Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:36 am

Home » মনোৰঞ্জন » অভিলেখ গঢ়িছে সুশান্ত সিং ৰাজপুতৰ ‘দিল বেচাৰাই : কি আছে সুশান্ত সিং ৰাজপুতৰ শেষ ছবিখনত!

অভিলেখ গঢ়িছে সুশান্ত সিং ৰাজপুতৰ ‘দিল বেচাৰাই : কি আছে সুশান্ত সিং ৰাজপুতৰ শেষ ছবিখনত!

  • অভিলেখ গঢ়িছে সুশান্ত সিং ৰাজপুতৰ ‘দিল বেচাৰাই
  • মুক্তিৰ দুঘণ্টাৰ পিছতে ‘Crash’ হৈ গ’ল Hotstar
  • ছবি মুক্তিৰ তিনি ঘণ্টাৰ ভিতৰতে IMDBত ১০/১০ ৰেটিং পালে দিল বেচাৰাই

মুম্বাই : মানুহৰ হৃদয়ত প্ৰৱেশ কৰা ৰাস্তা যেন ভালকৈয়ে জানিছিল সুশান্ত সিং ৰাজুপুতে। নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত কম দিনৰ ভিতৰতে স্থান লাভ কৰিছিল সুশান্তই।শেষ বাৰৰ বাবে সুশান্তক পৰ্দাত দেখি আবেগিক হৈ পৰিল অনুৰাগীসকল। বহু প্ৰতিক্ষাৰ অন্তত মুক্তি লাভ কৰিলে জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি দিল বেচাৰা। শুকুৰবাৰে হটষ্টাৰত মুক্তিলাভ কৰা ছবি খন এতিয়া ব্যাপক ভাবে আদৰিছে সকলোৱে। একেমুখে প্ৰশংসা কৰিছে সুশান্তৰ অভিনয়।
পুৱা ৭ বজাতে ধুমুহাৰ গতিত দৰ্শক বৃদ্ধি পাই হটষ্টাৰত। আৰু তাৰ দুঘণ্টাৰ পিছতে ক্ৰাচ হৈ যায় হটষ্টাৰ। টুইটাৰযোগে এই খবৰ দিয়ে ছবিখনৰ পৰিচালক হনচল মেহতাই। সিশান্ত সিং ৰাজপুতৰ অভিনয় শেষ বাৰৰ বাবে স্ক্ৰীণত দেখি দৰ্শক হৈ পৰে আবেগিক।ছবিখনে গঢ়িছে ৰেকৰ্ড। মুক্তিৰ তিনিঘণ্টাৰ পিছতে IMDBত ১০/১০ ৰেটিং পালে ‘দিল বেচাৰাই।

কি আছে সুশান্ত সিং ৰাজপুতৰ শেষ ছবিখনত!
আকস্মিকভাৱে অনুৰাগীৰ অন্তৰ উদং কৰি থৈ যোৱা অভিনেতাজনে অভিনয় কৰা শেষ ছবি ‘দিল বেচাৰা’ই এতিয়া অনলাইন প্লেটফৰ্ম ‘ডিজনী হটষ্টাৰ’ত প্ৰচাৰ হৈ আছে। জীৱনমুখী কাহিনীৰ এই ছবিখনৰ পৰিচালক হৈছে মুকেশ চাব্ৰা। জীৱনৰ পৰম্পৰাগত পৰিণতিক প্ৰত্যাহ্বান জনোৱাৰ বাৰ্তা থকা ছবিখনৰ প্ৰতি দৰ্শকৰ আশাপ্ৰদ সঁহাৰি দেখিবলৈ পোৱা গৈছে। জীৱন্ত কিংবদন্তীস্বৰূপ সংগীত পৰিচালক এ আৰ ৰহমানে পৰিচালনা কৰা সংগীতো ছবিখনৰ এক অতুলনীয় সম্পদ।
ছবিখনত সুশান্তৰ সৈতে অভিনয় কৰিছে সঞ্জনা ছাংঘী, ছেইফ আলী খান, জাভেড জাফ্ৰী, স্বস্তিকা মুখাৰ্জী আদিৰ দৰে তাৰকাসকলে। হাঁহিমুখীয়া জীৱনমুখী এজন যুৱক ইমানুৱেল ‘মান্নী’ ৰাজকুমাৰ জুনিয়ৰৰ চৰিত্ৰত সুশান্ত সিং ৰাজপুতৰ সপ্ৰতিভ ৰূপটো শেষবাৰৰ বাবে চোৱাটো তেওঁৰ অনুৰাগীসকলৰ লগতে সকলো চলিচ্চত্ৰপ্ৰেমীৰ বাবেই হ’ব এক বেদনাদায়ক কিন্তু সুন্দৰ অভিজ্ঞতা। ‘দিন বেচাৰা’ক ছবিৰ আলোচকসকলে ৰোগ, মৰ্মবেদনা, প্ৰেম আৰু মৃত্যুৰ ছবি আখ্যা দিছে। যিবোৰ অনুভৱ বা অভিজ্ঞতাই চকুপানীৰ বাটেৰেই জীৱনৰ উজ্জ্বলতৰ দিশটোৰ উদ্ভাসন ঘটাইছে। কাইজী আৰু মানীৰ প্ৰেমৰ ৰসায়নে, জীৱনমুখী অনুসন্ধানে ছবিখনক সজীৱ আৰু প্ৰাণৱন্ত ৰূপ দিছে।
জন গ্ৰীণৰ গ্ৰন্থ ‘দা ফল্ট ইন আৱাৰ ষ্টাৰ্ছ’ আৰু একে নামৰ জ’ছ বনীৰ এখন ছবিৰ আধাৰত ইয়াৰ চিত্ৰনাট্য ৰচনা কৰিছে শশাংক খৈতান আৰু সুপ্ৰতীম সেনগুপ্তই। সাধাৰণ দৰ্শকৰ লগতে কলাৰসিক তথা চলচ্চিত্ৰ সমালোচকৰো প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা ‘দিল বেচাৰা’ এজন অতি প্ৰতিভাশালী অভিনেতাৰ চুটি কিন্তু উজ্জ্বলতৰ অভিনয় জীৱনৰ শেষ আলোকশিখা হিচাপেই চিহ্নিত হৈ ৰ’ব। আমাৰ বুকু গধুৰ কৰি আকস্মিকভাৱে আঁতৰি যোৱা সুশান্তৰ এনে ভালেমান অনিৰ্মিত ছবিৰ সম্ভাৱনাক আমি ‘দিল বেচাৰা’ৰ পূৰ্ণতাৰ মাজেৰেই উপলব্ধি কৰিব পাৰিম।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি