আব্দুৰ ৰহিম খানক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ নিয়োগ!

গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হ’ব বৰপেটা(সদৰ)বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক। প্ৰাক্তন বিধায়ক গৰাকীক উক্ত পদবীৰ দায়িত্ব দিবলৈ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ এক নিৰ্দেশনা জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক(সাংগঠনিক) ৰঞ্জন বৰাই।  ৰঞ্জন বৰা স্বাক্ষৰিত নিৰ্দেশ পত্ৰত প্ৰাক্তন বিধায়ক খানক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে আৰু মিডিয়া পেনেলিষ্টৰ অন্তভূক্ত কৰি দায়িত্বভাৰ অৰ্পন শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা দিয়া হৈছে। ইতিমধ্যে এই পত্ৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটলৈয়ো প্ৰেৰণ কৰা হৈছে। সেয়ে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বভাৰ খানে পোৱাটো নিশ্চিত হৈ পৰিছে।

মহিলা সাংবাদিকক অশালীন ব্যৱহাৰ : ‘জেএফএ’ ৰ উদ্বেগ প্ৰকাশ

গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবৰ সমীপতে উশৃংখল যুৱকৰ এটা দলে এগৰাকী মহিলা সাংবাদিকক অশালীন ব্যৱহাৰ কৰাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে ‘জাৰ্ণালিষ্টছ ফ’ৰাম অসম’(জেএফএ)এ৷ সাংবাদিকগৰাকীয়ে অভিযোগ কৰা মতে যোৱা ১০ ফেব্ৰুৱাৰীৰ সন্ধিয়া তেওঁ ‘ৰবীন্দ্ৰ ভৱন’ত অনুষ্ঠান চাই ঘৰমুৱা হোৱাৰ সময়তে প্ৰেছ ক্লাবৰ সমীপতে পাৰ্কিং কৰা অৱস্থাত থকা এখন গাড়ীৰ ভিতৰৰ পৰা কেইজনমান যুৱকে তেওঁক অশ্লীল মন্তব্য কৰে , কিন্তু সাংবাদিকগৰাকীয়ে এই ঘটনাৰ প্ৰতিবাদ কৰি গাড়ীখনৰ নম্বৰপ্লেটৰ ফটো উঠাওতেই গাড়ীখন সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে৷ ‘জেএফএ’ই সন্ধিয়াপৰতেই প্ৰেছ ক্লাবৰ সমীপত ঘটা এনে ঘটনাত উদ্বেগ প্ৰকাশ কৰি কয় যে এয়া মহানগৰীৰ মহিলা বা নাৰীসমাজৰ নিৰাপত্তা বা সুৰক্ষাৰ দিশত এটি নেতিবাচক আৰু দুশ্চিন্তাজনক বাৰ্তা কঢ়িয়াই আনিছে৷ এই ক্ষেত্ৰত চৰকাৰ বা সংশ্লিষ্ট প্ৰশাসনীয় কৰ্তৃপক্ষই

দিল্লীত পৰাজয়ৰ মূলতে বিতর্কিত মন্তব্য : অমিত শ্বাহ

দিল্লী : কেইটামান দলৰ নেতাই কৰা বিতর্কিত মন্তব্যৰ বাবে দিল্লী নির্বাচনত পৰাস্ত হ’ব লগা হ’ল বিজেপি৷ এই মন্তব্য কৰিছে ‘টাইমছ নাও’ৰ সৈতে হোৱা এক আলোচনাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ অৱশ্যে তেওঁ দিল্লীত পৰাজয়ৰ বাবে ‘কা’ আৰু এনআৰচিক দোষ দিবলৈ দৃঢ়তাৰে অস্বীকাৰ কৰে৷ গৃহমন্ত্রী শ্বাহে কয় ‘গুলী মাৰো’, ‘ইণ্ডো–পাক মেচ’ আদিৰ দৰে মন্তব্য নির্বাচনী প্রচাৰৰ সময়ত বিজেপি নেতাসকলে কৰা নাছিল৷ বিজেপিয়ে এনেধৰণৰ মন্তব্যৰ পৰা দূৰত্ব বজাই ৰাখিছিল৷

ছাগলী-ব্ৰইলাৰ পোহাৰ বাবেই ৫ বছৰে এঘৰীয়া এটা পৰিয়াল

কমলপুৰ : যি সময়ত পশুপালনকে ধৰি বিভিন্ন কৃষি কাৰ্যৰ জড়িয়তে বহু যুৱক-যুৱতীয়ে স্বাবলম্বিতাৰ পথ বিচাৰিছে ঠিক সেইসময়তে ছাগলী আৰু ব্ৰইলাৰ পোহাৰ বাবেই এখন গাঁৱৰ ৰাইজে একাষৰীয়া কৰিছে এটা পৰিয়ালক। বিগত ৫ বছৰ ধৰি সমাজে জুই-পানী নিষিদ্ধ কৰিছে পৰিয়ালটোক।  আনকি পৰিয়ালটোৰ দুই সন্তান সমাজৰ কোনো অনুষ্ঠান, বিবাহ-পাৰ্বন আদিলৈ গ’লেও সন্মুখীন হৈছে ৰাইজৰ তিৰস্কাৰৰ। তেওঁলোকৰ এটাই ভুল যে পিতৃ-মাতৃয়ে পৰিয়ালটোক পোহপাল দিবলৈ ছাগলী আৰু ব্ৰইলাৰৰ ব্যৱসায় কৰিছে।সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে কমলপুৰত। গাঁওখনৰ মণিয়েৰীৰ দামোদৰীয় সমিতিয়ে এই ব্যৱসায় কৰাৰ বাবেই এঘৰীয়া কৰিলে লিংকন ডেকা নামৰ লোকজনৰ পৰিয়ালক। ছাগলী আৰু ব্ৰইলাৰ পোহা এই সমিতিৰ নিয়মৰ পৰিপন্থী। উল্লেখযোগ্য যে বেংকৰ কিছু ধাৰ পৰিশোধ কৰিবৰ বাবে লিংকন ডেকাই প্ৰথমে গৰুৰ ব্যৱসায় আৰম্ভ

|

বড়ো ৰাজনীতিত ক্রমাৎ এঘৰীয়া হাগ্রামা : বি টি আৰত হ’ব বিজেপিৰ নতুন মিত্র

গুৱাহাটী : বড়ো ৰাজনীতিত ক্রমাৎ এঘৰীয়া হোৱাৰ উপক্রম হৈছে বি পি এফ তথা দলটোৰ মুৰববী হাগ্রামা মহিলাৰী৷ নিখিল বড়ো ছাত্র সন্থা (এবছু) আৰু এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছত অঞ্চলটোত ৰাজনৈতিক পট পৰিৱর্তন হোৱাটো নিশ্চিত হৈছে৷ প্রায় এঘাৰটা বছৰ নেতৃত্বত থকা প্রমোদ বড়োৱে তামুলপুৰত অনুষ্ঠিত বিশেষ অধিৱেশনত এবছুৰ পৰা অব্যাহতি লোৱাৰ পাছত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ বিকল্প হিচাপে নতুন দল গঠনৰ পৰিৱর্তে ইউ পি পি এলক শক্তিশালী ৰূপ দিয়াৰ সংকল্পৰ কথা আজি স্পষ্ট হৈ পৰিল৷ হাগ্রামা মহিলাৰীৰ বি পি এফ বিজেপি মিত্রজোঁটৰ অংশীদাৰ দল যদিও বিজেপিয়ে বড়োলেণ্ডৰ পৰিৱর্তিত ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি ইউ পি পি এলৰ লগতো যে

ৰীমাৰ সলনি অস্কাৰলৈ যাব লাগিছিল সর্বা-হিমন্ত

গুৱাহাটী : সর্বা আৰু হিমন্ত দুটা পাকৈত অভিনেতা৷ তেওঁলোকে কেৱল অভিনয়হে কৰি আহিছে৷ ৰিমা দাসক অস্কাৰলৈ পঠোৱাৰ সলনি ইহঁত দুটাক পঠাব লাগিছিল৷ বিচাৰকৰ কিবা ভুল হৈ গ’ল৷ টোল-মাদ্রাছাৰ বন্ধ নহয়, আধুনিকীকৰণ হওক ঃ কালি হিমন্ত বিশ্ব শর্মাই মাদ্রাছা আৰু টোল পাঁচটা মাহৰ ভিতৰত বন্ধ কৰি দিম বুলি কোৱা বিষয় সর্ন্দভত নিজ প্রতিক্রিয়া প্রকাশ কৰিলে তৰুণ গগৈয়ে৷ তেওঁ কয় যে সংস্ৃকত কেৱল ভাৰতৰে নহয়, বিশ্বৰ ভিতৰত এক সম্পদশালী ভাষা৷ এনে ভাষাৰ অধ্যয়ন আৰু গৱেষণা হ’ব লাগে৷ বর্তমানৰ চৰকাৰে এনে বিষয়লৈ মন নিদি এইসমূহ বন্ধ কৰিবলৈ লোৱা কার্য সমুচিত নহয়৷ সেইদৰে মাদ্রাছাৰ প্রসংগত তেওঁ কয় যে মই নিজেই যোৰহাটৰ মাদ্রাছা স্কুলত পঢ়ি অসমৰ মুখ্যমন্ত্রী হ’লোঁ৷ বিদেশী ভাষা শিকা অথবা জনাটো অপৰাধ নহয়৷