সজাগ হওক সুৰক্ষিত থাককঃ মোদী

ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনে বিশ্বজুৰি শংকাময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে এই নতুন প্রকৰণক লৈ দেশবাসীক সকীয়নি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভৰ পূর্বে সাংবাদিকক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে নতুন প্রকৰণ অমিক্রনে বিশ্বব্যাপী শংকাৰ সৃষ্টি কৰিছে৷ এই নতুন প্রকৰণটোক লৈ দেশবাসী সজাগ হৈ থাকিব লাগিব, তেতিয়াহে দেশবাসী সুৰক্ষিত হৈ থাকিব৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে মহামাৰীৰ প্রত্যাহ্বানৰ সময়ত ১০০ কোটি ভেকচিনৰ ড’জ প্রদানেৰে দেশে অভিলেখ গঢ়াৰ পাছত এতিয়া ডেৰশ কোটি ভেকচিন ড’জৰ দিশে আগবাঢ়ি আছে৷ নতুন ক’ৰোনা ভাইৰাছ প্রকৰণক লৈ সৃষ্ট পৰিস্থিতি সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়্ পুনৰ কয়– ক’ভিড–১৯ৰ নতুন প্রকৰণক লৈ আমি সকলোৱে সজাগ হৈ থকা উচিত৷ উল্লেখ্য যে নতুন প্রকৰণ চিনাক্ত হোৱাৰ পাছতে যোৱা শনিবাৰে প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯

|

অনিমেষ হত্যাকাণ্ড মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাক গ্ৰেপ্তাৰ

যোৰহাটৰ বর্বৰোচিত কাণ্ডই জোকাৰি গৈছে সমগ্র ৰাজ্যখনকে৷ অৱশেষত গ্ৰেপ্তাৰ হ’ল অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লাক। যোৰহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নীৰজ দাসক। উল্লেখ্য যে এই নৃশংস ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰিছিল নীৰজ দাসে। ইফালে কালিৰ বর্বৰোচিত আক্রমণৰ সৈতে জড়িত থকাৰ অভিযোগত ১৩ জন অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ পৰৱৰ্তী সময়ত আৰু কেইবাজনো নৰাধম আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যালয়ৰ পৰা ৰাজ্য জোকাৰি যোৱা ঘটনাটোৰ তদন্ত প্রক্রিয়া নিৰীক্ষণ কৰি থকা হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ চিআইডিয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত৷ আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ছাত্ৰনেতা অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰনোজ পেগু