মাতৃহন্তা প্রমোদক কাৰাগাৰলৈ প্রেৰণ
নগাওঁ : বৃদ্ধা ৰোগাক্রান্ত মাতৃক বোজা জ্ঞান কৰি প্রমোদ আগৰৱালা নামৰ এজন পুত্রই পৰহি নিশা নগাঁও চহৰৰ মাজমজিয়াৰ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলং নৈত দলিয়াই হত্যা কৰি নিজেও আত্মহননৰ অপচেষ্টা কৰা ঘটনাটোৱে সৃষ্টি কৰা প্রতিক্রিয়া আজিও অব্যাহত আছে৷ নিজৰ মাতৃক নদীৰ বুকুলৈ পেলাই দি হত্যা কৰা এই পাশৱিক ঘটনাই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে সকলোৱে এই ঘটনাক একমুখে তীব্র গৰিহণা দিছে৷ ইফালে ৰত্না দেৱী আগৰৱালাৰ মৃতদেহ আজিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ কালি পুৱাৰে পৰা সন্ধিয়া পর্যন্ত এছ ডি আৰ এফে ডুবাৰুৰ সহায়ত দুখন নাও লৈ কলং নৈৰ তিনি কিল’মিটাৰ দৈর্ঘযৰ অংশত ৰত্না দেৱীৰ সন্ধানত অভিযান চলাইছিল যদিও তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ আজিও পুৱাৰে পৰাই এছ