কামাল হাছানৰ ছবি ‘ইণ্ডিয়ান–২’ : ক্রেন ভাগি সহঃ পৰিচালকসহ ৩ জনৰ মৃত্যু
চেন্নাই : প্রখ্যাত অভিনেতা কামাল হাছান অভিনীত ‘ইণ্ডিয়ান–২’ নামৰ ছবিৰ শ্বুটিঙৰ সময়ত কালি সন্ধিয়া ক্রেন ভাগি এজন সহঃ পৰিচালকসহ তিনিজন লোকৰ মৃত্যু হয়৷ চেন্নাইৰ ই ভি পি ফিল্ম চিটীত চলি থকা এছ শংকৰৰ বিগ বাজেটৰ ছবি ‘ইণ্ডিয়ান–২’ৰ শ্বুটিঙৰ সময়তে ১৫০ ফুট উচ্চতাৰ ক্রেন ভাগি পৰে৷ ফলত সহঃ পৰিচালক কৃষ্ণ আৰু দুজন কর্মীৰ মৃত্যু হয়৷ ঘটনাটোত পৰিচালক শংকৰসহ ১০জন লোক আঘাতপ্রাপ্ত হয়৷ ছবিখনত কামাল হাছানৰ উপৰি কাজল আগৰৱাল, ৰাকুল প্রীত আৰু সিদ্ধার্থ অন্যতম ভূমিকাত আছে৷
বর্ষাপাৰা ষ্টেডিয়ামৰ ভাগ্য ওলমিছে ৰাজস্থান উচ্চ ন্যায়ালয়ত
গুৱাহাটী : গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামক ৰাজস্থান ৰয়েলছে দ্বিতীয় গৃহ খেলপথাৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰা সন্দর্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ে শুকুৰবাৰে চূড়ান্ত শুনানি গ্রহণ কৰাৰ কথা আছিল যদিও অহা ১৭ মার্চলৈ শুনানি প্রক্রিয়া পিছুৱাই দিছে৷ ইয়াৰ ফলত বর্ষাপাৰা ষ্টেডিয়ামত আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ বিষয়টো এতিয়াও আদালতৰ মজিয়াতে ওলমি ৰৈছে৷ উল্লেখ্য যে অসম তথা উত্তৰ–পূর্বাঞ্চলত ক্রিকেটৰ প্রসাৰ আৰু জনপ্রিয়তাৰ লক্ষ্যৰে ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত সমাগত আই পি এলৰ দুখন মেচ খেলাৰ ইচ্ছা প্রকাশ কৰিছিল যদিও ৰাজস্থান ক্রিকেট সন্থা আৰু ৰাজস্থানৰ তিনিগৰাকী প্রাক্তন ক্রিকেটাৰে দলটোৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে৷ ৰাজস্থান ৰয়েলছে জয়পুৰৰ সলনি গুৱাহাটীক ঘৰুৱা গ্রাউণ্ড হিচাপে ব্যৱহাৰ কৰাটো ৰাজস্থানৰ প্রতি অপমানজনক বুলি তেওঁলোকে অভিযোগ
মাৰ্চি বৰাৰ আত্মহত্যা : স্বামী প্ৰণৱ বৰাক আটক
গুৱাহাটী : বিয়াৰ দিনা নৃত্য কৰি সৰ্বত্ৰ চৰ্চা লাভ কৰা মাৰ্চি বৰাই প্ৰেমৰ দিৱসৰ দিনাই লৈছিল জীৱনৰ পৰা চিৰবিদায়।মানসিক ভাবে অত্যাচাৰ চলাই, আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ সন্দেহত আৰক্ষীয়ে এতিয়া মাৰ্চিৰ স্বামী প্ৰণৱ বৰাক সোধ–পোছ কৰিবলৈ আটক কৰিছে। মাৰ্চিৰ এগৰাকী বন্ধুৱে অভিযোগ কৰিছিল যে, মাৰ্চিৰ স্বামী প্ৰণৱ বৰা আছিল অত্যন্ত সন্দেহবাদী।দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল মাৰ্চি।ছবিত অভিনয় কৰাৰ সপোন দেখা মাৰ্চিয়ে আনকি ছচিয়েল মিডিয়াত থকাটোও স্বামীয়ে ভাল পোৱা নাছিল।
কামাখ্যা দেৱোত্তৰ ব’র্ডৰ বিত্তীয় কেলেংকাৰি
