লামডিঙত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা

স্বপন দাস, লামডিং : চলিত মাহৰ ৩১ আগষ্ট তাৰিখে প্ৰকাশ পাৱ এন আৰ চিৰ চুড়ান্ত তালিকা৷ এন আৰ চি তালিকা প্ৰকাশ পোৱা ক্ষেত্ৰত যাতে জনসাধাৰণ শংকিত নহয় তাক লৈ সজাগতা মূলক সভা অনুষ্ঠিত কৰিছে হোজাই জিলা প্ৰশাসনে৷ বৃহস্পতিবাৰে লামডিং আজাদ হিন্দ লাইব্ৰেৰী প্ৰেক্ষাগৃহত হোজাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতামূলক সভা৷ উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতিম বুঢ়াগোহাঁই, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, লামডিং পৌৰসভাৰ সভা নেত্ৰী স্বস্তিকা ৰাউত আৰু বহু বিশিষ্ট ব্যক্তি উপস্হিত থাকে |লামডিংৰ এই সজাগতা সভাত নাম এন আৰ চিৰ তালিকাত নাম কৰ্তন হৈছে তাক লৈ চিন্তিত উপাযুক্ত মহোদয়ে লগতে কয় যে,পূৰ্বেই তালিকাত নাম অহা সকলক বাদ দি, যি সকলক সাক্ষী আৰু নতিচ কৰা হৈছিল সেইসকল এন

|

মোবাইলত ব্যস্ত মাক :: সন্তানক এৰি থৈ গ’ল অটোৰিক্সাতে

ৱেব সংবাদ : মোবাইল ফোন আজিকালি সকলোৰে হাতে হাতে৷ ৰাস্তাৰে গৈ থাকোতে, বাছ বা অটোৰিক্সাত গৈ থাকোতে, বাছ আস্থানত ৰৈ থাকোতে, আনকি কার্যালয়ত থাকোতেও মানুহে মােবাইল ফোনটো হাতত লৈ ব্যস্ত হৈ থাকে। এতিয়া মােবাইল ফোনেই যেন সকলােৰে জীৱন’ হৈ পৰিছে। কিন্তু মােবাইল ফোনত ব্যস্ত হৈ থাকি মানুহে নিজৰ কণমানি সন্তানক এৰি থৈ যাব পাৰেনে? বর্তমান এয়াও সম্ভৱ হৈছে।  এগৰাকী মহিলাই মােবাইল ফোনত কথা পাতি ইমানেই ব্যস্ত হৈ পৰে যে অটোৰিক্সাতে তেওঁ কণমানি সন্তানক এৰি থৈ আহে। অটোৰিক্সা চালকে কণমানিটো কান্ধত লৈ মহিলাগৰাকীৰ পাছে পাছে চিঞৰি চিঞৰি মতাৰ পাছতাে মহিলাগৰাকীৰ তালৈ ভ্রুক্ষেপ নাছিল। তেওঁ মাথোঁ মােবাইল ফোনত কথা পতাতহে ব্যস্ত হৈ পৰিছিল। উপায়হীন হৈ অটোচালকজনে কণমানিটোক দাঙি খৰ খােজেৰে মহিলাগৰাকীৰ ওচৰ

বন্ধ হ’ল বন্ধ ৰেপিড’ সেৱা : নাছিল অনুজ্ঞাপত্র বা অনুমতি

গুৱাহাটী : এতিয়াৰে পৰা মহানগৰৰ ৰাজপথত দেখা নাযাব দুচকীয়া বাহনেৰে যাত্রী কঢ়িওৱা ৰেপিড’ সেৱাৰ বাহন৷ উল্লেখযোগ্য যে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা যাৱতীয় অনুজ্ঞাপত্র বা অনুমতি নোহোৱাকৈ বিগত বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত ৰেপিড’ই আৰম্ভ কৰিছিল দুচকীয়া বাহনেৰে যাত্রী কঢ়িওৱা সেৱা৷ কিন্তু অবৈধভাৱে মহানগৰত আৰম্ভ কৰা এনে সেৱাৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ৷ পৰিবহণ আয়ুক্ত বীৰেন্দ্র মিট্টাল আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নির্দেশ অনুসৰি জিলা পৰিবহণ বিষয়া বাপন কলিতাই যোৱা ২৫ আগষ্টত ৰেপিড’ কর্তৃপক্ষক তিনিদিনৰ ভিতৰত যাৱতীয় নথি-পত্র দাখিল কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু পৰিতাপৰ কথা যে অবৈধভাৱে ব্যৱসায় কৰি অহা ৰেপিড’ কর্তৃপক্ষই কোনোধৰণৰ নথি-পত্র দাখিল কৰিব নোৱাৰে৷ সেয়ে কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্রাধিকৰণে ৰেপিড’ৰ বিৰুদ্ধে অভিযান

বন্ধ হব পাৰে উত্তৰপূব কয়লা ক্ষেত্ৰ 。মাৰ্ঘেৰিটাত কলইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীৰ প্ৰতিবাদ …

মাৰ্ঘেৰিটা : ইতিহাস প্ৰসিদ্ধ উত্তৰ পূব কয়লা ক্ষেত্ৰ এতিয়া অসমত বন্ধ হোৱাৰ দিশে গতি কৰিছে৷ অসম চৰকাৰ তথা বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ চুৰান্ত হেমাহিৰ বাবে যিকোনো সময়ত বন্ধ হৈ পৰিব পাৰে উত্তৰ পূব কয়লা ক্ষেত্ৰ৷ হয় ১৮৮৩ চনতে কয়লা উৎপাদনৰ পক্ৰিয়া আৰম্ভ কৰা কলইণ্ডিয়ালৈ এতিয়া নামি আহিছে অশনি সংকেত৷  উদ্যোগটো চলাই নিয়াৰ ক্ষেত্ৰত যি প্ৰৰ্যাপ্ত ভুমিৰ প্ৰয়োজন অসম চৰকাৰে সেয়া বৰ্তমানওঁ স্পষ্ট কৰি নিদিয়াৰ ফলত বন্ধ হৈ পৰিব পাৰে উত্তৰপূব কয়লা ক্ষেত্ৰ৷ ইতিমধ্যে কৰ্মচাৰী সকলক ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰলৈ বদলীকৰনৰ নিৰ্দেশ জাৰী কৰা হৈছে৷  ইফালে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ সলনি কয়লা উৎপাদন পক্ৰিয়া অব্যাহত ৰাখিবলৈ এটা ব্যক্তিগত কোম্পানিক সমস্ত দায়িত্ব হস্তান্তকৰনৰ পক্ৰিয়া পূৰ্নগতিত চলি থকাৰ খবৰ আহি পৰিছে৷ টাটা ইণ্ডাষ্ট্ৰীজ

|

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ২০১৯ লৈ ‘অসম নাগৰিক সমাজ’ৰ আদৰণি

গুৱাহাটী : মাত্ৰ দুটা দিনৰ পিছতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব৷ তাত কিমান মানুহৰ নাম থাকিব আৰু তাৰ পৰা কিমান মানুহৰ নাম বাদ পৰিব- সেই বিষয়ে ইতিমধ্যে মানুহৰ মাজত নানা জল্পনা-কল্পনা আৰম্ভ হৈছে৷ চাবলৈ গ’লে, আজি একবিংশ শতিকাত এনে এখন নাগৰিক পঞ্জী প্ৰস্তুত কৰাটো এফালৰ পৰা এক নোহোৱা- নোপজা কথা৷ কিন্তু অসমত কিয় এনে এখন নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলগীয়া হ’ল তাৰ এক ঐতিহাসিক পটভূমি আছে৷  আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু অন্যান্য কাৰণত চুবুৰীয়া অঞ্চলৰ পৰা দেশ বিভাজনৰ আগতে আৰু পিছতো অসমলৈ বুজন সংখ্যক লোকৰ প্ৰব্ৰজন হোৱাটো এক ঐতিহাসিক সত্য৷ বাহিৰৰ মানুহ আহি অসমত আগৰে পৰা বসতি কৰি থকা মানুহখিনিৰ অস্তিত্বই বিপন্ন কৰি পেলাব পাৰে বুলি অসমীয়া মানুহৰ মাজত এক শংকা