Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:03 pm

Home » আঞ্চলিক » অসম » অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্তলৈ ৰেড ক্ৰছ সাহাৰ্য্য যোগানৰ ফ্লেগ অফ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্তলৈ ৰেড ক্ৰছ সাহাৰ্য্য যোগানৰ ফ্লেগ অফ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পি আই বি : ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ উপস্থিতিত আজি ৰাষ্ট্ৰপতি ভৱনৰপৰা ৰেড ক্ৰছ সাহাৰ্য্য যোগানৰ নখন ট্ৰাকৰ ফ্লেগ অফ কৰে। ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি (IRCS) ৰ অধ্যক্ষ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিজন।
অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্ত লোকসকলৰ অৰ্থে এই সাহাৰ্য্য যোগান দিল্লীৰপৰা সংশ্লিষ্ট ৰাজ্যসমূহলৈ ৰেলৰদ্বাৰা কঢ়িওৱা হ’ব আৰু এই ৰাজ্যসমূহৰ ৰাজ্যিক ৰেড ক্ৰছ শাখাসমূহে এয়া গ্ৰহণ কৰিব।
এই সাহাৰ্য্য সা-সামগ্ৰীসমূহৰ ভিতৰত আছে তিৰপাল, তম্বু, শাৰী, ধূতি, কপাহী ব্লেংকেট, পাকঘৰৰ সা-সৰঞ্জাম, আঁঠুৱা, বিচনা চাদৰ, বাল্টি আৰু দুটা পানী বিশুদ্ধিকৰণ ইউনিট। ৰাষ্ট্ৰপতি কোবিন্দই ফ্লেগ অফ কৰা সাহাৰ্য্য সামগ্ৰীসমূহৰ ভিতৰত তদুপৰি ছাৰ্জিকেল মাস্ক, পিপিই কিট, গ্ল’ভছ আৰু ফেছ শ্বীল্ডৰ দৰে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰা সা-সামগ্ৰীসমূহো আছে। এই সা-সামগ্ৰীসমূহৰ জৰিয়তে ৰাজ্য কেইখনত অব্যাহত থকা আইআৰচিএছৰ চিকিৎসা সেৱাৰে জড়িত স্বাস্থ্য কৰ্মী তথা বান সাহাৰ্য্য আৰু পুনঃসংস্থাপন প্ৰচেষ্টাৰ সন্মুখত থকা আইআৰচিএছৰ স্বেচ্ছাসেৱকসকলকো সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানত সহায়ক হৈ উঠিব।
উল্লেখযোগ্য যে ক্ষতিগ্ৰস্ত লোকসকলক বিতৰণৰ অৰ্থে ৰাজ্যিক ৰেড ক্ৰছ শাখাসমূহক আইআৰচিএছৰ তৰফৰপৰা পূৰ্বেও সা-সামগ্ৰী আগবঢ়োৱা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত, শেহতীয়াভাৱে উল্লেখিত সা-সামগ্ৰীসমূহ যোগান ধৰাত অধিক বানাক্ৰান্তক সহায়ৰ পথ প্ৰশস্ত হৈ পৰিব।
এই ফ্লেগ অফ কাৰ্যসূচীত আইআৰচিএছৰ সাধাৰণ সম্পাদক শ্ৰী আৰ.কে. জৈনে ৰাষ্ট্ৰপতিগৰাকীক উক্ত ব্যৱস্থা আৰু দেশৰ ভিন্ন প্ৰান্তত বান আৰু ক’ভিড-১৯ত আক্ৰান্ত লোকসকলক সেৱা আগবঢ়োৱাৰ নিমিত্তে আইআৰচিএছে কৰা কামৰ চমুকৈ ব্যাখ্যা কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি সচিবালয় আৰু আইআৰচিএছৰ বিষয়া-বৰ্গও উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি