|

সংসাৰ চলাবলৈ পিতৃয়ে বিক্ৰী কৰিলে সদ্যোজাত কন্যা সন্তান

কোকৰাঝাৰ : কোৰোণাৰ ফলত স্তব্ধ দেশ। দীৰ্ঘসময়ৰ ল’ক ডাউনে সমস্যাত পেলাইছে সাধাৰণ লোকক। বহুতে হেৰুৱাইছে কৰ্ম-সংস্থাপন। এই পৰিস্থিতিৰ পৰা দেশবাসীয়ে কেতিয়া পৰিত্ৰাণ পাই, তাৰ কোনো ঠিক নাই। ল’ক ডাউনৰ ফলত সংসাৰ চলাবলৈ সমস্যাত পৰিছে বহুলোক। তেনে সময়তে নিজৰ সংসাৰ চলাবলৈ কোনো ফালে বাট নেদেখি এজন ব্যক্তিয়ে বিক্ৰী কৰি দিলে নিজৰ সদ্যোজাত কন্যা সন্তানক। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰত। দীপক ব্ৰহ্ম নামৰ এজন লোকে নিজৰ ১৫ দিনীয়া কন্যাক বিক্ৰী কৰি দিলে ৪৫ হাজাৰ টকাত। ঘটনাত জড়িত থকাৰ অপৰাধত দীপক আৰু দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ কৰা হৈছে শিশুটিক। ল’ক ডাউনৰ সময়ত সংস্থাপন হেৰুৱালে দীপকে। আৰু সেইসময়তে জন্ম হ’ল এটি কন্যা শিশু।ইয়াৰ পূৰ্বেও দীপকৰ আছে এজনী কন্যা শিশু। দ্বিতীয়গৰাকী কন্যাৰ

| |

অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্তলৈ ৰেড ক্ৰছ সাহাৰ্য্য যোগানৰ ফ্লেগ অফ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পি আই বি : ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ উপস্থিতিত আজি ৰাষ্ট্ৰপতি ভৱনৰপৰা ৰেড ক্ৰছ সাহাৰ্য্য যোগানৰ নখন ট্ৰাকৰ ফ্লেগ অফ কৰে। ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি (IRCS) ৰ অধ্যক্ষ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিজন। অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্ত লোকসকলৰ অৰ্থে এই সাহাৰ্য্য যোগান দিল্লীৰপৰা সংশ্লিষ্ট ৰাজ্যসমূহলৈ ৰেলৰদ্বাৰা কঢ়িওৱা হ’ব আৰু এই ৰাজ্যসমূহৰ ৰাজ্যিক ৰেড ক্ৰছ শাখাসমূহে এয়া গ্ৰহণ কৰিব। এই সাহাৰ্য্য সা-সামগ্ৰীসমূহৰ ভিতৰত আছে তিৰপাল, তম্বু, শাৰী, ধূতি, কপাহী ব্লেংকেট, পাকঘৰৰ সা-সৰঞ্জাম, আঁঠুৱা, বিচনা চাদৰ, বাল্টি আৰু দুটা পানী বিশুদ্ধিকৰণ ইউনিট। ৰাষ্ট্ৰপতি কোবিন্দই ফ্লেগ অফ কৰা সাহাৰ্য্য সামগ্ৰীসমূহৰ ভিতৰত তদুপৰি ছাৰ্জিকেল মাস্ক, পিপিই কিট, গ্ল’ভছ আৰু ফেছ শ্বীল্ডৰ দৰে ক’ভিড-১৯ৰ সংক্ৰমণ

১৯ ছেপ্টেম্বৰৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ; ৮ নৱেম্বৰত ফাইনেল

নতুন দিল্লী : অন্ত পৰিল সকলো জল্পনা–কল্পনাৰ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ সংযুক্ত আৰব আমীৰ শ্বাহীত হ’বলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অধ্যক্ষ ব্রিজেশ পেটেলে সংবাদ প্রতিষ্ঠানৰ আগত এই কথা সদৰী কৰিছে৷ ইতিমধ্যে ফ্রেনচাইজীকেইটাক প্রতিযোগিতাখন আয়োজনৰ সন্দর্ভত জনোৱা হৈছে৷ আই পি এলখনৰ সময়সূচীখন অহা সপ্তাহত হ’বলগীয়া আই পি এলৰ গৱর্নিং কাউঞ্চিলৰ বৈঠকত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰি আই পি এলৰ অধ্যক্ষ ব্রিজেশ পেটেলে লগতে কয় যে এইবাৰৰ প্রতিযোগিতাখন ৫১দিন ধৰি চলিব৷ সংযুক্ত আৰব আমীৰ শ্বাহীত হ’বলগীয়া আই পি এলখনত ফ্রেনচাইজীসমূহে এক মাহৰ ভিতৰত তাত উপস্থিত হ’ব৷ ক’ৰোনাৰ আতংক আৰু তাৰ

অভিলেখ গঢ়িছে সুশান্ত সিং ৰাজপুতৰ ‘দিল বেচাৰাই : কি আছে সুশান্ত সিং ৰাজপুতৰ শেষ ছবিখনত!

অভিলেখ গঢ়িছে সুশান্ত সিং ৰাজপুতৰ ‘দিল বেচাৰাই মুক্তিৰ দুঘণ্টাৰ পিছতে ‘Crash’ হৈ গ’ল Hotstar ছবি মুক্তিৰ তিনি ঘণ্টাৰ ভিতৰতে IMDBত ১০/১০ ৰেটিং পালে দিল বেচাৰাই মুম্বাই : মানুহৰ হৃদয়ত প্ৰৱেশ কৰা ৰাস্তা যেন ভালকৈয়ে জানিছিল সুশান্ত সিং ৰাজুপুতে। নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত কম দিনৰ ভিতৰতে স্থান লাভ কৰিছিল সুশান্তই।শেষ বাৰৰ বাবে সুশান্তক পৰ্দাত দেখি আবেগিক হৈ পৰিল অনুৰাগীসকল। বহু প্ৰতিক্ষাৰ অন্তত মুক্তি লাভ কৰিলে জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি দিল বেচাৰা। শুকুৰবাৰে হটষ্টাৰত মুক্তিলাভ কৰা ছবি খন এতিয়া ব্যাপক ভাবে আদৰিছে সকলোৱে। একেমুখে প্ৰশংসা কৰিছে সুশান্তৰ অভিনয়। পুৱা ৭ বজাতে ধুমুহাৰ গতিত দৰ্শক বৃদ্ধি পাই হটষ্টাৰত। আৰু তাৰ দুঘণ্টাৰ পিছতে ক্ৰাচ হৈ যায় হটষ্টাৰ। টুইটাৰযোগে এই

| |

ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ ৰক্ষাৰ যুঁজ : বিজেপিৰ ষড়যন্ত্ৰ আখ্যা

জয়পুৰ : ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ ৰক্ষাৰ যুঁজ অব্যাহত আছে। উপ-মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি শচীন পাইলটৰ বিদ্ৰোহে স্থিতি থৰক-বৰক কৰা চৰকাৰ ৰক্ষাৰ বাবে অধিক ক্ষিপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰী অশোক গেহলট। ততকালীনভাৱে বিধানসভাৰ অধিৱেশন বিচৰা গেহলটে ইয়াকে লৈ সংঘাতত লিপ্ত হৈছে ৰাজ্যখনৰ ৰাজ্যপাল কলৰাজ মিশ্ৰৰ সৈতেও। বিধানসভাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে অধিৱেশন অনুষ্ঠিত কৰিব বিচৰা গেহলটে ৰাজ্যপালৰ পৰা এই সম্পৰ্কীয় অনুমোদন নোপোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে। তেওঁ ইয়াক বিজেপিৰ ষড়যন্ত্ৰ আখ্যা দিছে। আজি কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠকত নেতৃত্ব দি গেহলটে কংগ্ৰেছ বিধায়কসকলক কয় যে, ৰাজ্যপালৰ কাষলৈকে নহয়, প্ৰয়োজনত ৰাষ্ট্ৰপতিৰ কাষ চাপিবলৈকো তেওঁ সাজু আছে। কালি দীঘলীয়া সময় ধৰি ৰাজ্যপালৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত আজি পুনৰ তেওঁ ৰাজ্যপালক একে দাবীৰে

|

মানাহৰ প্ৰকৃতি নীড় ল’জত নাৰীদেহৰ ৰমৰমীয়া বেহা

গোৱৰ্ধনা : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা প্ৰকৃতি নীড় ল’জত দৈনিক সংঘটিত হয় নাৰীদেহৰ অবৈধ বেহা৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ ঘটনাত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ লগতে লজখন ছীল কৰাৰ দাবী জনাইছে বিভিন্ন ছাত্ৰ সংগঠনে৷ লকডাউনৰ সুযোগ লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি লগা পৰ্যটক আবাসত চলিছে নাৰীদেহৰ অবৈধ বেহা৷ লজসমূহত বৰ্তমানে লকডাউনৰ বাবে পৰ্যটকৰ আহ-যাহ সম্পূৰ্ণ বন্ধ যদিও লোকচক্ষুৰ আঁৰত এচামে চলাইছে নাৰীদেহৰ ব্যৱসায়৷ য’ত সহযোগ কৰিছে ল’জত নিয়োজিত কৰ্মচাৰীয়ে৷ লজসমূহ বন্ধ থকাৰ মাজতে দিনৰ পোহৰতে প্ৰকৃতি নীড় নামৰ এই লজখনলৈ এইখন নাম্বাৰ প্লেটবিহীন বেলেনো গাড়ীত নৈশযাপনৰ বাবে আহিছিল দুই যুৱক আৰু তিনি যুৱতী৷ হিন্দু জাগৰণ মঞ্চৰ সদস্যৰ লগতে স্থানীয় লোকে ঘটনাৰ সম্ভেদ

|

অখিল গগৈৰ মুক্তিৰ দাবীত সুহাবিল দলনীত উত্তাল প্ৰতিবাদ

বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ : দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ পাজাৰভাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত সুহাবিল দলনীত আজি দিনৰ ১০ বজাত সামাজিক দূৰত্বৰ নিয়ম অৱলম্বন কৰি পাজাৰভাঙ্গা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলা গঢ়ি উত্তাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে৷  বানপানীৰ প্ৰকোপক নেওচি শতাধিক কৰ্মীয়ে সুহাবিল দলনীত উপস্থিত হয়৷ হাতে হাতে অখিল গগৈৰ মুক্তিৰ বিভিন্ন প্লেকাৰ্ড লৈ মানৱ শৃঙ্খলা গঢ়ি ৰাজপথৰ দাতিত থিয় থাকে আৰু অখিল গগৈৰ মুক্তি বাবে চৰকাৰৰ ওচৰত দাবী জনায়৷ সন্থাৰ সদস্য সকলে জয় আই অসম , অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক , উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক, বিজেপি চৰকাৰ হায় হায়! সৰ্বানন্দ সোণোৱাল লেই লেই ছেই ছেই , দেবাংগনা কলিতাক মুক্তি দিয়ক৷ বাংলাদেশীৰ দালাল হিমন্ত শৰ্মা গো বেক৷