বঙাইগাঁৱৰ গণবিন্নাত অগপৰ নেতাক হত্যা

বঙাইগাঁও : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তর্গত গণবিন্নাত সোমবাৰে নিশা প্রায় ১২ বজাত অগপৰ নেতা হাফিজ উদ্দিনক হত্যা কৰা ঘটনাই অঞ্চলব্যাপি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, গোৱালপাৰা-বাংলাপাৰা গাঁও পঞ্চায়তৰ অন্তর্গত গণবিন্নাৰ এখন পথাৰত কবি গান অনুষ্ঠিত হৈছিল আৰু হাফিজ উদ্দিনে গান শুনি থকাৰ মাজতে প্রস্রাৱ কৰিবলৈ বাহিৰলৈ যোৱাৰ সময়ত দুষ্কৃতিকাৰীয়ে হাফিজ উদ্দিন (৫০)ক মূৰত গুলীওৱাত থিতাতে নিহত হয়৷ জানিব পৰা মতে হাফিজ উদ্দিনৰ ঘৰ মাণিকপুৰ থানাৰ অন্তর্গত ৬নং জামদহাত৷ অগপৰ পৰা ভাণ্ডাৰা গাঁও পঞ্চায়তৰ জামদহাৰ ১০নং ৱার্ডৰ দহ বছৰ কাল (দুবাৰ) পঞ্চায়ত সদস্য আছিল যদিও সমাগত পঞ্চায়ত নির্বাচনত নিজৰ ভাতৃক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাইছে৷ প্রাক্তন বিধায়ক ভূপেন ৰায়ৰ অতিকৈ ঘনিষ্ঠ আছিল হাফিজ৷ নিহত হাফিজ উদ্দিনৰ ভাতৃ ইন্তাজ আলীয়ে

সেনা-উগ্রপন্থীৰ তুমুল সংঘর্ষ

চৰাইদেউ : চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নগালেণ্ডৰ মন জিলাৰ তিৰু অঞ্চলত আজি ভাৰতীয় সেনাৰ ১২ পেৰা স্পেচিয়েল ফ’র্চ আৰু উগ্রপন্থীৰ দল এটাৰ মাজত এক ভয়াৱহ সংঘর্ষৰ ঘটনা সংঘটিত হয়৷ সংঘর্ষত থিতাতে দুটাকৈ উগ্রপন্থী নিহত হয়৷ চোৰাংচোৱা সূত্রে জানিবলৈ দিয়া মতে, আজি পুৱা তিৰু অঞ্চলত বাহৰ পাতি থকা ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টৰ এটা টহলদাৰী দলৰ সৈতে এক পাহাৰীয়া দুর্গম অঞ্চলত সন্দেহযুক্ত এন এছ চি এন ( কে ) আৰু আলফাৰ (স্বাধীন) যুটীয়া দলৰ সৈতে মুখামুখি হয়৷ উগ্রপন্থীৰ দলটোৱে সেনা জোৱানসকলৰ উপস্থিতিৰ উমান পাই নির্বিচাৰ গুলীচালনা কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে৷ সেনাৰ দলটোৱেও গুলীৰে প্রতু্যত্তৰ দিয়ে আৰু এই সংঘর্ষ প্রায় আধা ঘণ্টা পর্যন্ত অব্যাহত থাকে৷ সেনাৰ সূত্রে দাবী কৰা মতে, সংঘর্ষটোত দুটাকৈ

ভূটান সীমান্তত যুৱক-যুৱতীৰ মাজত এছ এছ বিৰ ক্ৰীড়া সামগ্ৰী বিতৰণ

ওদালগুৰি : ভাৰত-ভূটান সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এছ এছ বিৰ চামৰাং সীমান্ত চকী আৰু ওদালগুৰি আঞ্চলিক সংগঠকৰ উদ্যোগত সীমান্ত অঞ্চলৰ যুৱক-যুৱতীক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে সীমান্ত অঞ্চলৰ কেইবাটাও সংঘক খেলৰ সামগ্ৰী বিতৰণ কৰা হয়৷ এই উদ্দেশ্যে আজি (৪ ডিচেম্বৰ) ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত এছ এছ বিৰ আঞ্চলিক বিষয়া এন কে নাথৰ সঞ্চালনাত অনুষ্ঠিত ক্ৰীড়া সামগ্ৰী বিতৰণ অনুষ্ঠানত বিভাগটোৰ আঞ্চলিক সংগঠক মনোজ কুমাৰ শৰ্মা, মহকুমাধিপতি দিঠকানন্দ হাজৰিকা, সমাজকৰ্মী কুমুদ কছাৰী, ৰৱীন্দ্ৰ কছাৰী, এবছু নেতা নগেন বড়ো,আৰছু নেতা ভাৰত ৰাভা আদিয়ে নিৰ্বাচিত সংঘৰ মাজত বিভিন্ন ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে ৷

অসমৰ মাজেৰে নাগপুৰলৈ সৰবৰাহ হয় ম্যানমাৰৰ চোৰাং চুপাৰি

গুৱাহাটী : আৰ এছ এছৰ মুখ্য কার্যালয় থকা চহৰ নাগপুৰলৈ নিয়মীয়া গতিত অসমৰ মাজেৰে লৈ যোৱা হয় ট্রাকে ট্রাকে চোৰাং চুপাৰি৷ বিদেশী ৰাষ্ট্র ম্যানমাৰৰ পৰা চোৰাংকৈ অনা চুপাৰিৰ প্রায়বোৰ ট্রাকেই প্রেৰণ কৰা হয় নাগপুৰলৈ৷ কিছুসংখ্যক ট্রাক পশ্চিম বংগত ৰাখি অধিকসংখ্যক চুপাৰি ভর্তি ট্রাক নাগপুৰলৈ নিয়া হয়৷ আৰ এছ এছৰ পূর্ণ প্রভাৱ থকা নাগপুৰলৈ চোৰাং চুপাৰিৰ ট্রাক নিয়মীয়া গতিত অসমৰ মাজেৰে পাৰ হৈ থকা সত্ত্বেও অসম আৰক্ষীয়ে এই ক্ষেত্রত বিহিত পদক্ষেপ গ্রহণ কৰা নাই৷ কিছুদিন পূর্বে চুপাৰি সৰবৰাহত জড়িত কেইজনমান ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল যদিও শেহতীয়াকৈ সেই অভিযানো স্তব্ধ হ’ল৷ আৰক্ষীৰ এই নিষ্ত্রুিয়তাৰ পৰিপ্রেক্ষিতত এতিয়া ম্যানমাৰৰ চুপাৰি চোৰাংকৈ নাগপুৰলৈ নিয়াত অসমৰ পথটো নিৰাপদ হৈ পৰিছে৷ কিন্তু কি কাৰণত নাগপুৰলৈ যোৱা

কাইলৈ বিশ্বনাথ সদৰ মহকুমাৰ ৪৪৪ টা কেন্দ্রত ভােটগ্রহণ : বেলট বাকচত বন্দী হ’ব ১১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

বিশ্বনাথ চাৰিআলি : বিশ্বনাথ সদৰ মহকুমাৰ অধীনৰ ৫ খন আঞ্চলিক পঞ্চায়ত, ৯ টা জিলা পৰিষদ সমষ্টি আৰু ৪২ খন গাঁও পঞ্চায়তৰ বাবে কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভােট গ্রহণ কৰা হ’ব। এইবাৰ মহকুমাটোৰ ২৯০১৩০ গৰাকী ভােটদাতাই মুঠ ১১৮৩ গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব। ইয়াৰে ২৯ গৰাকী জিলা পৰিষদৰ সদস্য, ১০৭ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, ১০৯ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি আৰু ৯৩৮ গৰাকী গাঁও পঞ্চায়তৰ সদস্য। উল্লেখযােগ্য যে মহকুমাটোৰ ৫১৩ টা বিভিন্ন পর্যায়ৰ পঞ্চায়ত সমষ্টিৰ বাবে এইবাৰ ১২৩৪ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছিল হৈছিল যদিও তাৰে ৫১ গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছিল। ভােটাৰসকলৰ ভিতৰত ১,৫০,৭৬১ গৰাকী পুৰুষ আৰু ১,৩৯,৩৬৯ গৰাকী মহিলা ভােটাৰ। পঞ্চায়তে প্রতি ভােটাৰৰ সংখ্যা এনেধৰণৰ নাগশংকৰ

পদুমৰ ঠাইত হাত, হাতৰ ঠাইত পদুম : তিতাবৰ ভোট গ্ৰহণ কেন্দ্ৰত অঘটন

তিতাবৰ :  প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিনাই তিতাবৰ ভোট গ্ৰহণ কেন্দ্ৰত ঘটিল অঘটন । তিতাবৰ ৬৪ নং পূব ঠেঙাল গাঁও পঞ্চায়তৰ ৭ নং বালিজান “ক” অংশ ভোট গ্ৰহণ কেন্দ্ৰত বেলট পেপাৰত বিসংগতি৷বালিজান প্ৰাথমিক বিদ্যালয়ৰ কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী পূৰ্ণিমা হাজৰিকাৰ প্ৰতীক চিহ্ন পদুম ফুলৰ পৰিৱৰ্তে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতীক চিহ্ন হাতৰ ছবি ছপা হৈ আহে৷ আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী ৰেখামণি হাজৰিকাৰ প্ৰতীক চিহ্ন পদুম ফুল হিচাপে ছপা হৈ আহিছে৷ ইয়াকে লৈ প্ৰাৰ্থী আৰু ভোটদাতা ৰাইজে কৰে তীব্র প্ৰতিবাদ৷ কেন্দ্ৰটোত সম্প্ৰীতি ভোট গ্ৰহণ বন্ধ হৈ পৰিছে৷ ৰাইজে শীঘ্ৰে আসোঁৱাহ দূৰ কৰাৰ দাবী জনাইছে৷ ঘটনাস্থলীত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হৈছে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াৰ