Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:04 pm

Home » আঞ্চলিক » ধুমকুৰা সমবায় সমিতিৰ সাধাৰন নিৰ্বাচনক লৈ ক্ষুদ্ধ ৰাইজ

ধুমকুৰা সমবায় সমিতিৰ সাধাৰন নিৰ্বাচনক লৈ ক্ষুদ্ধ ৰাইজ

মৰিগাঁওঃ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ধুমকুৰা সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অহা পাচ জুলাই তাৰিখে অনুস্ঠিত হব লগীয়া সমবায় সমিতিখনৰ সাধাৰণ নিৰ্বাচনত বৰ্তমানৰ সমবায় পৰিচালনা সমিতিখনে চুড়ান্ত মইমতালি আৰু নিৰ্বাচনী বিধি অৱমাননা কৰাৰ গুৰুত্বৰ অভিযোগ কৰিছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা পাৰ্থী সকলে। উল্লেখ্য যে সমিতিখনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ইতিমধ্যে ২৮ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয় পত্ৰ সমিতিৰ কাৰ্য্যলয়ত দাখিল কৰিছে। ইয়াৰে ৭ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচনত জয়ী হোৱা বিপৰীতে ৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়াব নোৱাৰিব বুলি ঘোষনা কৰা হয়। আৰ্চয্যজনক বিষয় যে নিজৰ গাঠিৰ ধন জমা দি মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত অৱশেষত নিৰ্বাচনত প্ৰতিদন্দিতাৰ পৰা বঞ্চিত হোৱাত ক্ষুদ্ধ হৈ পৰিছে প্ৰাৰ্থীৰ লগতে সমথৰ্ক ৰাইজ। অভিযোগ অনুসৰি ধুমকুৰা সমবায় সমিতিৰ সম্পাদক, চেয়াৰমেনকে ধৰি জিলাখনৰ একাংশ বিষয়াৰ ৰহস্যজনক স্হিতিৰ বাবে বঞ্চিত হব লগা হৈছে পাৰ্থীসকল। ইপিনে,সমিতিখনৰ পৰিচালনা সমিতিয়ে ৰাইজক নিৰ্বাচনী নিৰ্দ্দেশনা অৱগত নকৰি ২০০৭ চনৰ পৰা সমিতিখনত অনুস্হিত হোৱা সাধাৰণ সভাত প্ৰাৰ্থীসকলৰ চহী নথকাৰ বাবে নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়াব নোৱাৰে বুলি কৈ নীতিবহিৰ্ভূতভাৱে প্ৰাৰ্থীসকলক বঞ্চিত কৰিব বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে হস্তক্ষেপৰ দাবী জনাইছে প্ৰাৰ্থীসকলে। অন্যথা বঞ্চিত প্ৰাৰ্থীসকলে আদালতৰ দাৰস্ত হোৱাৰ কথা সদৰি কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি