Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:57 am

Home » দেশ-বিদেশ » হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ প্রসংগ : কেন্দ্রলৈ উচচতম ন্যায়ালয়ৰ জাননী

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ প্রসংগ : কেন্দ্রলৈ উচচতম ন্যায়ালয়ৰ জাননী

নতুন দিল্লী : অসম তথা উত্তৰ-পূর্বাঞ্চলৰ ৰাইজৰ তীব্র প্রতিবাদৰ পাছতো হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ গৈ বিপদত পৰিছে কেন্দ্রীয় চৰকাৰ৷ ধর্মীয় নির্যাতনৰ বলি হৈ চুবুৰীয়া ৰাষ্ট্রৰ পৰা ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব প্রদানৰ সন্দর্ভত কেন্দ্রীয় চৰকাৰক অহা ছসপ্তাহৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আজি জাননী জাৰি কৰিছে উচচতম ন্যায়ালয়ে৷ সবোর্চচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এল এন ৰাও আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠখনে নাগৰিকত্ব আইন সংশোধনী মঞ্চই দাখিল কৰা এখন লেখ আৱেদনৰ শুনানি গ্রহণ কৰি আজি এই নির্দেশ দিছে৷
প্রণিধানযোগ্য যে ধর্মৰ ভিত্তিত অবৈধ প্রব্রজনকাৰীসকলক বৈধ কৰাৰ লক্ষ্য লৈ ২০১৫ চনত কেন্দ্রীয় চৰকাৰে জাৰি কৰা দুখন অধিসূচনা আৰু ২০১৬ চনত জাৰি কৰা আন এখন অধিসূচনাৰ বৈধতাক প্রত্যাহবান জনাই নাগৰিক মঞ্চৰ হৈ ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, ড০ হৰেকৃষ্ণ ডেকা আৰু মনজিৎ মহন্তই উচচতম ন্যায়ালয়ত এখন লেখ আৱেদন দাখিল কৰিছিল৷ প্রণিধানযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হোৱাৰ পূর্বেই কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে ২০১৫ চনৰ সাত ছেপ্টেম্বৰত পাছপ’র্ট এণ্ট্রি (ইনটু ইণ্ডিয়া) এমেণ্ডমেণ্ট ৰুলছ ২০১৫ আৰু ফৰেইনার্ছ (এমেণ্ডমেণ্ট) অর্ডাৰ ২০১৫ৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক অবৈধ অনুপ্রৱেশকাৰী বুলি গণ্য নকৰিবলৈ নির্দেশ দিছিল৷
এনে লোকৰ পাছপ’র্টৰ সময়সীমা চেৰাই যোৱাৰ পাছতো তেওঁলোকক ভাৰতত থকাৰ অনুমতি দিয়া হৈছিল৷ ইয়াৰ উপৰি ২০১৬ চনৰ ২৩ ডিচেম্বৰত আন এক অধিসূচনাযোগে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে দেশৰ ১৬খন ৰাজ্যৰ জিলাৰ উপায়ুক্তসকলক নির্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব প্রদানৰ ক্ষেত্রত যাৱতীয় প্রক্রিয়া আৰম্ভ কৰিবলৈ নির্দেশ দিছিল৷ অর্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নহ’লেও উক্ত তিনিখন অধিসূচনাৰ জৰিয়তেই কেন্দ্রীয় চৰকাৰখনে অবৈধ লোকসকলক নাগৰিকত্ব প্রদানৰ আঁচনি লৈছিল৷ কেন্দ্রীয় চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই বিগত বর্ষৰ ১৫ ডিচেম্বৰত উচচতম ন্যায়ালয়ত এখন লেখ আৱেদন দাখিল কৰিছিল৷ ইয়াৰ পাছত ন্যায়ালয়ে উক্ত আৱেদনখনৰ শুনানি গ্রহণ কৰিছিল যদিও সেই সময়ত বিধেয়কখনৰ বিষয়টো ৰাজ্য সভাত চর্চিত হৈ থকাৰ বাবে সাময়িকভাৱে এই শুনানি স্থগিত ৰাখিছিল৷ আনহাতে ৰাজ্য সভাৰ সিদ্ধান্তৰ পাছতহে এই সন্দর্ভত পৰৱর্তী শুনানি গ্রহণ কৰা হ’ব বুলিও নির্দেশ দিছিল৷
যিহেতু বিধেয়কখন ৰাজ্য সভাত উত্থাপন নহ’ল, সেয়ে আজি উক্ত লেখ আৱেদনখনৰ সন্দর্ভত আদালতে শুনানি গ্রহণ কৰে আৰু বিষয়টোৰ সন্দর্ভত নিজৰ মতামত দাখিল কৰাৰ বাবে কেন্দ্রলৈ জাননী জাৰি কৰে৷ মন কৰিব লগীয়া কথা যে কেন্দ্রীয় চৰকাৰৰ উক্ত তিনিটা নির্দেশনাৰ বিৰুদ্ধে ত্রিপুৰা পীপ৲লছ ফ্রণ্ট নামৰ এটা সংগঠনে দাখিল কৰা এখন আৱেদনৰ শুনানি গ্রহণ কৰিও অলপতে উচচতম ন্যায়ালয়ে কেন্দ্রীয় গৃহ মন্ত্র্যালয়, বিদেশ মন্ত্র্যালয় আৰু ত্রিপুৰা চৰকাৰলৈ জাননী জাৰি কৰিছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি