Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:55 am

Home » ক্ৰীড়া » জাপানৰ চমক : উৰন্ত গাড়ীৰে প্ৰজ্বলন হ’ব অলিম্পিক শিখা

জাপানৰ চমক : উৰন্ত গাড়ীৰে প্ৰজ্বলন হ’ব অলিম্পিক শিখা

টকিঅ’ : অলিম্পিক গেমছৰ উদ্বোধনী অনুষ্ঠান মানেই চমক বাহাদুৰি। কোনে কিমান মােহনীয় আৰু আশ্চর্যৰ্কৰভাৱে আয়ােজন কৰিব পাৰে, তাৰেই যেন অঘােষিত প্রতিযােগিতা। অলিম্পিক শিখা প্রজ্বলনৰ সময়ত আধুনিক প্রযুক্তিৰ ব্যৱহাৰে প্ৰতিখন আয়ােজক চহৰেই বিশ্ববাসীক বিস্মিত কৰি আহিছে। ১৯৯২ চনৰ বার্চিলােনা অলিম্পিকৰ কথাই ধৰক। পেৰা অলিম্পিয়ান এন্টনি ৰেবেলাে নামৰ আৰ্চাৰগৰাকীয়ে ষ্টেডিয়ামৰ এটা প্ৰান্তত থিয় হৈ অগ্নিশিখাৰ ধনুর্কড় মাৰি অলিম্পিক শিখা প্রজ্বলন কৰিছিল। 

২০০৮ চনৰ বেইজিং অলিম্পিকে অধিক চমক দিছিল। লিং নিং নামৰ জিমনাষ্টগৰাকীয়ে তাঁৰৰ সহায়ত চৰাইৰ দৰে সমগ্র ষ্টেডিয়াম উৰি শিখা প্রজ্বলন কৰা দৃশ্য আছিল স্মৰণীয়। সমাগত ২০২০ টকিঅ’ অলিম্পিকত কি কৰিব জাপানে! আধুনিক প্রযুক্তিৰ দেশখনে চমক দেখুওৱাটো নিশ্চিত। সমগ্ৰ বিষয়টো গােপনে আছে যদিও দিন বাগৰাৰ লগে লগে টকিঅ’ৰ গােপন কথা আৰু গােপন হৈ থকা নাই। অলিম্পিক শিখা প্রজ্বলনৰ দায়িত্ব যিটো প্রতিষ্ঠানক দিয়া গৈছে, সেই টয়ােটাই ফাদিল কৰিছে টকিঅ’ৰ গােপন কথা। গাড়ী নির্মাণৰ প্রতিষ্ঠান টয়ােটা সমগ্র বিশ্বত এটা পৰিচিত নাম। কি কৰিব টয়ােটাই! প্রজেক্টৰ নাম ‘স্কাই ড্রাইভ। অর্থাৎ উৰন্ত গাড়ীৰে অলিম্পিক শিখা প্রজ্বলন। এই সম্পূর্ণ প্রজেক্টত ব্যয় হ’ব ৪৫ মিলিয়ন য়েন। ইতিমধ্যে টয়ােটাৰ অভিযন্তাৰ এটা দলে উৰন্ত গাড়ী নির্মাণৰ কাম আৰম্ভ কৰিছে। 
দলটোৱে অলপতে একেবাৰে পুতলাসদৃশ উৰন্ত গাড়ী সাজি উলিয়াইছিল যদিও ব্যর্থ। সামান্য উৰিয়েই মাটিত বাগৰি পৰিছিল। শিখা প্রজ্বলন কৰিবলৈ প্রয়ােজন এখন পথত চলিব পৰা গাড়ীসদৃশ। দুজন মানুহ বহিব পৰা ক্ষমতাৰ দলটোৱে এতিয়াও আশা ত্যাগ কা নাই। এবাৰ উৰিছে যেতিয়া বহুদূৰ উৰাটো খাটাং। তাতে টয়ােটা কোম্পানীৰ মানসন্মানৰ প্রশ্ন। সফল হােৱা মানেই টয়ােটাৰ মান বৃদ্ধি। তাৎপর্যপূর্ণভাৱে এই প্রজেক্টৰ বাবে টয়ােটাই জাপান অলিম্পিক সন্থাৰ পৰা এপইচাও নলয়। সম্পূর্ণ বিনামূলীয়া। টয়ােটাৰ দৰে প্ৰতিষ্ঠানৰ বাবে এয়া নগণ্য কথা। নিজ দেশত অলিম্পিক। টয়ােটাৰে নিজা দায়িত্ব আছে। জাপানত অসম্ভৱ কি! টকিঅ’ৰ সুনাম মানে টয়ােটাৰ সন্মান। অলিম্পিক উদ্বোধনী অনুষ্ঠানৰ সেই ক্ষণটি স্বচক্ষে প্রত্যক্ষ কৰিবলৈ আমি সকলােৱে ২০২০ৰ ২৪ জুলাইৰ নিশালৈ অপেক্ষা কৰিবই লাগিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি