নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহলে সৰ্বানন্দ সোণোৱালক শান্তিত থাকিব দিয়া নহব : বৰপেটাত অখিল গগৈৰ হুংকাৰ
পুলেন্দ্ৰ দাস, বৰপেটা :
“নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহ’লে সৰ্বানন্দ সোণোৱালক শান্তিত থাকিব দিয়া নহব৷” এই মন্তব্য কৃষক নেতা অখিল গগৈৰ৷ মঙলবাৰে বৰপেটা চহৰৰ পৌৰসভাৰ খেলপথাৰত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত বিশাল গণ সমাবেশত অংশগ্ৰহন কৰি কৃষক নেতা গৰাকীয়ে কয় যে, বিজেপি- আৰ এছ এছে অসমীয়াৰ পৰিচয় নোহোৱা কৰি হিন্দু পৰিচয় প্ৰদানৰ বাবে বাধ্য কৰিব বিচাৰিছে৷
হিন্দু- মুছলমানৰ সংঘাত হ’লেহে দুখীয়াৰ ভোট পায় বুলি উল্লেখ কৰি দুখীয়াৰ ভোট লাভৰ বাবে বিভিন্ন ৰাজনৈতিক দলে সূতা, কম্বল, আঠুৱা, লেট্ৰিন দিয়াৰ লগতে হিন্দু-মুছলমানৰ মাজত সংঘাত লগাই ৭০বছৰে সৰ্বসাধাৰণ লোকক লুট-পাট চলাই আহিছে বুলিও মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে৷ বিশাল গণ সমাবেশত অংশগ্ৰহন কৰি গগৈয়ে লগতে কয় যে, কংগ্ৰেছ, বিজেপি, এজিপি আৰু এ আই ইউ ডি এফ দলে অসমৰ জাতীয় সমস্যা সমাধানতকৈ ভোট বেংক বৃদ্ধি কৰাতহে গুৰুত্ব প্ৰদান কৰিছে৷ ভোট বেংক বৃদ্ধি কৰাৰ স্বাৰ্থতে অসমক ধ্বংস কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত ৰূপায়ন কৰাৰ বাবে বিজেপি- আৰ এছ এছে উঠি পৰি লগা বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে৷ অসমত এজন বাংলাদেশীক ৰখাৰ ব্যৱস্থা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমত থাকিবলৈ দিয়া নহ’ব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে৷
কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত গণ সমাবেশখনত অখিল গগৈয়ে কয় যে, ৰাজ্যৰ ২৮শতাংশ লোকৰ ভূমি নাই আৰু ৩২শতাংশ লোকৰ একেবাৰে কম মাটি আছে৷ ৰাজ্যৰ ৬০শতাংশ লোকৰ ভালকৈ মাটি নাই যদিও খিলঞ্জীয়া এইসকল ভূমিহীনক ভূমি দিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই৷ অসমৰ ভূমিহীন লোকক ভূমি দিব নোৱাৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিদেশীক নাগৰিকত্ব প্ৰদানৰ জৰিয়তে ভূমি দিয়াৰ বাবে উঠি পৰি লগাতো অসমীয়া জাতিৰ বাবে ভয়ংকৰ ক্ষতি বুলিও কয় অখিল গগৈয়ে৷
সভাপতি মণ্ডলীৰ সদস্য নিৰঞ্জন ৰয়, মাধৱ দাস আৰু ৰফিকুল ইছলামৰ পৰিচালনাত অনুষ্ঠিত গণ সমাবেশখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতাইও ভাষন প্ৰদান কৰে৷ তিনি সহস্ৰাধিক লোকে অংশগ্ৰহন কৰা এই নাগৰিক সভাখনৰ সামৰণিত সংকল্প গ্ৰহন কৰা হয়৷