দিল্লীৰ “কা” প্ৰতিবাদৰ সময়ত হোৱা হিংসাত নিহতৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

নতুন দিল্লী :  দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতত আজি দ্বিতীয়টো দিন। আজিৰ পুৱাই ৰাজঘাটত উপস্থিত হৈ সপত্নীক জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণৰ সময়তে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ফৈদ আৰু সমৰ্থকৰ দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব। এই সংঘৰ্ষত এজন হেড কনিষ্টবলসহ প্ৰায় ৪ জন লোক নিহত হয়। ৰাজধানী দিল্লীৰ উত্তৰ-পূব অঞ্চলৰ জেফাৰাবাদ, মোজপুৰ, শ্বানবাগ, ভজনপুৰা আদি অঞ্চলত বিয়পি পৰে হিংসাত্মক ঘটনা।  য’ত প্ৰতিবাদকাৰীসকলে জ্বলাই দিয়ে পেট্ৰ’ল পাম্প, দোকান-পোহাৰ আৰু বাহন। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই ভাৰতভ্ৰমণ কাৰ্যসূচীৰ মাজতে হোৱা হিংসাত্মক কাৰ্যক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। ইপিনে এই ঘটনাৰ পাছতে ৰাজধানী দিল্লীত

১১৫খন ধর্মীয় অনুষ্ঠানক ১০ লাখ টকাকৈ বিতৰণ

ৰাজ্যৰ তীর্থস্থানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা অভিলাষী আঁচনি ‘অসম দর্শন’ৰ অধীনত আজি ৯১৫খন ধর্মীয় অনুষ্ঠানৰ মাজত আর্থিক সাহায্য বিতৰণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত প্রতিখন সত্র, দেৱালয়, মন্দিৰ, মছজিদ আৰু গীর্লৈ ১০ লাখ টকাকৈ প্রদান কৰে চৰকাৰে৷ ‘অসম দর্শন’ আঁচনিৰ অধীনত ১৮৬খন সত্র, ১২৩টা নামঘৰ, ৪৭টা মছজিদ, ৪৫৯টা মন্দিৰ, ২৬টা গীর্লৈ এই সাহায্য আগবঢ়োৱা হৈছে৷ উক্ত তীর্থস্থানসমূহৰ পৰিচালনা সমিতি, সত্রাধিকাৰ আদিয়ে মুখ্যমন্ত্রী আৰু বিত্ত মন্ত্রীৰ পৰা চে’ক৲ গ্রহণ কৰে৷ এই আঁচনিৰ বাবত ৰাজ্য চৰকাৰে ৭১০ কোটি টকা ব্যয় কৰিছে৷  আর্থিক সাহায্য লাভ কৰা ধর্মীয় অনুষ্ঠানসমূহে ১৫ আগষ্টৰ ভিতৰত আন্তঃগাঁথনি উন্নয়নৰ ব্যয়ৰ হিচাপ জিলা উপায়ুক্তক প্রদান

উন্নয়ন : মাজুলীত পথ নির্মাণত ব্যাপক বিসংগতি

 মাজুলী : মাজুলীৰ বহু বিভাগত চলি থকা কাম-কাজত দুর্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উঠিছে৷ এই বিভাগসমূহৰ ভিতৰত গড়কাপ্টানী পথ বিভাগটোৰ জৰিয়তে মাজুলীৰ বাট-পথৰ দ্রুত উন্নয়নৰ বাবে চৰকাৰখনে কাম কৰি আহিছে৷ বাট-পথৰ উন্নয়নো হৈছে৷ কিন্তু বিধবস্ত হৈ পৰা পূর্বে নির্মিত বাট-পথসমূহ মেৰামতিৰ বাবে বিভাগটোৱে কোনো কার্যকৰী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ যাৰবাবে দিনক দিনে ভকতিদুৱাৰ, মায়েঙীয়া, শিলিখাগুৰি, অভয়পুৰ মুদৈবিল হৈ জেংৰাইমুখ সংযোগী পথ, শিলিখাগুৰি ৰতনপুৰ সংযোগী পথকে ধৰি মাজুলীৰ উজনিৰ পৰা নামনিলৈকে পূর্বে নির্মিত বহু পথ বর্তমান অধিক বিধবস্ত হৈ পৰিছে৷ বাৰিষাৰ আগত এইপথসমূহ মেৰামতিৰ বাবে বিভাগে কোনো ব্যৱস্থা গ্রহণ নকৰিলে মাজুলীৰ জনসাধাৰণে পুনৰ যাতায়তৰ দিশত হাৰাশাস্তি ভোগাৰ সম্ভৱনা আছে৷ ইফালে নৱনির্মিত পথ একাংশত ব্যপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ প্রাক৲কলন