কামাখ্যা দেৱালয়ৰ বিত্তীয় কেলেংকাৰিৰ লগত সাঙোৰ খাই পৰা দেৱোত্তৰ ব’র্ডৰ পূর্বৰ পৰিচালনা সমিতিৰ সম্পাদক ৰিজু শর্মাৰ ঘৰত কালি চি আই ডিয়ে অভিযান চলোৱাৰ পাছত আজি পুনৰ দেৱোত্তৰ ব’র্ডৰ পূর্বৰ কোষাধ্যক্ষ নৱকান্ত শর্মাৰ ঘৰত চি আই ডিয়ে চলালে অভিযান৷ অভিযানত চি আই ডিৰ দলে আন কেইবাটাও বেংক একাউণ্টৰ তথ্য লাভ কৰে৷ কিন্তু চি আই ডিৰ দলে অভিযান চলাব নোৱাৰিলে সদস্য প্রণৱ শর্মাৰ ঘৰত৷ উল্লেখযোগ্য যে কামাখ্যা দেৱোত্তৰ ব’র্ডৰ দুটা বেংক একাউণ্টৰ পৰা অনিয়মেৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা সন্দর্ভত উচচতম ন্যায়ালয়ে চি আই ডিক তদন্তৰ নির্দেশ দিছিল৷ ২০১১ চনৰ পৰা কেইবা বছৰ ধৰি দেৱোত্তৰ ব’র্ডত ৭,৬২,০৩,৪৯৮ টকাৰ বিত্তীয় খেলিমেলি সংঘটিত হৈছিল৷ শেহতীয়াকৈ উচচতম ন্যায়ালয়ে চি আই ডিক তিনি মাহৰ ভিতৰত তদন্ত
ছার্জিল ইমামক গুৱাহাটীত : ৪ দিনলৈ আৰক্ষীৰ জিম্মাত
গুৱাহাটী : অসম আহি পালে দেশদ্রোহী ছার্জিল ইমাম৷ দিল্লী আৰক্ষীৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা ছার্জিল ইমামক আজি ব্রহ্মপুত্র এক্সপ্রেছেৰে গুৱাহাটীলৈ আনে আৰক্ষীয়ে৷ লগত আহে তিহাৰ জে’ল কর্তৃপক্ষৰ লোক৷ অর্থাৎ তিহাৰ জে’ল কর্তৃপক্ষৰ নিৰীক্ষণ তথা কটকটীয়া নিৰাপত্তাৰ মাজত আৰু অসম আৰক্ষীৰ সহযোগত আজি সন্ধিয়া গুৱাহাটী ৰে’ল ষ্টেছনত উপস্থিত কৰোৱা হয় ছার্জিল ইমামক৷ ব্রহ্মপুত্র এক্সপ্রেছেৰে আনি গুৱাহাটী ৰে’লৱে ষ্টেছনত উপস্থিত হোৱাৰ পাছতেই ছার্জিলক পোনে পোনে নিয়া হয় মহেন্দ্র মোহন চৌধুৰী অসামৰিক চিকিৎসালয়লৈ৷ চিকিৎসালয়ত ছার্জিলৰ স্বাস্থ্য পৰীক্ষা কৰি নিয়া হয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ৷ আদালতে ৪ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে ছার্জিল ইমামক৷ উল্লেখযোগ্য যে অসমক ভাৰতৰ পৰা বিচিছন্ন কৰাৰ দাবী তুলিছিল ছার্জিল ইমামে৷ ৰে’ল যোগাযোগকে ধৰি বিভিন্ন যাতায়াত ব্যৱস্থাৰ ক্ষেত্রত
বহুধা বিভক্ত বি টি আৰৰ ৰাজনীতি
গুৱাহাটী : বড়়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ) চুক্তিয়ে বি টি চিৰ ৰাজনীতিত নতুন সমীকৰণৰ সৃষ্টি কৰিছে৷ সন্মুখত থকা বি টি চিৰ নির্বাচনৰ পূর্বে নিখিল বড়ো ছাত্র সন্থা আৰু এন ডি এফ বিৰ চাৰিওটা গোটে শান্তি চুক্তি স্বাক্ষৰিত কৰিছিল যদিও এন ডি এফ বিৰ আটাইকেইটা গোট যে একত্রিত হৈ নতুন ৰাজনৈতিক দল গঠন নকৰে সেই কথা স্পষ্ট হৈ পৰাৰ বিপৰীতে এই শক্তিসমূহে নিজাববীয়াকৈ ৰণকৌশল যুগুত কৰিছে৷ এন ডি এফ বিৰ বি চাউৰাইগ্রা গোটে নির্দলীয় প্রার্থী থিয় কৰোৱাৰ কথা স্পষ্ট কৰি কোনো ৰাজনৈতিক দলতে যোগদান নকৰাৰ কথা ঘোষণা কৰিছে৷ অৱশ্যে এন ডি এফ বিৰ নেতা চাউৰাইগ্রাই আত্ম পৰিচয় অক্ষুণ্ণ ৰাখি প্রতিষ্ঠিত ৰাজনৈতিক দলৰ লগত মিত্রতা বা বুজাবুজি কৰিবলৈ সাজু থকাৰ কথাও