গোৱৰ্ধনা : আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। উদ্যানখনৰ বাঁহবাৰীৰ মুখ্য বনাঞ্চলিক কাৰ্যালয়ৰ দ্বিতীয় প্ৰৱেশদ্বাৰত দিনৰ প্ৰায় ১০:৪৫ বজাত এখনি আড়ম্বৰপূৰ্ণ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক এ. এম সিঙে ৰঙা ফিতা কাটি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত শালবাৰীৰ মহকুমাধিপতি নিত্য বিনোদ ৱাৰী, প্ৰাক্তন বনাঞ্চলিক বিষয়াদ্বয় ধৰণীধৰ বড়ো আৰু অনিন্দ স্বৰ্গীয়াৰী, বাঁহবাৰীৰ বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, স্থানীয় আৰক্ষী প্ৰশাসন আৰু বন আৰক্ষী তথা বনকৰ্মী, বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন তথা এন জি ওৰ কৰ্মকৰ্তা আদি উপস্থিত থাকে। মানাহ মুকলিৰ প্ৰাক্ ক্ষণত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন উপলক্ষে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ অংশগ্ৰহণেৰে হাতী- মানুহৰ এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়।