২০২১ত প্রতিদিনে ক’ৰোনাত আক্রান্ত হ’ব ২.৮৭ লাখকৈ লোক
ৱেব সংবাদ : বিশ্বজুৰি প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তে আজি আমেৰিকাৰ মাছাচুছেটছ প্রযুক্তি প্রতিষ্ঠানে (এম আই টি) ঘোষণা কৰিছে যে অধিক ভয়াৱহ দিন আহি আছে ভাৰতলৈ৷ ভাৰতত এই মহামাৰীয়ে অকল্পনীয় বিভীষিকা সৃষ্টি কৰিব বুলি এম আই টিৰ গৱেষকসকলে সতর্কবাণী কৰিছে৷ সংস্থাটোৰ তৰফৰ পৰা চলোৱা এক অধ্যয়নত প্রকাশ পাইছে যে ২০২১ বর্ষটোৰ আৰম্ভণিতে ভাৰতত প্রতিদিনে ২.৮৭ লাখ লোক ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হ’ব পাৰে৷ ঘাতক ভাইৰাছবিধৰ সংক্রমণৰ গতি ৰুদ্ধ নহ’লে ভাৰতকে ধৰি কেইবাখনো দেশত অকল্পনীয় ধ্বংসলীলা সৃষ্টি হ’ব৷ এম আই টিৰ তৰফৰ পৰা এই অধ্যয়ন চলাইছে গৱেষক হাজিৰ ৰাহমানদাদ, টিৱাই লিম আৰু জন ষ্টাৰমানে৷ এম আই টিত গৱেষক তিনিজনে উল্লেখ কৰা অনুসৰি ২০২১ৰ ফেব্রুৱাৰী বা মার্চৰ পৰা