ওদালগুৰি : ভাৰত-ভূটান সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এছ এছ বিৰ চামৰাং সীমান্ত চকী আৰু ওদালগুৰি আঞ্চলিক সংগঠকৰ উদ্যোগত সীমান্ত অঞ্চলৰ যুৱক-যুৱতীক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে সীমান্ত অঞ্চলৰ কেইবাটাও সংঘক খেলৰ সামগ্ৰী বিতৰণ কৰা হয়৷ এই উদ্দেশ্যে আজি (৪ ডিচেম্বৰ) ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত এছ এছ বিৰ আঞ্চলিক বিষয়া এন কে নাথৰ সঞ্চালনাত অনুষ্ঠিত ক্ৰীড়া সামগ্ৰী বিতৰণ অনুষ্ঠানত বিভাগটোৰ আঞ্চলিক সংগঠক মনোজ কুমাৰ শৰ্মা, মহকুমাধিপতি দিঠকানন্দ হাজৰিকা, সমাজকৰ্মী কুমুদ কছাৰী, ৰৱীন্দ্ৰ কছাৰী, এবছু নেতা নগেন বড়ো,আৰছু নেতা ভাৰত ৰাভা আদিয়ে নিৰ্বাচিত সংঘৰ মাজত বিভিন্ন ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে ৷