Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 10:22 am

Home » সম্পাদকীয় » হায় বিনে ক’বলৈ একো নাই…

হায় বিনে ক’বলৈ একো নাই…

নিতুপৰ্ণ ৰাজবংশীৰ টাইমলাইনৰ পৰা…

জুন ২৩।তিনিদিন পাৰ হ’ল। অসমৰ মাটিতেই এগৰাকী অসমীয়া মহিলাক বিদেশী সজাই চোঁচৰাই লৈ গৈ কাৰাগাৰত ৰখা হ’ল।আৰু আজিলৈ কোনো এজন অসমীয়া, কোনো এটা জাতীয় সংঠন, বুদ্ধিজীৱী, সচেতন লেখক-শিল্পী, গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত আহি প্ৰচাৰৰ নিমিত্তে অকল ফ’টোৰ বাবে প’জ দিয়া হঠাৎ ‘দেশপ্ৰেমিক’সকল, ঐতিহ্যমণ্ডিত ক’লেজ-বিশ্ববিদ্যালয়ৰ সচেতন বিদ্ৰোহী ছাত্ৰ-ছাত্ৰীবৃন্দ, সোঁ-বাওঁ, তল-ওপৰ, সৰ্বশৰীৰপন্থী ছাত্ৰ সংঠন, দল, মহিলা সংঠন, মানৱাধিকাৰ সংঠন,ন্যায় যুঁজত স্ব-ইচ্ছাৰে সহায় কৰিবলৈ সময় সাপেক্ষে জাগি থকা উকীল সংঠন, ঘটনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যাপ্তি দেখি চল চাই কঠিয়া পৰা সমাজ সচেতক, গীত কবিতাৰ ৰচকসকল কোনো জাগি নুঠিল; সকলো নিমাওমাও আজি। ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক’১৬’ৰ বিৰোধিতা কৰি দেশ আৰু জাতি ৰক্ষাৰ সপক্ষে সৰৱ হৈ পৰা সকলৰ পৰা এই দেশৰেই এগৰাকী অসহায় জননীৰ হকে এষাৰ মাত শুনিবলৈ নাপালো। নাইতো নাই অসমীয়া সংবাদ মাধ্যমেও এই লৈ এটা কলম কিম্বা ৩০ চেকেণ্ড হ’লেও খৰছ নকৰিলে।
বি:দ্ৰ: আজিলৈ মদ আৰু গাহৰিৰে বৰভোজ দিব নোৱৰাৰ বাবেই কোচ ৰাজবংশী জনগোষ্ঠীৰ কাষত ঠিয় হৈ তেওঁলোকৰ সপক্ষে এটা শব্দও উচাৰিত নহ’ল তথাকথিত বুদ্ধিজীৱী আৰু সচেতনসৱৰ।
গুৰুত্বপূৰ্ণ যে, চিৰাং জিলাৰ অন্নবালা ৰায় মহিলা এগৰাকীক ডিটেনচনশ্বন কেম্পলৈ প্ৰেৰণ কৰিছে । বিদেশী ন্যায়াধীকৰণে ” ডি” ভোটাৰ হিচাপে ঘোষণা কৰা মহিলা গৰাকীৰ ঘৰ জিলাখনৰ একংৰবাৰীত । কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলা গৰাকীয়ে ১৯৬০ চনৰ মাটিৰ নথি, ভোটাৰ পৰিচয় পত্ৰ, ১৯৮৫ চনৰ ভোটাৰ তালিকা , বিদ্যালয়ৰ প্ৰমাণপত্ৰ আদি নথি দাখিল কৰাৰ পিছতো ঢালিগাঁও আৰক্ষীৰ সীমান্ত শাখাই মহিলা গৰাকীক আটক কৰি ন নিজ ঘৰৰ পৰা চোঁচৰাই নি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে । পিছে এই ঘটনাত কোনো গ্লেমাৰ সৃষ্টি নহ’ল বাবেই ক’তো গৰজি নুঠিল প্ৰতিবাদৰ আৰাও। তিনিদিন পৰম আশাৰে বাট চালো এগৰাকী অসমীয়াৰ হ’কে অসমীয়াৰ খামি জাগি উঠিব বুলি। কিন্তূ….!!
ফ’টো আৰু সংবাদ সৌজন্য : Uttam Kumar Barman

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি