Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 10:04 am

Home » আঞ্চলিক » ৰীমাৰ সলনি অস্কাৰলৈ যাব লাগিছিল সর্বা-হিমন্ত

ৰীমাৰ সলনি অস্কাৰলৈ যাব লাগিছিল সর্বা-হিমন্ত

গুৱাহাটী : সর্বা আৰু হিমন্ত দুটা পাকৈত অভিনেতা৷ তেওঁলোকে কেৱল অভিনয়হে কৰি আহিছে৷ ৰিমা দাসক অস্কাৰলৈ পঠোৱাৰ সলনি ইহঁত দুটাক পঠাব লাগিছিল৷ বিচাৰকৰ কিবা ভুল হৈ গ’ল৷ টোল-মাদ্রাছাৰ বন্ধ নহয়, আধুনিকীকৰণ হওক ঃ কালি হিমন্ত বিশ্ব শর্মাই মাদ্রাছা আৰু টোল পাঁচটা মাহৰ ভিতৰত বন্ধ কৰি দিম বুলি কোৱা বিষয় সর্ন্দভত নিজ প্রতিক্রিয়া প্রকাশ কৰিলে তৰুণ গগৈয়ে৷ তেওঁ কয় যে সংস্ৃকত কেৱল ভাৰতৰে নহয়, বিশ্বৰ ভিতৰত এক সম্পদশালী ভাষা৷

এনে ভাষাৰ অধ্যয়ন আৰু গৱেষণা হ’ব লাগে৷ বর্তমানৰ চৰকাৰে এনে বিষয়লৈ মন নিদি এইসমূহ বন্ধ কৰিবলৈ লোৱা কার্য সমুচিত নহয়৷ সেইদৰে মাদ্রাছাৰ প্রসংগত তেওঁ কয় যে মই নিজেই যোৰহাটৰ মাদ্রাছা স্কুলত পঢ়ি অসমৰ মুখ্যমন্ত্রী হ’লোঁ৷ বিদেশী ভাষা শিকা অথবা জনাটো অপৰাধ নহয়৷ চৰকাৰে এইসমূহ টোল-মাদ্রাছা বন্ধ কৰাৰ সলনি এইসমূহৰ আধুনিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ তেহে সম উন্নয়ন সম্ভৱ হ’ব৷
সদ্য প্রয়াত অসম প্রদেশ কংগ্রেছৰ শীর্ষনেতা তথা ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক প্রণৱ গগৈৰ শিৱসাগৰ নগৰস্থিত গৃহত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণগগৈ আজি উপস্থিত হয়৷ ৰাজনৈতিক সতীর্থ, একালৰ সহপাঠী প্রণৱ গগৈৰ শিৱসাগৰ নগৰৰ ৰে’ডক্রছ ৰ’ডত থকা ঘৰত উপস্থিত হৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে কংগ্রেছ নেতাগৰাকীৰ প্রতিচছবিৰ আগত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে৷
আনহাতে, আজি আবেলি চাৰি বজাত শিৱসাগৰ আৱর্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি প্রাক্তন মুখ্যমন্ত্রীজনে বহুকেইটা বিষয়ত বিস্ফোৰক মন্তব্য প্রদান কৰে৷ স্বভাৱসুলভ আক্রমণাত্মক ভংগীৰে তৰুণ গগৈয়ে সদ্যসমাপ্ত দিল্লীৰ নির্বাচনক কেন্দ্র কৰি কয় যে এই জয় ৰাইজ আৰু সংবিধানৰ জয়৷ দিল্লীবাসীয়ে দেখুৱাই দিলে ভাৰতীয় জনতাই বিভেদকামী শক্তিক বিশ্বাস নকৰে৷ প্রমাণ কৰিলে যে মোদীৰ জনপ্রিয়তা আৰু নাই৷ দিল্লীৰ নির্বাচনক কেন্দ্র কৰি প্রাক্তন মুখ্যমন্ত্রীজনে সমালোচনাৰ লক্ষ্য কৰি লয় মন্ত্রী হিমন্ত বিশ্ব শর্মাক৷ তেওঁ কয় যে দিল্লীত পৰাজয়ৰ পাছত এতিয়া হিমন্তই লাজতে লুটি বাগৰ মাৰিছে৷ তেওঁ কয় যে হিমন্তই এতিয়া কৈছে আমি দিল্লীত জিকিম বুলি কেতিয়াও ভবা নাছিলোঁ৷ যদি তেওঁলোকে দিল্লীত জিকিম বুলি ভবাই নাছিল তেন্তে দুশগৰাকীকৈ সাংসদ, কেন্দ্র আৰু ৰাজ্যৰ শীর্ষ বিজেপি নেতাসকলক লৈ কিয় ইমান বৃহৎ ৰাজকীয় প্রচাৰ চলাইছিল?
আচলতে, তেওঁলোকে জিকিম ভাবিছিল কিন্তু ভাৰতীয় ৰাইজে তেওঁলোকক প্রত্যাখ্যান কৰিলে৷ উক্ত সংবাদমেলত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ আহোম-বিৰোধী মন্তব্যক সমালোচনা কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আমিনুল ইছলামে হিমন্ত বিশ্ব শর্মাৰ উচটনিত এনে বক্তব্য কৰিছে বুলি মোৰ সন্দেহ হয়৷ কিয়নো আমিনুলে যিদৰে আহোম জনগোষ্ঠী বিদ্বেষী বক্তব্য দিছে তেনে বক্তব্য আগতে হিমন্ত বিশ্ব শর্মাই দি থৈছে৷ তেওঁ কোনো গগৈক কেয়াৰ নকৰোঁ বুলি কৰা বক্তব্যই স্পষ্ট কৰে যে তেওঁ গগৈ বুলি সকলো আহোম লোকক বুজাইছে৷
এইদৰে মোদীয়েও আগতে গগৈক খেদিব লাগে বুলি কৈ সমগ্র আহোম জনগোষ্ঠীক অপমান কৰি থৈছে৷ এনে প্রেক্ষাপটত আমি ভাৱিবলৈ বাধ্য হৈছো যে হিমন্তৰ উচটনিতহে আমিনুলে এনে বক্তব্য প্রদান কৰিছে৷ সমগ্র দেশৰ লগতে অসমত চলি থকা ‘কা’-বিৰোধী আন্দোলন সর্ন্দভত প্রতিক্রিয়া প্রকাশ কৰি তৰুণ গগৈয়ে কয় যে বিজেপি দলৰ দৃষ্টিত নাগৰিকত্ব সংশোধনী আইন নমনাসকল দেশদ্রোহী৷ যিসকলে এই আন্দোলন চলাই নি বিজেপিৰ বিদেশী আমদানি নীতিক নস্যাৎ কৰিব বিচাৰিছে সেইসকলৰ ওপৰত বিজেপিৰ চৰকাৰে আৰম্ভ কৰিছে নির্যাতন৷ বহুকেইজনক গ্রেপ্তাৰ কৰিছে৷ পাঁচজন নিৰীহক গুলীয়াই হত্যা কৰা হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি