Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 5:36 pm

Home » আঞ্চলিক » কোকৰাঝাৰ যুৱ-কংগ্ৰেছৰ ফলাফল ঘোষিতঃ উৎফুল্লিত সতীৰ্থ-সমৰ্থক

কোকৰাঝাৰ যুৱ-কংগ্ৰেছৰ ফলাফল ঘোষিতঃ উৎফুল্লিত সতীৰ্থ-সমৰ্থক

গোসাঁইগাওঁ: যোৱা ২৪ জুন তাৰিখৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যৰ অধিকাংশ জিলাতে অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছৰ ৰাজ্যিক, জিলা ভিক্তিক আৰু বিধানসভা সমষ্টিভিক্তিক মূল পদবীধাৰীসকলৰ নিৰ্বাচন। উক্ত নিৰ্বাচন সমুহৰ ফলাফল বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। প্ৰাপ্ত তথ্য মতে, কোকৰাঝাৰ জিলাত কোকৰাঝাৰ জিলা আৰু জিলাৰ অন্তৰ্গত তিনিটাকৈ বিধানসভা সমষ্ঠিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদৰ নিৰ্বাচনৰ ফলাফল বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা মহিদুল ইছলামে ৯৮ টা ভোট পোৱাৰ বিপৰীতে সাহাৰ আলী সৰকাৰে ২৩০ ভোট লাভ কৰি বিজয় সাব্যস্থ কৰে। কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা চাৰিজনৰ ভিতৰত হাছিনুৰ আলীয়ে ১৬টা ভোটৰ ব্যৱধানত নিকটৱৰ্তী প্ৰাৰ্থী হাফিজুৰ ৰহমান ভূঞাক পৰাস্থ কৰে। উল্লেখযোগ্য যে হাছিনুৰ আলীয়ে ১৩৭টা ভোট লাভ কৰিছিল। বিধান সভা সমষ্টি ভিক্তিক গোসাঁইগাওঁ বিধান সভা সমষ্টি সমিতিৰ সভাপতিৰ পদত ছাদ্দাম হুছেইনে ১৬৬ ভোটত, কোকৰাঝাৰ পশ্চিম বিধান সভা সমষ্টিত আমিৰ হুছেইনে ৬৮ ভোটত আৰু কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত ছামৰুল ইছলামে বিজয়ৰ শেষ হাঁহি মাৰে। প্ৰসংগক্ৰমে উল্লেখ থাকে যে আগন্ত্তক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ বিজয় হ’ব বুলি একাংশই মতপোষণ কৰিছে যদিও সময়েহে সকলো কথা কব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি