বিশ্বনাথ : মহিলা সৱলীকৰণৰ দিশত অন্য এক মাত্রা প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ দ্বাৰা তেজপুৰ লােকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথৰ কমলাকান্ত ক্ষেত্রত আয়ােজিত মহিলা সমাৰােহত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি এই লােকসভা সমষ্টিৰ অন্তৰ্গত ১৫ টা মহিলা আত্ম-সহায়ক গােটলৈ কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত প্রত্যেকলৈ ২৫,০০০ টকাৰ ঘূর্ণীয়মান পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্রদান কৰে।
উল্লেখ্য যে এই তেজপুৰ লােকসভা সমষ্টিয়ে সামৰা ৮ টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১১,০৫৭ টা মহিলা আত্ম-সহায়ক গােটে এই আঁচনিৰ অধীনত ২৫,০০০ টকাৰ প্ৰাৰম্ভিক ঘূর্ণীয়মান পুঁজি লাভ কৰিব।
মহিলা সমাৰােহত অংশ লােৱা বিভিন্ন আত্ম-সহায়ক গােটৰ সদস্যা সকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে সমাজ পৰিৱর্তনৰ দিশত মাতৃ তথা মহিলা সমাজৰ অপাৰ শক্তি আছে বুলি উল্লেখ কৰি কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ১.৩০ লাখ মহিলা আত্মসহায়ক গােটলৈ বিত্তীয় সাহায্য আগবঢ়াই মহিলাৰ উত্তৰণৰ দিশত বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলিও কয়। মুখ্যমন্ত্ৰীয়ে মহিলা আত্ম-সহায়ক গােটৰ সদস্যা সকলক এই আঁচনিৰ অধীনত লাভ কৰা পুঁজিৰ সদ ব্যৱহাৰেৰে আর্থিক সৱলীকৰণৰ উপৰি সামাজিক সৱলীকৰণৰ পথ প্রশস্ত কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্রীয়ে এই প্রসংগত কয় যে মহিলা সৱলীকৰণৰ দিশত বৰ্তমানৰ চৰকাৰে যথেষ্ট গুরুত্ব প্রদান কৰিছে। কাৰণ বর্তমানৰ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্রীয় চৰকাৰে গভীৰভাৱে বিশ্বাস কৰে যে এগৰাকী মহিলা আর্থিক তথা অন্যান্য দিশত সৱল হলে তেওঁ প্রতিনিধিত্ব কৰা পৰিয়ালটো সৱল হৈ উঠিব আৰু পৰিয়াল সৱল হৈ উঠিলে সমাজ এখন সৱল হােৱাৰ উপৰি ৰাজ্য তথা ৰাষ্ট্ৰখনাে আৰু অধিক আগুৱাই যাব। মুখ্যমন্ত্ৰীয়ে মহিলাসকলক আঁচনিৰ জৰিয়তে লাভ কৰা পুঁজি উৎপাদনশীল কামত খটুৱাই লাভৱান হ’বলৈ আহ্বান জনায়। ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ দিশত মহিলাসকলে যাতে অর্থবহ অৰিহণা যােগাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে মহিলাসকলৰ বাবে আৰু অধিক কল্যাণকামী আঁচনি গ্ৰহণৰ পদক্ষেপ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে মহিলাসকলক মাতৃ, গুৰু আৰু সংস্কাৰক হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে গ্রাম্য অর্থনীতিৰ উত্থাপনৰ ক্ষেত্ৰত মহিলাসকলে আগবঢ়াব পৰা অপাৰ অৰিহণা তথা শক্তি সামর্থৰ বিষয়েও কয়। এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে যদিহে মহিলাসকলে গ্রামাঞ্চলৰ উত্তৰণৰ দিশত এই শক্তি, সামর্থ তথা সমল উপযুক্তভাৱে প্রয়ােগ কৰে তেতিয়া হ’লে ৰাজ্যৰ গ্রামীণ অর্থনীতিয়ে এক নতুন দিশলৈ গতি কৰিব। মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে পুঁজি লাভ কৰা মহিলা আত্ম-সহায়ক গােটসমূহে প্রতিযােগিতাৰ মনােভাৱেৰে উৎপাদনশীল কামত ব্ৰতী হােৱাৰ বাবেও আহ্বান জনায়। ৰাজ্য চৰকাৰে এই আঁচনিৰ জৰিয়তে পুঁজি লাভ কৰি উৎকর্ষতাৰ দিশত অনন্য প্রদর্শন কৰা প্রথম, দ্বিতীয় আৰু তৃতীয় আত্ম-সহায়ক গােটসমূহলৈ ক্রমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বুলিও কয়। এনে উদ্যোগী মহিলাসকলক ৰাজ্য চৰকাৰে বিদেশ ভ্রমণৰ সুবিধা প্রদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে মহিলা সকলৰ কল্যাণৰ দিশত গ্ৰহণ কৰা আঁচনিসমূহৰ সঠিক ৰূপায়নৰ দিশটোৰ প্রতি চোকা দৃষ্টি ৰখাৰ বাবেও আহ্বান জনায়। সমাজৰ পৰা অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ সমুলাঞ্চে আঁতৰ কৰাৰ ক্ষেত্ৰত মহিলাসকলক অগ্রণী ভূমিকা পালন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে লােৱা লক্ষ্য ৰাজ্যখনত সর্বাত্মক ৰূপত ৰূপায়নৰ ক্ষেত্ৰত মহিলাসকলক সম্পূৰ্ণৰূপে সহায়-সহযােগিতা আগবঢ়োৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। কনকলতা মহিলা সৱলীকৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আৰু অধিক বিত্তীয় সাহায্য মহিলা আত্ম-সহায়ক গােটসমূহলৈ আগবঢ়াব বুলিও তেওঁ কয়।
অনুষ্ঠানত ভাষণ প্রদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত মহিলা আত্ম-সহায়ক গােটসমূহলৈ সর্বোচ্চ ৫ লাখ টকালৈকে বিত্তীয় সাহায্য আগবঢ়াব বুলি কয়। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ উন্নতিকল্পে গ্রহণ কৰা উল্লেখযােগ্য কল্যাণকামী আঁচনিসমূহৰ আলােকপাত কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে অহা ২ অক্টোবৰৰ পৰা ৰাজ্য চৰকাৰে দৰিদ্র সীমাৰেখাৰ তলৰ তথা দৰিদ্র সীমাৰেখাৰ ওপৰ নির্বিশেষে ৬০ বছৰৰ উৰ্দ্ধৰ ৰাজ্যখনৰ সকলােবােৰ জ্যেষ্ঠ নাগৰিকক পেঞ্চন প্রদানেৰে এই আঁচনিখন সার্বজনীন কৰাৰ পদক্ষেপ লৈছে বুলিও কয়। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বিশ্বনাথত থকা অসামৰিক চিকিৎসালয়খন ২০০ বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ লগতে বিহালীত এখন দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও কয়।।
আজিৰ এই মহিলা সমাৰােহত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, শ্রম মন্ত্রী পল্লৱ লােচন দাস, তেজপুৰ লােকসভা সমষ্টিৰ সাংসদ আৰ পি শৰ্মা, অসম বিধান সভাৰ প্রাক্তন অধ্যক্ষ তথা হাউছফেডৰ বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, গুৱাহাটী পৌৰ নিগমৰ উপ পৌৰপতি বিজুলি কলিতা মেধীয়ে চৰকাৰে হাতত লােৱা বিভিন্ন কল্যাণকামী আঁচনিৰ সবিশেষ ব্যাখ্যাৰে বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিধায়কসকল ক্রমে বৃন্দাবন গােস্বামী, প্রমােদ বৰকটকী, গণেশ লিম্বু, উৎপল বৰা, অশােক সিংঘল, অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষা কৃষ্ণা দাস বৰ্মনৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আজি পৰলােকপ্রাপ্তি ঘটা বিশ্বনাথ মহাবিদ্যালয়ৰ অংক শাস্ত্র বিভাগৰ প্রাক্তন অধ্যাপক তথা বিশিষ্ট সমাজকর্মী বিপিন কলিতাৰ গৃহলৈ গৈ তেখেতৰ প্রতিচ্ছবিত মাল্যাৰ্পণ কৰি মৃতকৰ প্রতি শ্রদ্ধা নিবেদন কৰাৰ উপৰি তেখেতৰ পৰিয়ালৰ শােকসন্তপ্ত সদস্য-সদস্যাসকলৰ প্রতি সহমর্মিতা প্রকাশ কৰে।