| | |

UPPL vs BPF : গান্ধী জয়ন্তীৰ দিনাই উত্তপ্ত শালবাৰী

নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফৰ : দুৰ্নীতিৰ চিবিআই তদন্তৰ দাবী ইউপিপিএলৰ      বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শালবাৰী বিপিএফৰ অনশন৷ ইপিনে বিটিচিত চলি অহা ১৭ বছৰীয়া দূৰ্নীতিৰ চিবিআই তদন্তৰ দাবীত শালবাৰী মহকুমাধীপতি কায্যালয়ৰ সন্মুখত UPPL এ ৰূপায়ন কৰে ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট৷ কাৰ্য্যসূচীত মহাত্মাগান্ধী গ্ৰামীন ৰোজগাৰ গেৰেন্টী অধিনিয়ম ২০০৫, *চমুকৈ MGNREGA আচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি চি বি আই তদন্ত বিচাৰী প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ইউপিপিএলে৷ উল্লেখযোগ্য যে বিটিচিত ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত পঞ্চম দিনাও উত্তাল শালবাৰী৷ মূলতঃ বিটিচি নিৰ্বাচনক লৈ বিটিচিত ক্ৰমাৎ বাঢ়ি আহিছে ৰাজনৈতিক যুজ৷

| | | | |

পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান

  গোৱৰ্ধনা : আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। উদ্যানখনৰ বাঁহবাৰীৰ মুখ্য বনাঞ্চলিক কাৰ্যালয়ৰ দ্বিতীয় প্ৰৱেশদ্বাৰত দিনৰ প্ৰায় ১০:৪৫ বজাত এখনি আড়ম্বৰপূৰ্ণ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক এ. এম সিঙে ৰঙা ফিতা কাটি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত শালবাৰীৰ মহকুমাধিপতি নিত্য বিনোদ ৱাৰী, প্ৰাক্তন বনাঞ্চলিক বিষয়াদ্বয় ধৰণীধৰ বড়ো আৰু অনিন্দ স্বৰ্গীয়াৰী, বাঁহবাৰীৰ বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, স্থানীয় আৰক্ষী প্ৰশাসন আৰু বন আৰক্ষী তথা বনকৰ্মী, বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন তথা এন জি ওৰ কৰ্মকৰ্তা আদি উপস্থিত থাকে। মানাহ মুকলিৰ প্ৰাক্ ক্ষণত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন উপলক্ষে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ অংশগ্ৰহণেৰে হাতী- মানুহৰ এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা

| |

আহি পালে প্ৰধানমন্ত্ৰীৰ বহু প্ৰতীক্ষিত নতুন ভিভিআইপি বিমান

নতুন দিল্লী: দেওবাৰে ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰপৰা দিল্লী আন্তৰ্জাতিক বিমানবন্দৰত বহু প্ৰতীক্ষিত নতুন ভিভিআইপি বিমানখন লাভ কৰে। ভিভিআইপি বোয়িং ৭৭৭-৩০০ ইআৰ বিমান দুখন বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ-ৰাষ্ট্ৰপতি ভেংকয় নাইডুৱে তেওঁলোকৰ আনুষ্ঠানিক ভ্ৰমণত ব্যৱহাৰ কৰিব। বিমানখনত ইলেক্ট্ৰ’নিক ৱাৰফেয়াৰ ছ্য়ুটৰ উন্নত বিশেষত্ব আৰু নিজস্ব মিছাইল প্ৰতিৰক্ষা প্ৰণালী আছে যাক লাৰ্জ এয়াৰক্ৰাফ্ট ইনফ্ৰাৰড কাউণ্টাৰমেজাৰ্ছ (এলএআইআৰচিএম) বুলি কোৱা হয়, যি মিছাইলৰ বিপদাশংকা প্ৰতিৰোধ কৰিবলৈ সক্ষম। নতুন বিমানখনত অশোক প্ৰতীক আৰু ‘এয়াৰ ইণ্ডিয়া ৱান’ অংকন কৰা আছে আৰু হিন্দীত ‘ভাৰত’ আৰু ইংৰাজীত ‘ইণ্ডিয়া’ দুফালে অংকন কৰা হৈছে। তদুপৰি ‘টেইল’ অংশত ৰাষ্ট্ৰীয় পতাকা অংকন কৰা হৈছে।

| |

এটা দল, এখন পতাকাৰ তলত এটা প্ৰতীক লৈ গঠন হ’ল ‘ৰাইজৰ দল’

গুৱাহাটী : এটা দল, এখন পতাকাৰ তলত এটা প্ৰতীক লৈ শক্তিশালী আঞ্চলিক দলৰ পোষকতা কৰি অহা কৃষক সমিতিয়ে আজি ঘোষণা কৰে নতুন আঞ্চলিক ৰাজনৈতিক দল৷ দলটোৰ নাম ‘ৰাইজৰ দল’৷ নতুন দল ঘোষণাৰ লগতে আজি গঠন কৰা হয় এখন আহ্বায়ক কমিটী৷ মহানগৰীৰ হোটেল গেটৱে’ত অনুষ্ঠিত সংবাদমেলত অখিল গগৈৰ জিন্দাবাদ ধ্বনি দি ৭০সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত ঘোষণা কৰে কৃষক মুক্তিৰ আঞ্চলিক দল ‘ৰাইজৰ দল’৷ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে ঘোষণা কৰা হয় এই দলটো৷ ‘ৰাইজৰ দল’ৰ মুখ্য ৰাজ্যিক আহ্বায়ক হিচাপে থাকিব অখিল গগৈ। লগতে, ভাস্কো ডি শইকীয়া, লোহিত গগৈ, মহেন্দ্ৰ দিহিঙীয়া, অলোক নাথ, হুছেইন মহম্মদ চাহজাহান, জিতুল ডেকা, ৰত্নেশ্বৰ দেউৰী, গিৰি শংকৰ গোস্বামী, ৰুবুল দাসো থাকিব আহ্বায়কৰ দায়িত্বত৷ সমন্বয়ৰক্ষী সমিতিত আছে অলোক

|

পুনৰ ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে উত্তৰপ্ৰদেশত

নতুন দিল্লী : পুনৰ ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে উত্তৰপ্ৰদেশত। হাথৰছ কাণ্ডকে ধৰি ধাৰাবাহিকভাৱে সংঘটিত হোৱা কেইবাটাও ধৰ্ষণ-হত্যাৰ ঘটনাই সমগ্ৰ দেশতে প্ৰবল জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ হত্যাৰ বলি হৈছে ১১বছৰীয়া এগৰাকী কিশোৰী। অতি নৃশংসভাৱে কিশোৰীগৰাকীৰ মূৰ শিল-ইটাৰে থেতেলিয়াই হত্যা কৰে দুৰ্বৃত্তই। বৃহস্পতিবাৰে ৰাজ্যখনৰ পূব প্ৰান্তৰ ভাডোহীত সংঘটিত হোৱা এই নৃশংস কাণ্ডৰ বলি হোৱা কিশোৰীগৰাকী নিম্নজাতৰ আছিল বুলি জানিবপৰা গৈছে। ভাডোহীৰ আৰক্ষীয়ে তিনিজন লোকক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা বুলি জানিবপৰা গৈছে। পথাৰলৈ নিত্যকৰ্মৰ বাবে যোৱা কিশোৰীগৰাকী ঘৰলৈ উভতি আহিবলৈ সক্ষম নহ’ল। পিছত তেওঁৰ পৰিয়ালক লোকে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে হত্যাৰ পূৰ্বে কিশোৰীগৰাকীক ধৰ্ষণ কৰা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰে যে, ‘এতিয়ালৈ নিশ্চিত হোৱা নাই যদিও এয়া ধৰ্ষণৰ ঘটনা

| |

সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ৰাজপথত নচলিব বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা

গুৱাহাটী:সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ পৰা ৰাজ্যত চকা বন্ধৰ আহ্বান সদৌ অসম মটৰ পৰিবহণ সন্থাৰ। দুগুণ ভাড়া বৃদ্ধিৰ দাবীৰে এই সিদ্ধান্ত লৈছে সন্থাই। অৰ্থাত্‍ সোমবাৰৰ পৰা ৰাজ্যত নচলিব বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা! সন্থাই অভিযোগ কৰে যে, ল’ক ডাউনৰ সময়ত তেওঁলোকলৈ চৰকাৰে কোনো ধৰণৰ সহায়ৰ হাত আগনবঢ়ালে। ল’ক ডাউনৰ সময়ত বিভিন্ন ক্ষেত্ৰত দাম বৃদ্ধি কৰা হ’ল। ল’ক ডাউনৰ ফলত হোৱা ক্ষতিৰ পৰা ৰেহাই পাবলৈ এতিয়া বঢ়োৱা হৈছে ডিজেলৰ দাম।  কিন্তু ৫০ শতাংশ যাত্ৰীৰে বৰ্তমান সেৱা আগবঢ়াই থকা ব্যক্তিগত বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা সমূহে বাৰে বাৰে দাবী জনাই অহাৰ পিছতো ভাড়া বৃদ্ধিৰ দাবীক কোনো ধৰণৰ গুৰুত্ব নিদিলে ৰাজ্যৰ পৰিবহণ বিভাগে। সদৌ অসম মটৰ পৰিবহণ সন্থাৰ প্ৰধান দাবীঃ ১. ৫০ শতাংশ পথকৰ ৰেহাই দিব লাগিব।