Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:53 am

Home » ক্ৰীড়া » আৰ্থিক সমস্যাৰ বাবে থমকি ৰ’ব নেকি প্ৰতিভা ?

আৰ্থিক সমস্যাৰ বাবে থমকি ৰ’ব নেকি প্ৰতিভা ?

  • আৰ্থিক সমস্যাত ককবকাইছে লণ্ডনমুখী তিতাবৰৰ যুৱতী খেলুৱৈ
  • চৰকাৰ তথা অসমবাসী ৰাইজক সহায়ৰ আহ্বান

তিতাবৰ : চকুত হাজাৰ সপোন বুকুত অলেখ হেঁপাহ লৈ এগিৰাকী যুৱতীয়ে দিনে নিশাই চলাইছে অনুশীলন। অহা ১৫–১৯ মে’লৈকে লণ্ডনৰ মানচেষ্টাৰত অনুষ্ঠিত হ’বলগা বিশ্ব টাইকোৱাণ্ড চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত “ছাই”ৰ সৌজন্যত ভাৰতবৰ্ষৰ হৈ খেলাৰ সুবিধা লাভ কৰিছে তিতাবৰ মাধপুৰ খ্ৰীষ্টান গাঁৱৰ এটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ একাদশ শ্ৰেণীৰ যুৱতী দীপিকা হাজৰিকাই। 
প্ৰয়াত জীৱন হাজৰিকা আৰু ৰঞ্জু হাজৰিকাৰ কণ্যা দীপিকাৰ লণ্ডন যাত্ৰাৰ প্ৰাকমুহূৰ্ত্তত দেখা দিছে আৰ্থিক প্ৰতিবন্ধকতা।পিতৃহীনা দীপিকাৰ মাতৃয়ে বজাৰত দোকান দি অথবা তাঁতশালত কাপোৰ বৈ সেইসমূহ বিক্ৰী কৰি যেনেতেনে দীপিকাৰ এগৰাকী জ্যেষ্ঠ ভগ্নীসহ তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আহিছে যদিও কিন্তু প্ৰতিভাময়ী টাইকোৱাণ্ড খেলুৱৈ গৰাকীৰ লণ্ডন যাত্ৰাৰ বাবে প্ৰয়োজন হোৱা প্ৰায় দুইলাখ টকা জোৰা মাৰিব নোৱাৰাত পৰিয়ালটোৰ মূৰত যেন আকাশী সৰগ ভাগি পৰাৰ উপক্ৰম হৈছে। সাধাৰণ এটি জৰাজীৰ্ণ জুপুৰি সদৃশ পঁজাত জীৱন সংগ্ৰাম অব্যাহত ৰখা পৰিয়ালটোৱে এতিয়া চৰকাৰ, শুভাকাংক্ষীৰ আৰু অসমবাসী ৰাইজৰ পৰা পাৰ্যমাণে আৰ্থিক সাহাৰ্য বিচাৰি কাতৰ অনুৰোধ জনাইছে।
যদি কোনোবা দয়াবন ব্যক্তিয়ে যুৱতী গৰাকীক আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে তেনেহলে-
Name: Ms. Dipika Hazarika/
Account number:20207296696/
SBI SME PALTAN BAZAR BRANCH, G.S ROAD/
IFSC:SBIN 0013247 
ঠিকনাত আৰ্থিক সাহাৰ্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছে। দীপিকাৰ বিশ্বাস যে তিতাবৰৰ পৰা গৈ দীপিকাই লণ্ডনৰ মানচেষ্টাৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক জয়ীৰে দেশবাসী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি