কামৰূপ মহানগৰ (মেট্ৰ’) এলেকাৰ অনুজ্ঞাপত্ৰধাৰী হকাৰক বন্ধ কৰি ৰখা কেৰাচিন তেল আবণ্টন দাবী

খাদ্য আৰু যোগান বিভাগৰ আয়ুক্ত আৰু সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰদান কামৰূপ মহানগৰ (মেট্ৰ’) হকাৰ সন্থাৰ গুৱাহাটী : কামৰূপ মহানগৰ (মেট্ৰ’) অন্তৰ্গত হকাৰৰ অনুজ্ঞাপত্ৰধাৰী সকলৰ অধিক সংখ্যকেই আজিৰ পৰা ৩০-৪০ বছৰ আগতে বিহাৰ ও উত্তৰ প্ৰদেশৰ পৰা আহি কেৰাচিন তেলৰ অনুজ্ঞা পত্র লৈছিলে। অনুজ্ঞাপত্ৰ লােৱাৰ সময়ত এন এছ চিৰ ধন আৰু চালানৰ ধন জমা কৰাৰ পিছত অনুজ্ঞাপত্ৰ পাইছিল। অনুজ্ঞাপত্ৰ পােৱাৰ লগে লগে তিনিচুকীয়া গাড়ী, ড্রাম আৰু তেল জোখ-মাখ কৰা সামগ্রী লােৱা বাধ্যতামূলক আছিল। সেই সামগ্ৰীবােৰ কিনােতে ১০-১২ হাজাৰ টকা লাগিছিল। সেই অনুজ্ঞাপত্ৰৰ জৰিয়তে ডিপােৰ পৰা তেল আবণ্টন লৈ বিভাগীয় নিয়ম মতে ৰাইজৰ পদূলিয়ে পদূলিয়ে সামান্যতম লাভৰ দ্বাৰা নিজৰ নিজৰ পৰিয়ালৰ চাহিদা পূৰণ কৰি সেরামূলক মনােভাৱেৰে তেল বিতৰণ কৰা কাৰ্য্য কৰি আহিছে।

মূল্যবৃদ্ধি আৰু জেহাদীৰ বিষয়টোত গুৰুত্ব দিয়ক চৰকাৰে : সদৌ অসম খিলঞ্জীয়া ছাত্র সন্থা

গুৱাহাটীঃ মূল্যবৃদ্ধিৰ কাৰণে চৰকাৰ পতন হোৱাৰ নজিৰ ভাৰতৰ ইতিহাসত আছে। দেশৰ প্ৰকৃত ক্ষমতাৰ অধিকাৰী হৈছে সৰ্বসাধাৰণ জনতা। জনতাই বিচাৰিলে ২০১৯ ত বৰ্তমান চৰকাৰৰ পতন ঘটাব। গতিকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ধাৰাবাহিক মূল্যবৃদ্ধিৰ প্ৰসংগটো গুৰুত্ব সহকাৰে ল’ব লাগে। এই মন্তব্য সদৌ অসম খিলঞ্জীয়া ছাত্র সন্থা (আকছু)ৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙৰ। তেওঁ আৰু কয় – পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদিৰ মূল্যবৃদ্ধি মানেই হৈছে – সকলো বস্তুৰ মূল্যবৃদ্ধি হোৱা। গতিকে চৰকাৰে অনতিপলমে ৰাইজৰ দুৰ্দশাৰ কথা অনুধাৱন কৰি মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। ইফালে সন্থাৰ সাধাৰণ সম্পাদকদ্বয় সমীৰণ পাটোৱাৰী আৰু আৰিফ হুছেইনে ৰাজ্যত জেহাদীৰ উৎপাত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কয় যে – সন্ত্ৰাসবাদী বা জেহাদীৰ কোনো ধৰ্ম নাই,