দৰিদ্ৰতাৰ কৰাল গ্রাসৰ পৰা মুক্তি পাবলৈ শিক্ষা লাগিবইঃ আব্দুল মান্নান
বৰপেটাৰােডৰ গ্ল’বেল ইনষ্টিটিউটৰ দ্বিতীয় বার্ষিক অধিৱেশন সম্পন্ন বৰপেটাৰােড : শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নােৱাৰে। বৰঞ্চ দৰিদ্ৰতাৰ পৰা মুক্ত পাবলৈ শিক্ষা লাগিবই। ইয়াৰ বাবে শিক্ষিত সমাজৰ যথেষ্ট কৰণীয় আছে। যিসকলে জাতীয়, সামাজিক, শৈক্ষিক, অর্থনৈতিক, ৰাজনৈতিক আদিৰ নেতৃত্ব লৈছে তেওঁলােকেই সমাজৰ শিক্ষাৰ ক্ষেত্ৰত উত্তৰণৰ হকে কাম কৰিব লাগিব। এই মন্তব্য— গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক আব্দুল মান্নান। গুণগত মানদণ্ডৰে উচ্চ শিক্ষাৰ প্রতিশ্রুতিৰে বাণিজ্য নগৰী বৰপেটাৰােডৰ উত্তৰ পাৰত তথা আল-আমিন নগৰস্থিত বিজ্ঞান আৰু কলা শাখাৰ এক অনন্য উচ্চ শিক্ষা প্রতিষ্ঠান গ্ল’বেল ইনষ্টিটিউটৰ দ্বিতীয় বার্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতৃিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক তথা শিক্ষাবিদ আব্দুল মান্নানে এনে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে শিক্ষা প্রতিষ্ঠানটোৰ অধীনত চলি থকা ডি