Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:20 am

Home » দেশ-বিদেশ » বীৰ জোৱানৰ আত্মত্যাগক লৈ ৰাজনীতি নকৰিবলৈ বিজেপিক সকীয়নি

বীৰ জোৱানৰ আত্মত্যাগক লৈ ৰাজনীতি নকৰিবলৈ বিজেপিক সকীয়নি

ৰাহুল গান্ধীৰ সভাপতিত্বত ২১টা বিৰােধী দলৰ বৈঠক : গৰিহণা
নতুন দিল্লী : বীৰ জোৱানৰ আত্মত্যাগক লৈ ৰাজনীতি নকৰিবলৈ নৰেন্দ্ৰ মােডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰক সকীয়াই দিলে দেশৰ ২১টা বিৰােধী ৰাজনৈতিক দলে। পাকিস্তানত ভাৰতীয় বায়ুসেনাই চলােৱা আক্ৰমণৰ পিচত ভাৰত আৰু পাকিস্তানৰ মাজত দেখা দিয়া পৰিস্থিতি সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্রীয়ে সর্বদলীয় বৈঠক আহ্বান নকৰা কাৰ্যত গৰিহণা দিয়ে বিৰােধী দলসমূহৰ নেতৃবর্গই।
পুলৱামাত সংঘটিত সন্ত্রাসবাদী আক্রমণ আৰু ইয়াৰ প্রত্যুত্তৰত ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বালাকোটত চলােৱা আক্ৰমণৰ পিচত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আহ্বানত সংসদ ভৱনত অনুষ্ঠিত সর্বদলীয় বৈঠকত ২১টা বিৰােধী দলে প্রধানমন্ত্রী নৰেন্দ্র মােড়ীৰ ভূমিকাক সমালােচনা কৰে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী, চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীকে ধৰি শীর্ষ স্থানীয় বিৰােধী নেতাসকলে অংশগ্রহণ কৰা বৈঠকৰ অন্তত জাৰি কৰা এক যুটীয়া বিবৃতিত ২১টা বিৰােধী দলে পাকিস্তানত আবদ্ধ হােৱা পাইলটজনৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰাৰ লগতে পুলৱামা কাণ্ডৰ গৰিহণা দিয়ে।
এই ঘটনাত নিহত ছহিদসকলৰ প্রতি শ্রদ্ধাঞ্জলি জনাই সন্ত্রাসবাদ নির্মূলৰ ক্ষেত্ৰত সেনাবাহিনীক সমর্থন কৰাৰ কথাও বিৰােধী দলসমূহে ব্যক্ত কৰে। আনহাতে পুলৱামা কাণ্ডৰ পিচত ২৬ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় বায়ু সেনাই সন্ত্রাসবাদৰ বিৰুদ্ধে চলােৱা সফল অভিযানৰ প্ৰশংসা কৰি বিৰােধী দলসমূহে পাকিস্তানৰ বায়ু সেনাই আকাশমার্গেৰে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে চলােৱা চেষ্টাৰ গৰিহণা দিয়ে। কিন্তু এই সকলাে ক্ষেত্ৰত ভাৰতীয় বাহিনীয়ে আগবঢ়োৱা বলিদানক লৈ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজনীতি কৰা বুলি অভিযােগ উত্থাপন কৰি বিৰােধী দলসমূহে চৰকাৰৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।
আনহাতে শেহতীয়া ঘটনাৱলীৰ পিচতাে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে এতিয়ালৈকে সর্বদলীয় বৈঠক আহ্বান নকৰা কাৰ্যক বিৰােধী দলসমূহে দুর্ভাগ্যজনক আখ্যা দিয়ে। বিৰােধী দলসমূহে দেশৰ সুৰক্ষাক ক্ষুদ্র ৰাজনৈতিক স্বার্থৰ পৰা ঊর্ধ্বত ৰখা উচিত বুলি নিজৰ বৃিতিত উল্লেখ কৰি দেশত বর্তমান উদ্ভৱ হােৱা পৰিস্থিতিৰ ওপৰত উদ্বেগ ব্যক্ত কৰে। এই উদ্বেগ ব্যক্ত কৰি দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত দেশবাসীক আস্থাত লৈ আগবঢ়াৰ কাৰণে বিৰােধী দলসমূহে চৰকাৰৰ প্রতি আহ্বান জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি