অখিল গগৈক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ
গুৱাহাটী : কা-বিৰোধী আন্দোলনক খেলপথাৰৰ পৰা ৰাজপথলৈ আনিবলৈ আদালত চৌহদৰ পৰা ৰাইজক আহ্বান জনালে কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে৷ আজি চানমাৰিত থকা ‘নিয়া’ৰ আদালতত হাজিৰ কৰোৱা হৈছিল কাৰাবন্দী অখিল গগৈক৷ ১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাত আজি আদালতত হাজিৰ কৰোৱা হৈছিল যদিও আদালতে গগৈক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ অখিল গগৈৰ লগতে কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ অন্য নেতাকেইজনকো ‘নিয়া’ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে আটাইকেইজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আদালতত হাজিৰ হোৱাৰ সময়ত জনতাক উদ্দেশ্যি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে উচচস্বৰে কয় যে আন্দোলন খেলপথাৰত চলি থাকিলে চৰকাৰে জনতাৰ প্রতিবাদী কণ্ঠ মানিবলৈ বাধ্য নহ’ব৷ সেয়ে কা-বিৰোধী আন্দোলন