৱা আলােচনা মর্মে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত উক্ত জৰিপ কার্য চলােৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়। এনেধৰণৰ জৰীপে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি বিশেষকৈ কৃষি আৰু ইয়াৰ সৈতে জড়িত বিভাগসমূহৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি উপাধ্যক্ষ বৰঠাকুৰে মত পােষণ কৰে।
এই জৰীপে ৰাজ্যৰ কৃষকসকলৰ বিভিন্ন সমস্যা যেনে, বানপানী, জলসিঞ্চন, খহনীয়া, কৃষিজাত সামগ্রী মজুতকৰণ তথা বিক্ৰীৰ ব্যৱস্থা আদি সামৰি লােৱা হ’ব বুলি কৈ ৰাজ্য চৰকাৰ আৰু যােৰহাট কৃষি বিশ্ববিদ্যালয়ৰ মাজত পােন প্ৰথমবাৰৰ বাবে এনেধৰণৰ যুটীয়া পদক্ষেপ গ্রহণ কৰা বুলিও তেওঁ উল্লেখ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি