ইন্দ্ৰানী শইকীয়া-মাইনু ডেকাক সম্বৰ্ধনা গুৱাহাটী : সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ৮ মাৰ্চত অসম লেখিকা সংস্থাৰ বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থায়ো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে ৷ সভাত সভানেত্ৰীৰ আসন শুৱনি কৰে কস্তুৰী নিভা গগৈয়ে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পদিকা দীপা বৰা দত্তই ৷ শাখাৰ সাংস্কৃতিৰ সম্পাদিকা পূৰ্বালি শৰ্মা বৰদলৈয়ে পুৰণি লোকগীত পৰিৱেশন কৰি সকলোকে আবেগিক কৰি তোলে ৷ সভাত হাতীগাওঁ অঞ্চলৰ ৭১ বছৰীয়া মহিলা আন্তৰ্জাতিক ক্ৰীড়াবিদ তথা একালৰ শিৱসাগৰৰ ৰংঘৰ বাকৰিত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা, চৈয়দ আব্দুল মালিককে ধৰি থাইলেণ্ডৰ পৰা বিদেশী বিশিষ্ট ব্যক্তি তথা অতিথিৰ উপস্থিতিত বিহুনাম গাই, নাচি-বাগি সকলোৰে সন্মান আৰু আশীষ লাভ কৰা বিহুৱতী সন্মানীয়া ইন্দ্ৰানী শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ বিশিষ্ট মহিলা উদ্যোগী