হোজাইৰ হাম চিকিত্সালয়ত মাৰ-পিটৰ প্ৰসংগঃ ছটা গোচৰ ৰুজু, পাঁচজনক জে’ললৈ
হোজাই : হোজাইত হাম চিকিত্সালয় চৌহদত সংঘটিত দুটা ফৈদৰ মাৰ-পিটৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে। জানিব পৰা মতে, যোৱা ২৬ আগষ্টৰ নিশা প্ৰায় ৯ বজাত সূত্ৰপাত ঘটিছিল দুটা ফৈদৰ মাৰ-পিটৰ ঘটনাটোৰ। আকস্মিকভাৱে সূত্ৰপাত ঘটা উক্ত ঘটনাত দুয়োটা ফৈদৰ উপৰি আৰক্ষীৰ টাউন উপ-পৰিদৰ্শক ঋতুপণ গগৈসহ আৰক্ষীৰ তিনিজন লোকৰ সৈতে মুঠ ছজন আহত হয়। ইফালে মাৰ-পিট নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰাতে ক্ষান্ত নোহোৱা উত্তেজিত লোকে হোজাই আৰক্ষীৰ বাহনত আক্ৰমণ চলোৱাত বাহনৰো ক্ষতি হয়। অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ পাঁচজাই গুলীচালনা কৰে। লগতে ঘটনাৰ দিনাই শ্বাহজাহান নামৰ যুৱক এজনক আটক কৰে। অন্যহাতে, ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে দুয়োটা ফৈদে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে গোচৰ তৰাৰ উপৰি আৰক্ষীকো আক্ৰমণ চলোৱা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ তৰাত