নতুন দিল্লী : দিল্লীৰ নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ মন্তব্য। সাংবাদিকৰে হোৱা এক মুখামুখি অনুষ্ঠানত ৰঞ্জিৎ দাসে কয় যে দিল্লীৰ নিৰ্বাচনৰ সময়ত মই এসপ্তাহৰ বাবে দিল্লীত আছিলো আৰু আজি যিসকল লোকে আপক ভোটদান কৰিছে সেইসকল লোকেই লোকসভা নিৰ্বাচনত বিজেপিক ভোটদান কৰিছিল।
দিল্লীবাসীয়ে আমাক এইটো কথাও জনাইছিল যে আমি সংসদত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিচাপে কেজৰিৱালক বিচাৰো। গতিকে দিল্লীবাসীৰ এই ৰায়ক আমি স্বাগতম জনাইছো বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে।