আৰ্থিক সমস্যাৰ বাবে থমকি ৰ’ব নেকি প্ৰতিভা ?
আৰ্থিক সমস্যাত ককবকাইছে লণ্ডনমুখী তিতাবৰৰ যুৱতী খেলুৱৈ চৰকাৰ তথা অসমবাসী ৰাইজক সহায়ৰ আহ্বান তিতাবৰ : চকুত হাজাৰ সপোন বুকুত অলেখ হেঁপাহ লৈ এগিৰাকী যুৱতীয়ে দিনে নিশাই চলাইছে অনুশীলন। অহা ১৫–১৯ মে’লৈকে লণ্ডনৰ মানচেষ্টাৰত অনুষ্ঠিত হ’বলগা বিশ্ব টাইকোৱাণ্ড চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত “ছাই”ৰ সৌজন্যত ভাৰতবৰ্ষৰ হৈ খেলাৰ সুবিধা লাভ কৰিছে তিতাবৰ মাধপুৰ খ্ৰীষ্টান গাঁৱৰ এটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ একাদশ শ্ৰেণীৰ যুৱতী দীপিকা হাজৰিকাই। প্ৰয়াত জীৱন হাজৰিকা আৰু ৰঞ্জু হাজৰিকাৰ কণ্যা দীপিকাৰ লণ্ডন যাত্ৰাৰ প্ৰাকমুহূৰ্ত্তত দেখা দিছে আৰ্থিক প্ৰতিবন্ধকতা।পিতৃহীনা দীপিকাৰ মাতৃয়ে বজাৰত দোকান দি অথবা তাঁতশালত কাপোৰ বৈ সেইসমূহ বিক্ৰী কৰি যেনেতেনে দীপিকাৰ এগৰাকী জ্যেষ্ঠ ভগ্নীসহ তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আহিছে যদিও কিন্তু প্ৰতিভাময়ী টাইকোৱাণ্ড খেলুৱৈ গৰাকীৰ লণ্ডন যাত্ৰাৰ বাবে প্ৰয়োজন হোৱা প্ৰায়