তিতাবৰ : এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি এইবাৰ তিতাবৰত যৌথভাৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে জাতীয় তথা ছাত্ৰ সংগঠনে। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত তিতাবৰত ৰূপায়ণ কৰা এশ কোটিটকীয়া গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনিৰ সেৱা সম্প্ৰতি অতিশয় নিম্নমানদণ্ডৰ।আঁচনিৰ অন্তৰ্গত মুঠ ১০০ টা পানী যোগান কেন্দ্ৰৰ ৭০% শতাংশই এতিয়া অকার্যক্ষম।ফলশ্ৰুতিত তিতাবৰীয়া ৰাইজ আৰ্চেনিক মুক্ত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ ধৰি বঞ্চিত হ’বলগা হৈ আহিছে।আঁচনিখন কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত যোৱা ২১ জুলাইত জাতীয় সংগঠন সমূহে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।কিন্তু ইয়াৰ পাছতো আজি পৰ্যন্ত সমস্যাৰ সমাধান নহ’ল।সেয়েহে তিতাবৰীয়া ৰাইজৰ এই জ্বলন্ত সমস্যাৰাজি সমাধানৰ দাবীত আৰু সংশ্লিষ্ট বিভাগ,জনপ্ৰতিনিধিৰ চুড়ান্ত অকমণ্যতাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতি,অসম সেনা আৰু তিতাবৰ আঞ্চলিক ছাত্র সন্থাই যৌথভাৱে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি আজি তিতাবৰ সমষ্টিৰ বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।