| |

আন্তর্জাতিক নিচাযুক্ত দ্রব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰােধী দিৱস উদযাপন

কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় নিচা বিৰোধী দিৱস পালন : শিক্ষাৰ্থীসকলে নিচা জাতীয় সামগ্ৰী সেৱন কৰাৰ বিৰুদ্ধে প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান কোকৰাঝাৰ/গুৱাহাটী : আজি ২৬ জুন৷ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নিচা বিৰোধী দিৱস। এই দিনটো আজি বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা দৰেই বি টি চিৰ প্ৰানকেন্দ্ৰ কোকৰাঝাৰতো পালন কৰিছে জিলা আৰক্ষী-প্ৰশাসনে। কোকৰাঝাৰ সদৰ চহৰস্থিত আৰক্ষী থানাৰ চৌহদৰ পৰা উলিয়াই এটি সজাগতামূলক সমদল। সজাগতামুলক সমদলটি আৰক্ষীৰ পতাকা জোকাৰি উদ্ধোধন কৰি দিয়ে উপ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, সহযোগি আৰক্ষী অধীক্ষক (নিৰাপত্তা) কমল কুমাৰ গুপ্তাই। কোকৰাঝাৰৰ সকলো আৰক্ষী জোৱানৰ লগতে আৰ এন বি অসামৰিক চিকিৎসালয়ৰ বহু সংখ্যক নাৰ্চেও হাতে হাতে নিচা জাতীয় দ্ৰব্য সেৱন কৰা পৰা দূৰত থাকক, নিচা এৰক নিৰোগী হঁওক আদি শ্লোগানৰ ফেষ্টুন, বেনাৰ, প্লেকাৰ্ড লৈ

গৌৰীপুৰৰ, বালাজান, দাওভাঙীত পৃথকে -পৃথকে এনআৰচি-ক লৈ সজাগতা সভা

গৌৰীপুৰৰ পৰা সুৰজ কুমাৰ মহতৌৰ সংবাদ : ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ বালাজান, দাওভাঙীত পৃথকে-পৃথকে এন, আৰ,চিৰ সম্পূৰ্ণ খচৰা সম্পৰ্কত ৰাইজক সজাগ কৰি তোলাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বালাজান আৰক্ষী চকীৰ আৰক্ষী আৰু দাওভাঙী আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ উদ্যোগত সজাগতা সভা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে৷ মঙলবাৰে দিনৰ তিনি বজাত বালাজান বজাৰ প্ৰাঙ্গনত প্ৰায় পাচঁ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্বত কৰে আমজাদ হুছেইনে৷ একেদৰে আবেলি পাচঁ বজাত দাওভাঙী আৰক্ষী পহৰা চকীৰ চৌহদত স্থানীয় মূৰব্বী আমজাদ আলীৰ সভাপতিত্বত আনএক সজগতা সভা অনুষ্ঠিত হয়৷ সভাত গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া চয়ানিকা ঠাকুৰীয়া, ধুবুৰী হেড কোৱাৰ্টাৰ উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজা, উপ- অধীক্ষক এিনয়ন ভুঞা, গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ চন্দ্ৰ দাস, বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত

কোকৰাঝাৰত উন্নয়নমূলক আচঁনিসমূহৰ ৰূপায়নৰ ক্ষতিয়ান দাঙি ধৰিলে বিজেপিয়ে

কোকৰাঝাৰ জিলাতো কৰ্কট ৰোগ নিৰাময় চিকিৎসালয় নিৰ্মান হব : শিৱনাথ ব্ৰহ্ম কোকৰাঝাৰ : ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত চাৰি বছৰ আৰু অসমত দুবছৰীয়া শাসনৰ কাৰ্যকালত বৰ্ষপূতি উপলক্ষে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাতে ৰাজ্যিক বিজেপিৰ তত্ত্বাৱধানত বিভিন্ন শিতানত গ্ৰহন কৰা উন্নয়নমূলক আচঁনিৰ সফল ৰূপয়নৰ খাতিয়ান দাঙি ধৰিছে৷ এক প্ৰেছ বিবৃতিযোগে কোকৰাঝাৰ জিলাৰ ৰাজ্যিক পেনেলিষ্ট তথা অসম ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্মইও কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন শিতানৰ উন্নয়নমূলক কাম-কাজৰ দিশসমূহ উল্লেখ কৰি আচঁনিসমুহৰ সফল ৰূপায়নৰ বিষয়ে জানিবলৈ দিছে৷ সেইমৰ্মে কোকৰাঝাৰ জিলাত কেন্দ্ৰীয় আচঁনি এম.এচ.ডি.পি’ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈ ৪৪ খন আচঁনিৰ বাবে ৬ কৌটি ৬১ লাখ ৯৩ হাজাৰ টকা আৱন্টন দিয়া হয়৷ একেদৰে কেন্দ্ৰীয় আচঁনি এম.এল.এডি (এল/এচ)ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ

জয় আই অসম ধ্বনিৰে মুখৰিত বৰপেটা : নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিশাল সমাৱেশ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহলে সৰ্বানন্দ সোণোৱালক শান্তিত থাকিব দিয়া নহব : বৰপেটাত অখিল গগৈৰ হুংকাৰ পুলেন্দ্ৰ দাস, বৰপেটা :  “নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহ’লে সৰ্বানন্দ সোণোৱালক শান্তিত থাকিব দিয়া নহব৷” এই মন্তব্য কৃষক নেতা অখিল গগৈৰ৷ মঙলবাৰে বৰপেটা চহৰৰ পৌৰসভাৰ খেলপথাৰত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত বিশাল গণ সমাবেশত অংশগ্ৰহন কৰি কৃষক নেতা গৰাকীয়ে কয় যে, বিজেপি- আৰ এছ এছে অসমীয়াৰ পৰিচয় নোহোৱা কৰি হিন্দু পৰিচয় প্ৰদানৰ বাবে বাধ্য কৰিব বিচাৰিছে৷ হিন্দু- মুছলমানৰ সংঘাত হ’লেহে দুখীয়াৰ ভোট পায় বুলি উল্লেখ কৰি দুখীয়াৰ ভোট লাভৰ বাবে বিভিন্ন ৰাজনৈতিক দলে সূতা, কম্বল, আঠুৱা, লেট্ৰিন দিয়াৰ লগতে হিন্দু-মুছলমানৰ মাজত সংঘাত লগাই ৭০বছৰে সৰ্বসাধাৰণ লোকক লুট-পাট চলাই আহিছে বুলিও মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে৷

আলফা স্বাধীনে মুকলি কৰি দিলে অপহৃত গোপাল উপাধ্যায়ক

লিডু : বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আলফা (স্বাঃ)ই মুকলি কৰিলে অপহৃত গোপাল উপাধ্যায়ক। সোমবাৰে মাজনিশা অসম-অৰুণাচল সীমান্তৱৰ্তী চাংলাং জিলাৰ খামলৌ গাঁৱত আলফা (স্বা)ই সম্পূৰ্ণ সোতৰ দিনৰ বিৰতিৰ পাছত অপহৃত গোপাল উপাধ্যায়ক মুকলি কৰি থৈ যায়৷ যেন গভীৰ শ্বাসৰুদ্ধ এখন নাটকৰ যৱনিকা পৰিল৷ উল্লেখ্য যে, যোৱা ৮ জুনত অত্যাধুনিক অস্ত্ৰ-সস্ত্ৰৰে সুসজ্জিত আলফা স্বাধীনৰ এটা প্ৰায় ১২ জনীয়া দলে ব্যৱসায়ী ৰাধা চেতিয়াৰ ফানেংস্থিত এলেকাত থকা চাহ বাগিছাত প্ৰৱেশ কৰি কৰ্তব্যৰত অৱস্থাত থকা গোপাল উপাধ্যায়ক অপহৰণ কৰি নিছিল৷ অসম-অৰুণাচল সীমান্তৱৰ্তী লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰৰ বাসিন্দা তথা অঞ্চলটিৰ অতি সহজ সৰল লোক হিচাপে পৰিচিত ব্যক্তিজনৰ অপহৰণে শংকিত কৰি তুলিছিল অঞ্চলবাসীক। কিহৰ ভিত্তিত এজন সাধাৰণ নাগৰিকক আলফা (স্বা)ৰ দ্বাৰা অপহৰণ কৰা হল বুলি

জৰাজীৰ্ণ দলঙৰ বাবে দুৰ্ভোগ ভুগিছে তিতাবৰৰ ৰাইজে

তিতাবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তৰুণ গগৈৰ গৃহসমষ্টি তিতাবৰৰ দিহিঙীয়াৰ কোলাজান নৈৰ ওপৰত থকা এখন ভঙা বাঁহৰ দলঙেৰে দৈনিক পাঁচ-ছয়খন গাঁৱৰ কেইবা শতাধিক ৰাইজে নিজৰ জীৱনৰ নিৰাপত্তা নোহোৱাকৈ অহা-যোৱা কৰি আহিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিকশিত অসমৰ নমুনা কথা কৈছিল যদিও নিজ গৃহ সমষ্টিতে যেন বিকাশৰ মুখ নেদেখিলে এইসকল ৰাইজে৷ জানিব পৰা মতে দলংখনৰ নিৰ্মাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত পুঁজি অৱৰ্তন কৰিছিল যদিও একাংশ দুস্কৃতিকাৰীৰ দুৰ্নীতিত নিৰ্মাণ হৈ নুঠিল দলংখন। উল্লেখযোগ্য যে পৰিবৰ্তনৰ জয় ঢোল বজাই কেন্দ্ৰ আৰু ৰাজ্যত সৰ্বাৰ চৰকাৰ আহিল যদিও এইসকল দুৰ্নীতিত লিপ্ত হয় থকা ব্যক্তিয়ে কোনো ধৰণৰ শাস্তি নাপালে৷ যাৰ ফলত ৰাইজে তীব্ৰ ক্ষোভ উজাৰিছে। লগতে এইসকল ভুক্তভোগী ৰাইজে সৰ্বাৰ চৰকাৰক সকীয়াই দিয়ে

এন আৰ চি : চৰাঞ্চলত ইছৰৰ সহায়েৰে নিৰাপত্তা পর্যবেক্ষণ কৰিব চৰকাৰে

হাজেলাৰ ঘােষণা, ৩০ জুনত প্রকাশ নাপায় পূর্ণাংগ খচৰা গুৱাহাটী : অহা ৩০ জুনত প্রকাশ নাপায় বহুপ্রতীক্ষিত এন আৰ চিৰ পূৰ্ণাংগ খচৰা। আজি এই কথা স্পষ্ট কৰি দিছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই। আনহাতে, এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ পাছতেই ৰাজ্যৰ চৰ অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হােৱাৰ আশংকা কৰিছে চৰকাৰে। সৰ অঞ্চলত বসবাস কৰা সংখ্যালঘু লােকৰ নাম খচৰাত বাদ পৰাৰ চৰাঞ্চলত ইছৰৰ সহায়েৰে আশংকাতেই চৰকাৰে চৰ অঞ্চলত নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰাৰ ব্যৱস্থা গ কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ভাৰতীয় মহাকাশ গবেষণা সংস্থা, চমুকৈ ইছৰৰ কাষ চাপিছে। ইছৰৰ জৰিয়তে চৰ অঞ্চলসমূহ সঠিকভাৱে মেপিং দি (চিত্ৰাংকিত) কৰাৰ ব্যৱস্থা কৰিছে, যাতে নিৰাপত্তা বাহিনী সঠিকভাৱে ডু মােতায়েন কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি,

|

হায় বিনে ক’বলৈ একো নাই…

নিতুপৰ্ণ ৰাজবংশীৰ টাইমলাইনৰ পৰা… জুন ২৩।তিনিদিন পাৰ হ’ল। অসমৰ মাটিতেই এগৰাকী অসমীয়া মহিলাক বিদেশী সজাই চোঁচৰাই লৈ গৈ কাৰাগাৰত ৰখা হ’ল।আৰু আজিলৈ কোনো এজন অসমীয়া, কোনো এটা জাতীয় সংঠন, বুদ্ধিজীৱী, সচেতন লেখক-শিল্পী, গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত আহি প্ৰচাৰৰ নিমিত্তে অকল ফ’টোৰ বাবে প’জ দিয়া হঠাৎ ‘দেশপ্ৰেমিক’সকল, ঐতিহ্যমণ্ডিত ক’লেজ-বিশ্ববিদ্যালয়ৰ সচেতন বিদ্ৰোহী ছাত্ৰ-ছাত্ৰীবৃন্দ, সোঁ-বাওঁ, তল-ওপৰ, সৰ্বশৰীৰপন্থী ছাত্ৰ সংঠন, দল, মহিলা সংঠন, মানৱাধিকাৰ সংঠন,ন্যায় যুঁজত স্ব-ইচ্ছাৰে সহায় কৰিবলৈ সময় সাপেক্ষে জাগি থকা উকীল সংঠন, ঘটনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যাপ্তি দেখি চল চাই কঠিয়া পৰা সমাজ সচেতক, গীত কবিতাৰ ৰচকসকল কোনো জাগি নুঠিল; সকলো নিমাওমাও আজি। ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক’১৬’ৰ বিৰোধিতা কৰি দেশ আৰু জাতি ৰক্ষাৰ সপক্ষে সৰৱ হৈ পৰা সকলৰ পৰা এই দেশৰেই এগৰাকী

চিৰাঙৰ বোমাতংক, দুটা আই ই ডি উদ্ধাৰ : বোমা বিশেষঞ্জ নোহোৱাত নিশ্চিত হ’ব পৰা নাই আৰক্ষী

চিৰাং ব্যুৰ’ : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূব একংকৰবাৰী গাঁৱৰ পথৰ দাঁতিত দুটাকৈ বোমাসদৃশ সামগ্ৰী উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে পথৰ দাঁতিত সন্দেহজনক অবস্থাত এটা গামোচাৰে মৰিয়াই থোৱা আন এটা দহ মিটাৰ আঁতৰত ক’লা প্লাষ্টিকেৰে মেৰিয়াই বাহঁনিৰ তলত বোমা সদৃশ সামগ্ৰী পেলাই থোৱা অবস্থাত প্ৰত্যক্ষ কৰি ঢালিগাঁও থানাৰ আৰক্ষীক খবৰ দিয়ে আৰু খবৰ লাভ কৰি ঘটনা স্থলীত আৰক্ষী লোক উপস্থিত হয়। এই বোমা উদ্ধাৰ হোৱা ঘটনা ৰাইজৰ মাজত বিয়পি পৰাত এলেকাজুৰি আতংকময় পৰিবেশৰ সৃষ্টি হয়।  নিৰাপত্তাৰ খাতিৰত আৰক্ষীয়ে উৎসুক ৰাইজক নিৰ্দিষ্ট দূৰত্বত আতৰাই পঠিয়াই বোমা দুটা বোমা নিৰোধক ব্লেংকেটেৰে ঢাকি দিয়ে। সন্ধিয়াৰ আগে আগে পৰিস্থিতিৰ বুজ ল’বলৈ বোমা উদ্ধাৰ হোৱাস্থলীত উপস্থিত হয় চিৰাং জিলা আৰক্ষী

অসমত কৃষিভিত্তিক অর্থনৈতিক জৰীপৰ ব্যৱস্থা

গুৱাহাটী : পাৰ্লিয়ামেন্টৰী ষ্টেনডিং কমিটীয়ে চলিত বৰ্ষৰ ১৮ আৰু ১৯ এপ্রিলত ৰাজ্যৰ কৃষি খণ্ড পৰিদৰ্শনৰ সময়ছােৱাত ৰাজ্য চৰকাৰলৈ গ্রামাঞ্চলৰ প্রাথমিক বজাৰসমূহৰ বৰ্তমানৰ অৱস্থা, কার্যক্ষমতা আৰু আন্তঃগাঁথনি সম্বন্ধে অৱগত হােৱাৰ বাবে জৰিপ চলােৱাৰ লগতে কৃষকসকলৰ জনমূৰি আয়ৰ ওপৰতাে জৰিপ চলােৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল যাতে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিব পৰা যায়। সেই অনুসৰি ৰাজ্যিক সংস্কাৰ আৰু ৰূপান্তৰ আয়ােগ (চিতা)ৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ আৰু যােৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্যৰ সৈতে হােৱা আলােচনা মর্মে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত উক্ত জৰিপ কার্য চলােৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়। এনেধৰণৰ জৰীপে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি বিশেষকৈ কৃষি আৰু ইয়াৰ সৈতে জড়িত বিভাগসমূহৰ আঁচনিসমূহ সঠিকভাৱে