বাঘবৰৰ বিধায়ক শ্বেৰ্মনৰ সমষ্টিত ব্যাপক দুর্নীতি : তদন্ত আৰম্ভ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ
তদন্ত প্রক্রিয়াত বিভিন্ন ধৰণে বাধা দিয়াৰ অপচেষ্টা বিধায়ক ঘনিষ্ঠৰ বাঘবৰ : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বিধায়ক উন্নয়ন পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযােগ উত্থাপিত হৈছে। ৰাজহুৱা অভিযােগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে বাঘবৰ সমষ্টিৰ বিভিন্ন প্রান্তত চৰজমিন তদন্ত আৰম্ভ কৰিছে। মুখ্যমন্ত্রী তদাৰকী কোষৰ উপআৰক্ষী অধীক্ষক পৰেশ দাসৰ নেতৃত্বত অহা দলটিয়ে সমষ্টিটোৰ বিভিন্ন প্রান্তত উপস্থিত হৈ পথ নির্মাণৰ নামত সংঘটিত বিয়াগােম কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে। সমষ্টিটোৰ বিভিন্ন এলেকাৰ মুঠ চৈধ্যটা পথৰ মাটি পূৰণৰ কামৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটিয়ে। উল্লেখ্য, এই পথকেইটাত মাটি পেলােৱাৰ নামত ইতিমধ্যে বিধায়ক উন্নয়ন পুঁজিৰ পৰা প্রায় ৬৫ লাখ টকা সৰকাই নিয়া হৈছে। অভিযােগ অনুসৰি, ধন আত্মসাৎ কৰাৰ