Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:29 am

Home » আঞ্চলিক » বন্ধ হব পাৰে উত্তৰপূব কয়লা ক্ষেত্ৰ 。মাৰ্ঘেৰিটাত কলইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীৰ প্ৰতিবাদ …

বন্ধ হব পাৰে উত্তৰপূব কয়লা ক্ষেত্ৰ 。মাৰ্ঘেৰিটাত কলইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীৰ প্ৰতিবাদ …

মাৰ্ঘেৰিটা : ইতিহাস প্ৰসিদ্ধ উত্তৰ পূব কয়লা ক্ষেত্ৰ এতিয়া অসমত বন্ধ হোৱাৰ দিশে গতি কৰিছে৷ অসম চৰকাৰ তথা বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ চুৰান্ত হেমাহিৰ বাবে যিকোনো সময়ত বন্ধ হৈ পৰিব পাৰে উত্তৰ পূব কয়লা ক্ষেত্ৰ৷ হয় ১৮৮৩ চনতে কয়লা উৎপাদনৰ পক্ৰিয়া আৰম্ভ কৰা কলইণ্ডিয়ালৈ এতিয়া নামি আহিছে অশনি সংকেত৷ 
উদ্যোগটো চলাই নিয়াৰ ক্ষেত্ৰত যি প্ৰৰ্যাপ্ত ভুমিৰ প্ৰয়োজন অসম চৰকাৰে সেয়া বৰ্তমানওঁ স্পষ্ট কৰি নিদিয়াৰ ফলত বন্ধ হৈ পৰিব পাৰে উত্তৰপূব কয়লা ক্ষেত্ৰ৷ ইতিমধ্যে কৰ্মচাৰী সকলক ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰলৈ বদলীকৰনৰ নিৰ্দেশ জাৰী কৰা হৈছে৷ 
ইফালে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ সলনি কয়লা উৎপাদন পক্ৰিয়া অব্যাহত ৰাখিবলৈ এটা ব্যক্তিগত কোম্পানিক সমস্ত দায়িত্ব হস্তান্তকৰনৰ পক্ৰিয়া পূৰ্নগতিত চলি থকাৰ খবৰ আহি পৰিছে৷ টাটা ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ এটা ব্যক্তিগত কোম্পানীৰ হাতত কয়লা উৎপাদনৰ সম্পূৰ্ন দায়িত্ব অৰ্পন কৰাৰ কথা বিশেষ সুত্ৰে জানিব পৰা গৈছে৷ যাক লৈ উত্তৰপূব কয়লাক্ষেত্ৰত কৰ্মৰত অৱস্থাত থকা কৰ্মচাৰী সকল চিন্তাম্বিত হৈ পৰিছে৷ যিহেতু ব্যক্তিগত কোম্পানীৰ অধিনলৈ যোৱাৰ পাছত বৰ্তমান কৰ্মৰত কৰ্মচাৰী সকলৰ চাকিৰৰ নিশ্চিয়তা নোহোৱা হৈ পৰাটো স্বাভাৱিক৷ 
যাৰ বাবে ক্ষোভিত হৈ আজি মাৰ্ঘেৰিটাত প্ৰায় তিনি শতাধিক কলইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰে৷ অসম চৰকাৰ হায় হায় , উত্তৰ পূব কয়লাক্ষেত্ৰ জীয়াই ৰাখক, বদলীকৰনৰ নিৰ্দেশ বাতিল কৰক আদি বিভিন্ন শ্ল-গানেৰে কৰ্মচাৰী সকলে মাৰ্ঘেৰিটাস্থিত ইণ্ডিয়া ক্লাৱৰ পৰা উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মুখ্য কাৰ্যলয়ৰ লৈকে পদযাত্ৰা কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকৰ স্পষ্ট মত উত্তৰ পূব কয়লা ক্ষেত্ৰক ষড়যন্ত্ৰমুলক ভাৱে বন্ধ কৰাৰ যি নীতি গ্ৰহন কৰা হৈছে সেয়া কেতিয়াওঁ গ্ৰহন যোগ্য হব নোৱাৰে৷ অসম চৰকাৰ তথা বন বিভাগৰ চুৰান্ত হেমাহীৰ বাবেই বন্ধ হোৱাৰ উপক্ৰম ঘটিছে উত্তৰপূব কয়লা ক্ষেত্ৰ৷ সেয়েহে চৰকাৰক সময় থাকোতেই বিষয়টোক গুৰুত্বসহকাৰে লৈ ইতিহাস প্ৰসিদ্ধ উত্তৰ পূব কয়লা ক্ষেত্ৰক জীয়াই ৰাখিবলৈ আহবান জনালে উদ্যোগটোৰ লগত জড়িত বিষয়া কৰ্মচাৰী সকলে৷ নহলে পৰৱৰ্তী সময়ত কৰ্মচাৰী সকলে উত্তৰপূব পুব কয়লাক্ষেত্ৰক জীয়াই ৰখাৰ স্বাৰ্থত জংগী আন্দোলনৰ কাৰ্যসূচীওঁ গ্ৰহন কৰিবলৈ সাজু থকা বুলি হুংকাৰ প্ৰদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি