অৱশ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড আৰু আই পি এলৰ গৱর্নিং বডী ৰাজস্থান ৰয়েলছৰ পক্ষত আছে৷ যিকোনো দলে দ্বিতীয়খন গৃহ খেলপথাৰ হিচাপে দেশৰ যিকোনো চহৰক বাছনি কৰিব পাৰে বুলি ব’র্ডে ইতিমধ্যে ৰাজস্থান ৰয়েলছক সেউজ সংকেত দিছে৷ ব’র্ডে প্রকাশ কৰা আই পি এলৰ সূচীতো গুৱাহাটীক ৰাজস্থান ৰয়েলছৰ সম্ভাব্য ঘৰুৱা ভেন্যু হিচাপে সন্নিৱিষ্ট কৰিছে৷ এই অনুসৰি অহা ৫ এপ্রিলত ৰাজস্থান ৰয়েলছে দিল্লী কেপিটেলছ আৰু ৯ এপ্রিলত কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে গুৱাহাটীত আই পি এলৰ দুখন মেচ খেলিব৷ ইফালে, শেহতীয়াকৈ জানিব পৰা অনুসৰি, ৰাজস্থান ৰয়েলছে আই পি এলৰ পূর্বে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত দলীয় অনুশীলন চলাবলৈও প্রস্তুতি আৰম্ভ কৰিছে৷ অহা ২৫ মার্চৰ পৰা দলটোৰ সকলো খেলুৱৈ গুৱাহাটীত একগোট হোৱাৰ কথা৷ কিন্তু ৰাজস্থান ৰয়েলছৰ এই পৰিকল্পনাই বাস্তৱ ৰূপ পাবলৈ অহা ১৭ মার্চলৈ ক্রিকেটপ্রেমীয়ে অপেক্ষা কৰিব লাগিব৷