Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:18 am

Home » আঞ্চলিক » ৩০ ঘণ্টাৰ ভিতৰত মেৰামতিৰ নির্দেশ দিয়া মুখ্যমন্ত্রীক ১৫ দিনৰ সময়সীমা

৩০ ঘণ্টাৰ ভিতৰত মেৰামতিৰ নির্দেশ দিয়া মুখ্যমন্ত্রীক ১৫ দিনৰ সময়সীমা


ডিব্ৰুগড় :  ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে ঘাইপথ প্রাধিকৰণক ৩০ ঘণ্টাৰ সময়সীমা দিয়া মুখ্যমন্ত্রীক এইবাৰ আছুৱে বান্ধি দিলে সময়সীমা৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কিছুদিনৰ পূর্বে বিধবস্ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে ঘাইপথ প্রাধিকৰণক ৩০ ঘণ্টা সময়সীমা দিয়াৰ পাছতো কোনো গুৰুত্ব প্রদান নকৰিলে৷ বৰঞ্চ ৰাষ্ট্রীয় ঘাইপথৰ অৱস্থা দিনক দিনে শোচনীয় হৈ গৈ আছে৷
সম্প্রতি ৰাষ্ট্রীয় ঘাইপথটোৰে যাতায়াত একেবাৰে অনুপযোগী হৈ পৰিছে৷ বিধবস্ত ৰাষ্ট্রীয় ঘাইপথে পথচাৰীৰ লগতে ৰাইজক ক্ষুব্ধ কৰি তুলিছে৷ ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বিষয়টোত চৰকাৰেই হওক বা ঘাইপথ প্রাধিকৰণেই হওক কোনো পদক্ষেপ গ্রহণ নকৰাত সদৌ ডিব্রুগড় জিলা ছাত্র সন্থা সৰৱ হৈ পৰিছে৷
৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ মেৰামতিৰ বাবে আছুৰ ডিব্রুগড় জিলা সমিতিয়ে ১৫ দিনৰ সময়সীমা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বান্ধি দিছে৷ অন্যথা ২৫ আগষ্টৰ পৰা আছুৰ উদ্যোগত ধাৰাবাহিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকীয়াই দিছে৷ এই সন্দর্ভত সদৌ ডিব্রুগড় জিলা ছাত্র সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্র প্রেৰণ কৰিছে৷ স্মাৰক- পত্রত ডিব্রুগড় জিলাত বিধবস্ত হৈ থকা গড়কাপ্টানী পথসমূহো শীঘ্রে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷

উল্লেখযোগ্য যে, ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ডিব্রুগড়, তিনিচুকীয়া জিলাত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে৷ ৰাষ্ট্রীয় ঘাইপথটোৰ লালুক গাঁও, গদাপাণি, চাউলখোৱা, চাবুৱা, বৰবৰুৱা, ডিকম, লাহোৱাল, তিনিচুকীয়া, বৰহাপজান, হিজুগুৰি, নালিয়াপুল আদিৰ সমীপত মৰণ ফান্দত পৰিণত হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি