Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 2:03 am

Home » আঞ্চলিক » বিলাসীপাৰাত নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিৰ সমাবেশ

বিলাসীপাৰাত নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিৰ সমাবেশ

কেন্দ্রই অধিক বিদেশীৰ বােজা জাপি দিলে অসমে স্বাধীনতা বিচৰাৰ বিকল্প নাথাকিব – অখিল গগৈ
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি গঢ়ি উঠা বৃহৎ গণ সংগ্রাম আজি বিলাসীপাৰালৈ সম্প্রসাৰিত হ’ল৷ কৃষক মুক্তি সংগ্রাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অনান্য জাতীয় আৰু জনগােষ্ঠীয় সংগঠনৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰীলৈকে যি বৃহৎ গণসমাবেশ গঢ়ি তােলা হৈছিল তাৰ অংশ হিচাপে আজি ধুবুৰী জিলাৰ বিলাসীপাৰা বাঙালীপৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল গণ সমাবেশ৷ আজি দুপৰীয়া ১২ বজাৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হবিবৰ ৰহমান খানৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাৱেশত ২০ হেজাৰৰােধিক লােকে অংশ গ্রহণ কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰাজ্যিক উপ সভাপতি হেমেন চক্রবর্তী নির্দিষ্ট বক্তা হিচাপে আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈযে মুখ্য অতিথি ৰূপে অংশ গ্রহণ কৰা গণ সমাবেশ খনত হাজাৰ হাজাৰ নাগৰিকে প্রচণ্ড ৰ’দকো নেওচি সমাৱেশত উপস্থিত থকাই নহ্য় নাগৰিকত্ব সংশােধনী বিধেয়ক বাতিল নােহােৱা পর্যন্ত বিদেশী বিৰােধী অসমৰ জাতীয় সংগ্রামখন আগুৱাই নিয়াৰ সংকল্প গ্রহণ কৰে৷ সমবেত ২০ হেজাৰৰােঅধিক নাগৰিকে ১৯৭১ চনৰ ২৫ মার্চৰ পিছৰ হিন্দু মুছলমান সকলাে বিদেশীকে অসমৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনায়।
সভাত অংশ গ্রহণ কৰি মুখ্য অতিথি অখিল গগৈযে কয় যে নাগৰিকত্ব সংশােধনী বিধেয়ক ২০১৬ জাপি দি কেন্দ্রীয় চৰকাৰে অসমবাসীৰ দীর্ঘদিনীয়া বিদেশী বহিষ্কাৰৰ দাবীক নস্যাত কৰিলে। ১৯১৫ চনৰ পৰা অবৈধ অনুপ্রৱেশৰ বিৰুদ্ধে বৰ্তমানলৈকে মাত মাতি অহা অসমবাসীৰ ওপৰত নতুনকৈ হিন্দু বাংলাদেশী জাপি দিয়াটো দেখ দেখকৈ অন্যায়। কেন্দ্রীয় চৰকাৰে এনেকৈ অন্যায় সিদ্ধান্ত জাপি দি থাকিলে অসমীয়া জাতিযে স্বাধীনতা বিচৰাৰ কোনাে বিকল্প নাথাকিব। তেওঁ কয় যে ভাৰতৰ স্বাধীনতা সংগ্রাম চলি থকাৰ পিছতাে অর্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ সুতীব্ৰ হৈ থকাৰ সময়তে সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই ১৯১০ চনত অ’ মােৰ আপােনাৰ দেশ নামৰ জাতীয় সংগীত এনেয়ে ৰচনা কৰা নাছিল। একেজন বেজবৰুৱাই “অসম সংগীত” লিখি “জয় আই অসম” ধ্বনি এনেযে উঠোৱা নাছিল। অখিল গগৈযে কয় যে ভাৰত মাতা কি জয় শ্লোগান থকাৰ পিছতাে অসমীয়া মানুহে জয় আই অসম শ্লোগান দিয়াটোৱে অসমীয়া জাতিৰ স্বক্রিয়তাকে প্রতিফলিত কৰে। এনে এটা অসমীয়া জাতিৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কাটি দি কেন্দ্রীয় চৰকাৰে অসমীয়া জাতিক প্ৰত্যাহ্বান জনাইছে৷ এতিয়া পুনৰ হিন্দু বাংলাদেশী জাপি দি অসমীয়া জাতীয়তাবাদকে নিঃশেষ কৰিব বিচাৰিছে আৰু সেই বাবেই ধুবুৰীৰ পৰা শদিয়ালৈকে সমগ্ৰ অসমৰ ৰাইজে নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে৷ কেন্দ্রই যদি অসমীয়া জাতিৰ এই ক্ষোভ উপলব্ধি নকৰে তেন্তে লােকচান হ’ব কেন্দ্রীয় চৰকাৰৰে। বিজেপি- আৰ এছ এছে তেওঁলােকৰ হিন্দু ৰাষ্ট্র প্রতিষ্ঠাৰ দুঃস্বপ্ন থেদি আৰু হিন্দু বাংলাদেশীৰ স্থায়ী ভােটবেংকৰ তাড়নাত যদিহে অসমৰ জনগােষ্ঠীয় আৰু জাতীয় পৰিচয়ক মােহাৰি ৰাষ্ট্ৰীয় হিন্দুত্বক জাপি দিব বিচাৰে তেন্তে অসমীয়া জাতিযে তাক কেতিয়াও সহ্য নকৰে৷ বৰং অসমবাসীৰ মাজত থকা জনগােষ্ঠীয় জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদৰ ৰাজনৈতিক সংঘাত পৰিহাৰ কৰি কেন্দ্ৰ বিৰােধী এক ঐক্যবদ্ধ সংগ্রাম গঢ়ি তুলিবলৈহে সিদ্ধান্ত ল’ব৷ অখিল গগৈয়ে ক্য়, নির্বাচনৰ পূর্বে অসমৰ পৰা বিদেশী খেদিম বুলি প্রতিশ্রুতি দিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীযে নির্বাচনত জিকি বিদেশী ভাৰতৰ পৰা খেদিব নােৱাৰাকৈ এখন জাননী আৰু এটা আদেশহে জাৰি কৰিলে৷ পাৰপত্র (ভাৰতত প্ৰৱেশ) সংশােধনী বিধি,২০১৫ আৰু বিদেশী (সংশােধনী) আদেশ ২০১৫ নামৰ দুখন জাননী জাৰি কৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ৬ টা ধৰ্মৰ মানুহক ভাৰতত বিদেশীৰ সংজ্ঞাৰ পৰা ৰেহাই দিলে। ফলত ২০১৪ চনৰ ৩১ ডিচেম্বৰ পর্যন্ত অসমত প্ৰৱেশ কৰা কোনাে হিন্দু বাংলাদেশীকে অসমৰ পৰা বহিষ্কাৰ কৰাটো অসম্ভৱ হৈ পৰিল। সেইবাবে নাগৰিকত্ব সংশােধনী বিধেয়ক ২০১৬ বাতিল হ’লেও অসমে বিদেশীৰ পৰা মুক্ত নহ’ব। তেওঁ কয় যে নাগৰিকত্ব সংশােধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সকলক প্ৰৱেশৰ ৬ বছৰ পিছতে ভােটাধিকাৰ দি অসমত এনে বাংলাদেশীযে মুখ্যমন্ত্রী হােৱাৰ পথ মুকলি কৰি দিলে৷
সেইবাবেই এই বিধেয়ক আইনত পৰিণত হ’লে অসমবাসীয়ে ৰাজনৈতিক,অর্থনৈতিক আৰু ভাষিক অধিকাৰ হেৰুৱাই পেলাব। সমবেত ২০ হেজাৰােধিক জনতাক তেওঁৰ উদ্দাত্তভাবে প্রশ্ন কৰে – আপােনালােকে অসমীয়া ভাষা এৰি দিবলৈ ৰাজী আছেনে? সমবেত জনতাই কোনােপধৈই নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত হ’বলৈ নিদিয়ে বুলি অংগীকাৰ গ্ৰহণ কৰে৷ আজিৰ গণ সমাৱেশত অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমেন চক্রবর্তী উপস্থিত থকাৰ উপৰিও প্ৰচাৰ সম্পাদক সঞ্জয় শর্মা , কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, ছাত্র মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় কার্যকৰী সভাপতি আশ্রাফুল ইছলাম আৰু কেন্দ্রীয় শিক্ষা সম্পাদক আমিনুল হক উপস্থিত থাকে।
অখিল গগৈযে আজি প্ৰদান কৰা ভাষণৰ উল্লেখযােগ্য বিষয়বস্তুবােৰ হ’ল- ১) সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেইবাখনাে অধিবেশনত ধাৰাবাহিকভাৱে যােগদান কৰাৰ পাছতাে ১৯১০ চনতে অসমক ৰাজ্য বুলি নকৈ ‘অ’ মােৰ আপােনাৰ দেশ’ বুলি কৈছিল। ১৯১৫ চনত বেজবৰুৱাই পােন প্রথমে ‘জয় আই অসম’ বাক্যটো লিখিছিল।
২) ১৯৩৭ চনত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীযে সেই সময়ৰ কংগ্ৰেছ নেতা জৱাহৰলাল নেহৰুক ৰঙিয়াত স্মাৰক পত্র দি কৈছিল- অসমীয়া জাতিযে মর্যদা সহকাৰে জীয়াই থাকিবলৈ নাপালে আৰু প্ৰব্ৰজনৰ পৰা কেন্দ্রীয় নেতৃত্বই অসমক ৰক্ষা কৰিব নােৱাৰিলে অসমীয়াই ভাৰতৰ লগত নাথাকে৷
৩) স্বাধীন অসমৰ দাবী প্রথমবাৰৰ বাবে ১৯৩৬ চনত উত্থাপন কৰিছিল তেজপুৰ অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি জ্ঞাননাথ বৰাই। ১৯৭৯ চনতহে আলফাই ইয়াৰ পােষকতা কৰিছিল।
৪) ২০১৫ চনৰ ৭ চেপ্তেম্বৰত কেন্দ্রীয় চৰকাৰে পাৰপত্র (ভাৰতলৈ প্ৰৱেশ) সংশােধনী বিধি, ২০১৫ জাৰি কৰে। একেটা দিনতে বিদেশী (সংশােধনী) নির্দেশ ২০১৫ ৰ জৰিয়তে মুছলমানৰ বাদে ৬টা ধর্মালম্বী লােক বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা আহিব পাৰিব বুলি নির্দেশ জাৰি কৰি অসমত হিন্দু বাংলাদেশীৰ স্থায়ী সংস্থাপন দিলে। নাগৰিকত্ব সংশােধনী বিধেয়ক ২০১৬ গৃহীত হ’লে মাত্র ছবছৰ থকাৰ পাছতে এই বিদেশী মানুহবােৰে ভােটাধিকাৰ লাভ কৰিব৷ তাৰ লগে লগে নির্বাচনত প্রতিদ্বন্দিতা কৰি মুখ্যমন্ত্রীও হ’ব পাৰিব৷
