Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 4:19 am

Home » আঞ্চলিক » ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ আমন্ত্ৰিত নাটক “যুঁজৰ লাখুটি-ৰণৰ লাখুটি”

ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ আমন্ত্ৰিত নাটক “যুঁজৰ লাখুটি-ৰণৰ লাখুটি”


মৰিগাঁও : অহা ৬ ছেপ্তেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত হ’বলগীয়া “৪ৰ্থ বামপদা মুখপধ্যায় স্মৃতি ত্ৰিপুৰা নাট মহোৎসৱ-২০১৮” লৈ আমন্ত্ৰিত হৈছে মৰিগাঁৱৰ অগ্ৰণী নাট্যগোষ্ঠী ‘উইংছ’।উল্লেখযোগ্য যে , ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ একাধিক নাট্যদলে অংশগ্ৰহণ কৰিবলগীয়া উক্ত নাট মহোৎসৱটি এইবেলি উৎসৰ্গিত কৰিছে পদ্মভূষণ এইছ কানহাইলালৰ পৱিত্ৰ স্মৃতিত।উক্ত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটিত অসমক প্ৰতিনিধিত্ব কৰিব উইংছে। আৰু উইংছ,মৰিগাঁৱে নিবেদন কৰিব নাটক “ যুঁজৰ লাখুটি-ৰণৰ লাখুটি” । অসমীয়াৰ বাপতিসাহোন কৃষ্টি ‘ম’হযুঁজ’ বন্ধ ঘোষণা হোৱাৰ পিছৰ পটভূমিত লৈ নাট্যকাৰ পূৰ্ণকান্ত নাথে ৰচনা কৰা নাটখন পৰিচালনা কৰিছে অসমৰ বিশিষ্ট নাট তথা চলচিত্ৰ পৰিচালক দীপজ্যোতি কাকতিয়ে।যশস্বী পৰিচালক গৰাকীৰ ব্যতিক্ৰমি চিন্তা আৰু উচ্চমানদণ্ডৰ পৰিচালনাৰ বাবেই নাটখনে আন্তঃৰাষ্ট্ৰীয় মঞ্চ দখল কৰিবলৈ সক্ষম হৈছে।অহা ১০ ছেপ্তেম্বৰত আগৰতলাৰ ৰবীন্দ্ৰভৱনৰ ২নং হলত সন্ধিয়া ৭ বজাত মঞ্চস্থ হ’বলগীয়া “যুঁজৰ লাখুটি-ৰণৰ লাখুটি” নাটখনৰ অভিনয় কৰা শিল্পীসকল ক্ৰমে- এডিছন দেউৰী,সঞ্জীৱ ৰাজখোৱা,পূজা ডেকা,যুগ প্ৰতিম শইকীয়া,শিৱ দাস,হিৰক জ্যোতি বৰদলৈয় আৰু টুলটুল নাথ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি