Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:15 am

Home » আঞ্চলিক » এন আৰ চি : চৰাঞ্চলত ইছৰৰ সহায়েৰে নিৰাপত্তা পর্যবেক্ষণ কৰিব চৰকাৰে

এন আৰ চি : চৰাঞ্চলত ইছৰৰ সহায়েৰে নিৰাপত্তা পর্যবেক্ষণ কৰিব চৰকাৰে


হাজেলাৰ ঘােষণা, ৩০ জুনত প্রকাশ নাপায় পূর্ণাংগ খচৰা

গুৱাহাটী : অহা ৩০ জুনত প্রকাশ নাপায় বহুপ্রতীক্ষিত এন আৰ চিৰ পূৰ্ণাংগ খচৰা। আজি এই কথা স্পষ্ট কৰি দিছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই। আনহাতে, এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ পাছতেই ৰাজ্যৰ চৰ অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হােৱাৰ আশংকা কৰিছে চৰকাৰে। সৰ অঞ্চলত বসবাস কৰা সংখ্যালঘু লােকৰ নাম খচৰাত বাদ পৰাৰ চৰাঞ্চলত ইছৰৰ সহায়েৰে আশংকাতেই চৰকাৰে চৰ অঞ্চলত নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰাৰ ব্যৱস্থা গ কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ভাৰতীয় মহাকাশ গবেষণা সংস্থা, চমুকৈ ইছৰৰ কাষ চাপিছে। ইছৰৰ জৰিয়তে চৰ অঞ্চলসমূহ সঠিকভাৱে মেপিং দি (চিত্ৰাংকিত) কৰাৰ ব্যৱস্থা কৰিছে, যাতে নিৰাপত্তা বাহিনী সঠিকভাৱে ডু মােতায়েন কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি, এন আৰ চিৰ পূর্ণাংগ খচৰা প্ৰকাশৰ নিৰ্ধাৰিত দিনলৈ মাজতে মাত্র কেইটামান দিন বাকী থকা অৱস্থাত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই অহা ৩০ জুন খচৰাখন প্রকাশ নাপায় বুলি প্ৰকাশ কৰিছে।
এক আছুতীয়া সাক্ষাতত ৰাজ্যিক সমন্বয়ক হাজেলাই কয় যে বৰাকৰ তিনিখনকৈ প জিলাত হােৱা ভয়াবহ বানৰ বাবে পূর্বনির্ধাৰিত সময় অনুসৰি পূৰ্ণাংগ খচৰাখন ৰে অহা ৩০ জুনত প্রকাশ নাপায়। কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি জিলাত হােৱা প্ৰলয়ংকৰী বানে খচৰাখন নির্ধাৰিত সময়ত প্ৰকাশ কৰাত প্রতিবন্ধকতাৰ ওঁ সৃষ্টি কৰিছে। অৱশ্যে অহা ৩০ জুনত পূর্ণাংগ খচৰা প্রকাশ নাপালেও এন যা। আৰ চি কর্তৃপক্ষই পূৰ্বৰ দৰে একেই তৎপৰতাৰে খচৰা যুগুতােৱাৰ কাম রে অব্যাহত ৰাখিছে।
সমন্বয়ক হাজেলাই আৰু কয় যে এন আৰ চিৰ পূৰ্ণাংগ ৰে খচৰাখনক চুড়ান্ত খচৰা হিচাপে ব্যৱহাৰ কৰা নহয়। খচৰাথন সংৰক্ষণহে। কৰা হ’ব। ৰাইজৰ দাবী আৰু আপত্তিৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ত চুড়ান্ত খচৰা প্ৰকাশ কৰা হ’ব। যােৱা বছৰৰ ৩১ ডিচেম্বৰত প্ৰথমখন আংশিক খচৰা যিদৰে প্ৰকাশ কৰা হৈছিল, অনুৰূপ ধৰণে দ্বিতীয়খন খচৰা অর্থাৎ পূর্ণাংগ খচৰাখন শীঘ্ৰেই প্ৰকাশ কৰা হ’ব। পূর্ণাংগ খচৰাত নাম বাদ পৰাসকলে পুনৰ নাম অন্তর্ভুক্তিৰ বাবে আবেদনৰ সুযােগ লাভ কৰিব। যিসকল লােৰ নাম পূর্ণাংগ খচৰাৰ পৰা বাদ পৰিব, তেওঁলােকক নিজ নিজ এন আৰ চি সেৱা কেন্দ্ৰৰ লগত যােগাযােগ কৰিবলৈও তেওঁ আহ্বান জনায়। প্রথমখন আংশিক খচৰাৰ দৰে এইবাৰৰ ৰাইজে অনলাইন আৰু প্ৰত্যায়িত ৰূপত খচৰাত নিজৰ নাম আছে নে নাই চাব পাৰিব। ইপিনে, পূর্ণাংগ খচৰা প্ৰকাশৰ পাছতেই মে ৰাজ্যৰ চৰ অঞ্চলসমূহত হিংসাত্মক ঘটনা সংঘটিত হােৱাৰ আশংকা কৰি ৰাজ্য চৰকাৰে মেঘালয়ৰ উমিয়ামত থকা ইছৰৰ নর্থ ইষ্ট পেচ এপ্লিকেচন চেণ্টাৰৰ সহায় বিচাৰিছে।
মুলতঃ ৰাজ্যৰ চৰ অঞ্চলসমূহ সঠিকভাৱে মেপিং এ কৰাৰ বাবেই ইছৰৰ সহায় বিচাৰিছে। নিৰাপত্তা বাহিনীক বাস্তবসম্মতভাৱে প্ৰ ব্যৱহাৰ কৰাৰ স্বাৰ্থতেই চৰকাৰে ইছৰৰ সহায় বিচাৰিছে। ইফালে, কেন্দ্রীয় ৫ গৃহ মন্ত্ৰালয়ৰ এক সূত্রই প্রকাশ কৰা অনুসৰি, এন আৰ চিৰ খচৰা প্ৰকাশৰ আগমুহূৰ্তত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা অতিৰিক্ত ১৫০টা অর্ধসামৰিক বাহিনীৰ কোম্পানী বিচাৰিছে। এন আৰ চিৰ সংবেদনশীলতাৰ প্ৰতি গুৰুত্ব দি কেন্দ্রই ইতিমধ্যে ৮৫টা কোম্পানী অসমলৈ প্ৰেৰণ কৰিছে। পৰিস্থিতি সাপেক্ষে পুনৰ অতিৰিক্ত কোম্পানী প্রেৰণ কৰা হ’ব।
আনহাতে, এন আৰ চিৰ পূৰ্ণাংগ হা খচৰাৰ পৰা কিমানসংখ্যক লােকৰ নাম বাদ পৰিব, তাক লৈ ৰাজ্যখনত এক বিভ্রান্তিকৰ পৰিস্থিতি সৃষ্টি হৈছে। ২০-৩০ লাখ ‘বিদেশী’ৰ নাম এন আৰ। চিৰ পূৰ্ণাংগ খচৰাত বাদ পৰিব বুলি একাংশই প্ৰচাৰ চলাই ৰাজ্যখনত বসবাস কৰি থকা ভার্ষিক আৰু ধর্মীয় সংখ্যালঘু লােকসকলক আতংকিত কৰি তােলাৰ অপচেষ্টা অব্যাহত আছে। এনে পৰিস্থিতিৰ মাজতে ৰাষ্ট্রীয় সংবাদপত্র ‘দ্য হিন্দু’ত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই আজি দিয়া এক বিবৃতি যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। হাজেলাৰ মতে, এন আৰ চিৰ পৰা ইমান বৃহৎসংখ্যক লােকৰ নাম বাদ পৰাৰ আশংকা সম্পূর্ণ অবান্তৰ যদিও এই মুহূর্তত কিমানসংখ্যক লােকৰ নাম বাদ পৰিব, সেয়া কোৱাটো টান। তথাপি পূর্ণাংগ চৰাৰ পৰা বৰ বেছি ৫০ হাজাৰ লােকৰহে নাম বাদ পৰিব পাৰে। খচৰাত নাম বাদ পৰাসকলে নিজৰ নাগৰিকত্ব প্রমাণৰ বাবে দাবী আৰু আপত্তিৰ ভিত্তিত পুনৰ নাম অন্তর্ভুক্তিৰ সুযােগ লাভ কৰিব বুলি হাজেলাই স্পষ্ট কৰি দিয়ে।
ইফালে, এন আৰ চিৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ সময়ক লৈ শেহতীয়াকৈ কিছু বিভ্রান্তি সৃষ্টি হৈছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে এন আৰ চিৰ কাম বাধাপ্রাপ্ত হােৱা হেতু হাজেলাই শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপি এখন গােপন প্রতিবেদন দাখিল কৰে। প্রতিবেদনখনত পূর্ণাংগ খচৰা প্ৰকাশৰ বাবে আৰু কিছু সময়ৰ প্ৰয়ােজন হ’ব বুলি উল্লেখ কৰাৰ বিষয়ে জানিব পৰা গৈছে। মন কৰিবলগীয়া এয়ে যে অহা ২ জুলাইত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰােহিল্টন ফলি নমিনৰে গঠিত খণ্ড বিচাৰপীঠ এন আৰ চি সংক্রান্তীয় গােচৰৰ শুনানি গ্ৰহণ কৰাৰ দিন। ইয়াৰ পর্বে অহা ৩০ জুনত উচ্চতম ন্যায়ালয়ত গ্রীষ্মকালীন বিশেষ বিচাৰপীঠত বিষয়টো উত্থাপন হােৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত নতুন দিল্লীত ৰাজ্য চৰকাৰৰ ষ্টেণ্ডিং কাউন্সিল এগৰাকীয়ে জানিবলৈ দিয়া মতে, এতিয়ালৈ কোনাে পক্ষৰ পৰাই কোনাে নির্দেশ কৰা নাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি