চিনাক্ত বাংলাদেশীক বহিষ্কাৰ নকৰে কেন্দ্রই
নতুন দিল্লীঃ নাগৰিকপঞ্জী প্রস্তুত হৈ উঠিলেও অসমৰ পৰা অবৈধ বাংলাদেশী লোকসকলক বহিষ্কাৰ কৰা নহয়৷ বাংলাদেশক এই প্রতিশ্রুতি প্রদান কৰিছে ভাৰত চৰকাৰে৷ নাগৰিকপঞ্জীৰ খচৰা প্রকাশৰ পাছতেই এই চাঞ্চল্যকৰ কথা প্রকাশ কৰিছে ভাৰত ভ্রমণৰত বাংলাদেশৰ শাসকীয় আৱামী লীগৰ মিত্র দল বাংলাদেশ তাৰিকত ফাউণ্ডেশ্যনৰ সভাপতি তথা সাংসদ আল-হজ নজিবুল বাছাৰ মৈজভাণ্ডাৰীয়ে৷ নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত চুবুৰীয়া ৰাষ্ট্রখনক সাংসদজনে প্রকাশ কৰা মতে, ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ যোৱা কোনো ব্যক্তিক বাংলাদেশলৈ বহিষ্কাৰ নকৰে ভাৰত চৰকাৰে৷ কিয়নো ভাৰতৰ অর্থনীতিত চিহিুত হ’বলগীয়া এই বিদেশীসকলৰ প্রভূত অৱদান আছে৷ নাগৰিকপঞ্জীক লৈ চিন্তা কৰাৰ কোনো প্রয়োজন নাই বুলি ভাৰত চৰকাৰে বাংলাদেশক প্রতিশ্রুতি দিছে বুলি মত ব্যক্ত কৰি সাংসদজনে কয় যে ভাৰতৰ অর্থনীতিত অৱদান থকা বাংলাদেশীক সংস্থাপন দিয়াৰ
৩০ ঘণ্টাৰ ভিতৰত মেৰামতিৰ নির্দেশ দিয়া মুখ্যমন্ত্রীক ১৫ দিনৰ সময়সীমা
ডিব্ৰুগড় : ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে ঘাইপথ প্রাধিকৰণক ৩০ ঘণ্টাৰ সময়সীমা দিয়া মুখ্যমন্ত্রীক এইবাৰ আছুৱে বান্ধি দিলে সময়সীমা৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কিছুদিনৰ পূর্বে বিধবস্ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে ঘাইপথ প্রাধিকৰণক ৩০ ঘণ্টা সময়সীমা দিয়াৰ পাছতো কোনো গুৰুত্ব প্রদান নকৰিলে৷ বৰঞ্চ ৰাষ্ট্রীয় ঘাইপথৰ অৱস্থা দিনক দিনে শোচনীয় হৈ গৈ আছে৷ সম্প্রতি ৰাষ্ট্রীয় ঘাইপথটোৰে যাতায়াত একেবাৰে অনুপযোগী হৈ পৰিছে৷ বিধবস্ত ৰাষ্ট্রীয় ঘাইপথে পথচাৰীৰ লগতে ৰাইজক ক্ষুব্ধ কৰি তুলিছে৷ ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বিষয়টোত চৰকাৰেই হওক বা ঘাইপথ প্রাধিকৰণেই হওক কোনো পদক্ষেপ গ্রহণ নকৰাত সদৌ ডিব্রুগড় জিলা ছাত্র সন্থা সৰৱ হৈ পৰিছে৷ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ মেৰামতিৰ বাবে আছুৰ ডিব্রুগড় জিলা সমিতিয়ে ১৫ দিনৰ সময়সীমা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বান্ধি দিছে৷ অন্যথা ২৫ আগষ্টৰ পৰা
মোডীয়ে ৪ বছৰত কিমান খেদিলে বাংলাদেশী
গুৱাহাটী : বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ পৰিৱর্তে কেন্দ্রীয় চৰকাৰে বিদেশীক ৰক্ষণাবেক্ষণ দিয়াতহে উঠিপৰি লাগিছে৷ এই অভিমত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ৷ আজি নতুন দিল্লীত অসম ভৱনত অসম আন্দোলন সংগ্রামী মঞ্চৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত মহন্তই বিদেশীক লৈ বিজেপি চৰকাৰে ভোট বেংকৰ ৰাজনীতি আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰে৷ তেওঁ কয় যে, অসম চুক্তিক উলংঘা কৰি কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে গ্রহণ কৰা পদক্ষেপক অসমৰ ৰাইজে কেতিয়াও মানি নলয়৷ জাতিদ্রোহী এই বিধেয়কখনৰ বিৰুদ্ধে অসম আন্দোলন সংগ্রামী মঞ্চই সমগ্র দেশজুৰি প্রচাৰ চলাব বুলি উল্লেখ কৰি তেওঁ কয় যে, আমি দেশৰ আন আন ৰাজনৈতিক দলসমূহৰ শীর্ষ নেতাসকলকো দেখা কৰিম যাতে তেওঁলোকে এই বিধেয়কখনৰ বিৰোধিতা কৰে৷ আনহাতে বিদেশী চিনাক্তকৰণৰ ক্ষেত্রত শেহতীয়াকৈ
ভালুকৰ সাঙীত পৰিণত হ’ব নেকি এন আৰ চি
গুৱাহাটী : প্রস্তুত হৈ থকা ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)খন ভালুকৰ সাঙীত পৰিণত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উচচতম ন্যায়ালয়ৰ তদাৰকত চলি থকা এন আৰ চিৰ আংশিক খচৰাত আৱেদনকাৰীৰ পৰা ৪২.৩৪ শতাংশ লোকৰ নাম বাদ পৰিছিল যদিও ৩০ জুলাইত প্রকাশিত সম্পূর্ণ খচৰাত মাত্র ১২.১৫ শতাংশ লোকহে বাদ পৰিছে৷ তদুপৰি ১২.২৫ শতাংশৰ পৰা (৪০ লাখ) পুনৰ আৱেদনৰ পাছত আৰু বহু লোকৰ নাম সন্নিৱিষ্টি হ’ব৷ যাৰ ফলত সংসদত কেন্দ্রীয় গৃহ মন্ত্রীয়ে অসমত ৫০ লাখ বিদেশী আছে বুলি যি পৰিসংখ্যা দিছিল সেই পৰিসংখ্যা স্পর্শ নকৰিলে, বৰং এতিয়া বাদ পৰা ৪০ লাখ লোকৰ নামো মূল এন আৰ চিৰ পৰা বাদ নপৰাটো নিশ্চিত হৈছে৷ যাৰ ফলত লাখ লাখ বাংলাদেশী প্রব্রজনকাৰী থকাৰ পাছতো অতি সামান্য সংখ্যক
৯ জন বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি
গুৱাহাটী : দেশ কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিত বক্রপথেৰে চাকৰি লোৱা অভিযুক্তসকল প্রথমে গ্রেপ্তাৰ হৈ চাকৰিৰ পৰা নিলম্বন অথবা বর্খাস্ত হোৱাৰ পাছত এইবাৰ নতুন সংকটত পৰিছে৷ কাৰাবন্দী এই ৰাজপত্রিত বিষয়াসকলৰ বিৰুদ্ধে এতিয়া এজন এজনকৈ গোচৰ চলোৱাৰ অনুমতি প্রদান কৰিছে চৰকাৰে৷ ৰাকেশ পাল বাহিনীৰ পৰা লাখ লাখ টকাৰ বিনিময়ত বক্রপথেৰে চাকৰি লৈ তদন্তকাৰী আৰক্ষীৰ হাতত এইপর্যন্ত গ্রেপ্তাৰ হোৱা ৫৬জন ৰাজপত্রিত বিষয়াৰ ৯জন বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ চৰকাৰে অনুমতি দিছে৷ আজি তদন্তকাৰী আৰক্ষীয়ে ৰাজ্যৰ বিশেষ আদালতক এই বিষয়াকেইজনৰ তালিকা প্রদান কৰিছে৷ চৰকাৰে গোচৰ চলাবলৈ অনুমতি দিয়া অভিযুক্ত ৰাজপত্রিত বিষয়াকেইজন হ’ল এ চি এছ অমৃতজ্যোতি শর্মা, ভাস্কৰ চন্দ্র দেৱশর্মা, ভাস্কৰ দত্ত দাস, ঋতুৰাজ গগৈ, জিলা পৰিবহণ বিষয়া প্রসেনজিৎ ঘোষ, কৰ অধীক্ষক
হাতে-লোটে গ্রেপ্তাৰ তেজপুৰৰ শিক্ষা বিভাগৰ দুজন কর্মচাৰীক
তেজপুৰ : ৰাজ্য চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পাছতো একাংশ ঘোচখোৰ বিষয়া-কর্মচাৰীৰ যেন এতিয়াও ভ্রূক্ষেপ নাই৷ সময়ে সময়ে অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই ৰাজ্যখনৰ বিভিন্ন প্রান্তৰত দুর্নীতিৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও অদ্যাপি চৰকাৰী বিভিন্ন বিভাগত অব্যাহত আছে দুর্নীতি-অনিয়মৰ পৰম্পৰা৷ বিশেষকৈ শিক্ষা বিভাগৰ কার্যালয়ৰ পৰা যেন নির্মূল নহ’ব দুর্নীতিৰ পুলি পোখা৷ শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদর্শকৰ কার্যালয়ত চলি থকা দুর্নীতিৰ বেহা আজি পোহৰলৈ অহাত এই কথাকেই প্রতিপন্ন কৰিলে৷ তেজপুৰত অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই অভিযান চলাই আজি শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদর্শকৰ কার্যালয়ৰ দুজন কর্মচাৰীক উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পেলাই গ্রেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ হুগ্রাজুলিৰ মধুপুৰ বনগাঁও প্রাথমিক বিদ্যালয়ৰ পৰা ২০১১ চনত অৱসৰ গ্রহণ কৰা
ফেচবুক গোট “সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসম” আৰু কবিতা চৰ্চা : এক অৱলোকন
# এন হক (জান) ফেচবুকৰ বিষয়ে নজনা নতুন প্ৰজন্ম খুব কমেই ওলাব। ফেচবুক বৰ্তমান ছ’চিয়েল মিডিয়াৰ বহল পৃথিৱীৰ এক শাওণৰ পথাৰ। সকলো মাধ্যমৰে ভাল বেয়া দুয়োটা গুণেই থাকে। মই ফেচবুকৰ চমু পৰিক্ৰমাৰ এক ক্ষুদ্ৰতম অংশ। মোৰ সুক্ষ্ম অধ্যয়নত দেখিছো বহুতেই ফেচবুকক এক প্ৰচাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। ৰাজনৈতিক মকৰাজালো বান্ধিছে এই পথাৰত। প্ৰায়ে দেখা যায় কিছুমান ব্যক্তিয়ে গোট খুলি ধৰ্মীয় গোড়ামীৰ অনৈতিক ভাৱধাৰাৰে বৰবিহ বিয়পাবলৈ আপ্ৰাণ চেষ্টা চলাইছে। এই বিষবাষ্পত আক্ৰান্ত হৈ বিপথগামী হৈছে বহুতো। বহুতে হৈছে ৰঙা ঘৰৰ আলহী আৰু বহুতৰে জীৱন হৈছে বেদনাদায়ক। এইবোৰে মোক বাৰুকৈয়ে আমুৱাইছিল। বুকুত চিৰাল ফাট মেলিছিল। সেয়ে বিদায় ল’ব ওলাইছিলো ফেচবুকৰ বৃহৎ পথাৰৰ পৰা। ঠিক তেতিয়াই কেনেবাকৈ মোৰ চকুত ধৰা পৰিল ফেচবুকৰ গোট