৫) অসমত ৪ লাখ ৫০ হাজাৰ মানুহে মথাউৰীৰ ওপৰত বাস কৰে। অসমত ভূমিহীন লােকৰ হাৰ ২৮% আৰু উপান্ত কৃষকৰ হাৰ ৩২%। অর্থাৎ মাটি নথকা মানুহ আৰু সামান্য মাটি থকা মানুহৰ হাৰ ৬০%। এই সকল অসমীয়াক মাটি দিবলৈ কেন্দ্রই নির্দেশ দিয়া নাই কিন্তু ২০১৬ চনৰ ২০ আগষ্ট তাৰিথে কেন্দ্রই অসম চৰকাৰলৈ জাননী জাৰি কৰি হিন্দু বাংলাদেশীক যথােপযুক্ত সংস্থাপন দিবলৈ জাৰি কৰিছে৷
৬) অসমৰ ২৯ লাখ নিবনুৱাৰ সংস্থাপনৰ ব্যৱস্থা নাই। কিন্তু কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক ব্যৱসায়ৰ সুবিধা দিবলৈ বা চাকৰিৰ সুবিধা দিবলৈ একেথন জাননীতে নির্দেশ জাৰি কৰিছে।
৭) আজীৱন জয় আই অসমৰ ধ্বনি দিয়া মুখ্যমন্ত্রী সর্বানন্দ সােনােৱালে এতিয়া গাদী ৰষ্কাৰ বাবে দিল্লীৰ শৰণাপন্ন হৈ ভাৰত মাতা কি জয় বুলি কয়। সােনােৱালে নাগপুৰ আৰু দিল্লীৰ ভয়ত অসমীয়া জাতীয়তাবাদ এৰি হিন্দুত্ববাদী মৌলবাদত শৰণ লােৱাটো অসমীয়া জাতিৰ বাবে দুর্ভাগ্যজনক।
৪) কংগ্ৰেছৰ দিনতে অসমত ১৫ লাখৰ পৰা ২৯ লাখলৈ বৃদ্ধি পােৱা নিবনুৱাক চাকৰি দিয়া কথা কোৱা জাতি মাটি ভেটি ৰষ্কাৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনতে ডাক, ৰেলৱে বিভাগত বহিঃৰাজ্যৰ মানুহক নিযুক্তি দিয়াৰ উপৰিও অসমৰ চাকৰি কেইটাও সৰ্বভাৰতীয় পর্যায়লৈকেহে মুকলি কৰি দিলে। বঞ্চিত হ’ল অসমীয়া। মাজুলীৰ বিদ্যালয়তাে বিহাৰৰ হিন্দীভাষীযে চাকৰি পালে।
৯) বিজেপি, RSS যে কয় লাচিত বৰফুকন হেনাে হিন্দু বীৰ আছিল। কিন্তু শৰাইঘাটৰ যুদ্ধ হােৱাৰ সময়ত আহােম সকলে হিন্দু ধর্ম গ্রহণ কৰা নাছিল।
১০) বিজেপি, RSS ৰ কৰ্মীসকলকো তেওঁ দল এৰি অসমীয়া জাতিৰ জাতীয় সংগ্ৰামত যােগ দিবলৈ আহ্বান জনায়। জাতীয় স্বতন্ত্রতা ৰক্ষাৰ বাবে আৰু বিদেশী মুক্ত অসমৰ বাবে এতিয়া অসমবাসী একেলগ হােৱাৰ সমসা
১১) ৭০ বছৰ লুণ্ঠিত হােৱাৰ পাছতাে অসমীয়া মানুহ সজাগ নহ’লে, অসমীয়া জাতি জীয়াই নাথাকে৷
১২) দেশক বিক্ৰী কৰা মানুহক ক্ষমা নহ’ব। এতিয়াও অসমীয়া জাতি মৰি যােৱা নাই।
১৩) জেলত দিলে দিক, গুলী কৰিলেও কৰক, মাৰিলেও মৰিম। কিন্তু নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ বিৰােধিতা কৰি যাম।
১৪) এতিয়া আমি অসমীয়া হােৱাৰ সময়। অসমীয়াৰ গভীৰ সংকট কালত জাতি ৰক্ষাৰ সময়। এয়াই হওক আমাৰ শেষ সংগ্রাম।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি