Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:50 pm

Home » আঞ্চলিক » হাতে-লোটে গ্রেপ্তাৰ তেজপুৰৰ শিক্ষা বিভাগৰ দুজন কর্মচাৰীক

হাতে-লোটে গ্রেপ্তাৰ তেজপুৰৰ শিক্ষা বিভাগৰ দুজন কর্মচাৰীক


তেজপুৰ : ৰাজ্য চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পাছতো একাংশ ঘোচখোৰ বিষয়া-কর্মচাৰীৰ যেন এতিয়াও ভ্রূক্ষেপ নাই৷ সময়ে সময়ে অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই ৰাজ্যখনৰ বিভিন্ন প্রান্তৰত দুর্নীতিৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও অদ্যাপি চৰকাৰী বিভিন্ন বিভাগত অব্যাহত আছে দুর্নীতি-অনিয়মৰ পৰম্পৰা৷

বিশেষকৈ শিক্ষা বিভাগৰ কার্যালয়ৰ পৰা যেন নির্মূল নহ’ব দুর্নীতিৰ পুলি পোখা৷ শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদর্শকৰ কার্যালয়ত চলি থকা দুর্নীতিৰ বেহা আজি পোহৰলৈ অহাত এই কথাকেই প্রতিপন্ন কৰিলে৷ তেজপুৰত অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই অভিযান চলাই আজি শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদর্শকৰ কার্যালয়ৰ দুজন কর্মচাৰীক উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পেলাই গ্রেপ্তাৰ কৰে৷
উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ হুগ্রাজুলিৰ মধুপুৰ বনগাঁও প্রাথমিক বিদ্যালয়ৰ পৰা ২০১১ চনত অৱসৰ গ্রহণ কৰা শিক্ষক দেহীৰাম নাথৰ পেঞ্চনৰ যাৱতীয় কাম-কাজ কৰাৰ বাবে কার্যালয়টোৰ একাংশ কর্মচাৰীয়ে ধন বিচাৰি আছিল৷ ধন নিদিয়া বাবে অৱসৰপ্রাপ্ত শিক্ষকগৰাকীক পেঞ্চনৰ কামত গাফিলতি কৰি বিভিন্ন অজুহাত দেখুৱাই দিনৰ পিছত দিন ঘূৰাই আছিল৷ এই সম্পর্কে শিক্ষকগৰাকীৰ পুত্রই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিষয়টো সম্পর্কে দুমাহ পূর্বে আৱেদন কৰি তথ্য বিচাৰিছিল যদিও ৰহস্যজনকভাৱে কার্যালয়টোৱে তথ্য যোগানৰ পৰা বিৰত আছিল৷ইয়াৰ পাছতেই শিক্ষকগৰাকীৰ পুত্র ভাস্কৰজ্যোতি নাথে কার্যালয়টোৰ কর্মচাৰীৰ সৈতে ফ’ন যোগে যোগাযোগ কৰাত কার্যালয়টোৰ জ্যেষ্ঠ সহায়ক জগন্নাথ শইকীয়া আৰু কনিষ্ঠ সহায়ক দীপক সিনহাই উৎকোচ বিচাৰিছিল৷ ইয়াৰ পাছতেই অৱসৰপ্রাপ্ত শিক্ষকগৰাকীৰ পুত্র ভাস্কৰজ্যোতি নাথে কালি অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰি লিখিত অভিযোগ দাখিল কৰে৷
এই অভিযোগৰ ভিত্তিত আজি গুৱাহাটীৰ পৰা অহা দুর্নীতি নিবাৰক শাখাৰ ১৫জনীয়া এটা দলে এক পৰিকল্পনা কৰি দিনটো তেজপুৰত বাহৰ পাতি কার্যালয়টোৰ গতি-বিধি লক্ষ্য কৰে আৰু দুর্নীতিপৰায়ণ দুয়োজন কর্মচাৰীক ধন লৈ থকা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰে৷ দুর্নীতি নিবাৰক শাখাৰ উপ আৰক্ষী অধীক্ষক নন্দিনী ডেকা আৰু পৰিদর্শক সুকুমাৰ সিংহৰ নেতৃত্বত অহা দলটোৱে দুয়োজন কর্মচাৰীয়ে ভাস্কৰজ্যোতি নাথৰ পৰা উৎকোচ হিচাপে টকা লোৱা হাতৰ বিজ্ঞানসন্মত পৰীক্ষা সম্পন্ন কৰি প্রমাণ নিশ্চিত কৰে৷ইয়াৰ পাছতেই দুর্নীতি নিবাৰক শাখাই কার্যালয়ৰ কেতবোৰ নথি -পত্রৰ লগতে দুয়োজন অভিযুক্তই ব্যৱহাৰ কৰা ম’বাইল ফ’ন জব্দ কৰাৰ উপৰি ঘোচখোৰ জ্যেষ্ঠ সহায়ক জগন্নাথ শইকীয়া আৰু কনিষ্ঠ সহায়ক দীপক সিনহাক গ্রেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায়৷ প্ৰনিধান যোগ্য যে অৱসৰপ্রাপ্ত শিক্ষক দেহীৰাম নাথে ২০১১ চনৰ ৩১ মার্চত অৱসৰ গ্রহণ কৰিছিল৷ তেওঁ পাবলগীয়া আর্জিত ছুটীৰ ধন আৰু টাইম স্কেলৰ ধনৰাশিৰ বাবেই এনেদৰে দীর্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল দুয়োজন কর্মচাৰীয়ে৷ এই ঘোচখোৰ কর্মচাৰী দুজনে অৱসৰপ্রাপ্ত শিক্ষকৰ পৰা ঘোচ লোৱাৰ সময়ত উক্ত ধনৰ ভাগ কোষাগাৰ বিষয়া আৰু সঞ্চালকক দিব লাগে বুলি দাবী কৰে৷ এই কথা দুয়োজন অভিযুক্তৰ ফ’নত বাণীবদ্ধ হোৱা কথা-বার্তাৰ পৰা পোহৰলৈ আহিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি