Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 6:02 pm

Home » সম্পাদকীয় » ২০২১ত প্রতিদিনে ক’ৰোনাত আক্রান্ত হ’ব ২.৮৭ লাখকৈ লোক

২০২১ত প্রতিদিনে ক’ৰোনাত আক্রান্ত হ’ব ২.৮৭ লাখকৈ লোক

ৱেব সংবাদ : বিশ্বজুৰি প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তে আজি আমেৰিকাৰ মাছাচুছেটছ প্রযুক্তি প্রতিষ্ঠানে (এম আই টি) ঘোষণা কৰিছে যে অধিক ভয়াৱহ দিন আহি আছে ভাৰতলৈ৷ ভাৰতত এই মহামাৰীয়ে অকল্পনীয় বিভীষিকা সৃষ্টি কৰিব বুলি এম আই টিৰ গৱেষকসকলে সতর্কবাণী কৰিছে৷

সংস্থাটোৰ তৰফৰ পৰা চলোৱা এক অধ্যয়নত প্রকাশ পাইছে যে ২০২১ বর্ষটোৰ আৰম্ভণিতে ভাৰতত প্রতিদিনে ২.৮৭ লাখ লোক ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হ’ব পাৰে৷ ঘাতক ভাইৰাছবিধৰ সংক্রমণৰ গতি ৰুদ্ধ নহ’লে ভাৰতকে ধৰি কেইবাখনো দেশত অকল্পনীয় ধ্বংসলীলা সৃষ্টি হ’ব৷ এম আই টিৰ তৰফৰ পৰা এই অধ্যয়ন চলাইছে গৱেষক হাজিৰ ৰাহমানদাদ, টিৱাই লিম আৰু জন ষ্টাৰমানে৷ এম আই টিত গৱেষক তিনিজনে উল্লেখ কৰা অনুসৰি ২০২১ৰ ফেব্রুৱাৰী বা মার্চৰ পৰা ভাৰতত ক’ভিড–১৯এ এই সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে৷ একে সময়ছোৱাত আমেৰিকাত প্রতিদিনে ৯৫,৪০০ লোক আক্রান্ত হ’ব পাৰে বুলি গৱেষক কেইগৰাকীয়ে সতর্কবাণী কৰিছে৷
সেইদৰে দক্ষিণ আফ্রিকাত প্রতিদিনে ২০ সহস্রাধিক লোক ক’ভিড–১৯ৰ চিকাৰ হ’ব৷ তিনিওগৰাকী গৱেষকে চলোৱা অধ্যয়ন অনুসৰি ইৰান, ইণ্ডোনেছিয়া, ব্রিটেইন, নাইজেৰিয়া, তুৰস্ক, ফ্রান্স, জার্মানী আদি দেশতো ২০২১ৰ ফেব্রুৱাৰী মাহৰ পাছত ক’ভিড–১৯এ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব৷ কিন্তু ভাৰতত অকল্পনীয়ভাৱে প্রতিদিনে সর্বাধিক লোক এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হ’ব৷ এম আই টিৰ এই নতুন অধ্যয়ন অনুসৰি বিশ্বত ২৪.৯ কোটি লোক ২০২১ৰ বসন্ত কালৰ ভিতৰত ক’ভিড–১৯ত আক্রান্ত হোৱাৰ আশংকা আছে৷ সমগ্র পৃথিৱী গ্রহত এই সময়ছোৱাত মৃত্যু হ’ব পাৰে ১৭.৫ লাখ লোকৰ৷ উল্লেখনীয় যে চিকিৎসাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা নথকা বা ক’ভিড–১৯ৰ প্রতিষেধক অবিহনেই যদি ভাইৰাছবিধৰ সংক্রমণৰ মোকাবিলা কৰিবলগীয়া হয়, তেন্তে এই অকল্পনীয় পৰিস্থিতি সৃষ্টি হ’ব পৃথিৱীত৷ ৮৪খন দেশক লৈ এম আই টিয়ে এই অধ্যয়ন চলাইছে৷
এইক্ষেত্রত এম আই টিয়ে ক’ভিড–১৯ আক্রান্ত লোকৰ লগতে আৰোগ্য হোৱা লোকসকলৰ বিভিন্ন তথ্যৰ বিশ্লেষণক ভিত্তি হিচাপে গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে বর্তমানৰ ক’ভিড পৰীক্ষাৰ হাৰ, বৃদ্ধি ইত্যাদি বিষয়তো বিশ্লেষণ আগবঢ়াইছে গৱেষকসকলে৷ বিশ্ব জনসংখ্যাৰ ৬০ শতাংশক সামৰি এম আই টিয়ে এই গৱেষণা চলাই ঘাতক ভাইৰাছবিধৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্রস্ত দেশ হিচাপে ভাৰত চিহ্ণিত হ’ব বুলি সতর্কবাণী কৰিছে যদিও নতুন দিল্লী প্রশাসনে এই বিষয়টো সন্দর্ভত তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি