Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 4:03 am

Home » আঞ্চলিক » আলফা স্বাধীনে মুকলি কৰি দিলে অপহৃত গোপাল উপাধ্যায়ক

আলফা স্বাধীনে মুকলি কৰি দিলে অপহৃত গোপাল উপাধ্যায়ক

লিডু : বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আলফা (স্বাঃ)ই মুকলি কৰিলে অপহৃত গোপাল উপাধ্যায়ক। সোমবাৰে মাজনিশা অসম-অৰুণাচল সীমান্তৱৰ্তী চাংলাং জিলাৰ খামলৌ গাঁৱত আলফা (স্বা)ই সম্পূৰ্ণ সোতৰ দিনৰ বিৰতিৰ পাছত অপহৃত গোপাল উপাধ্যায়ক মুকলি কৰি থৈ যায়৷ যেন গভীৰ শ্বাসৰুদ্ধ এখন নাটকৰ যৱনিকা পৰিল৷
উল্লেখ্য যে, যোৱা ৮ জুনত অত্যাধুনিক অস্ত্ৰ-সস্ত্ৰৰে সুসজ্জিত আলফা স্বাধীনৰ এটা প্ৰায় ১২ জনীয়া দলে ব্যৱসায়ী ৰাধা চেতিয়াৰ ফানেংস্থিত এলেকাত থকা চাহ বাগিছাত প্ৰৱেশ কৰি কৰ্তব্যৰত অৱস্থাত থকা গোপাল উপাধ্যায়ক অপহৰণ কৰি নিছিল৷ অসম-অৰুণাচল সীমান্তৱৰ্তী লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰৰ বাসিন্দা তথা অঞ্চলটিৰ অতি সহজ সৰল লোক হিচাপে পৰিচিত ব্যক্তিজনৰ অপহৰণে শংকিত কৰি তুলিছিল অঞ্চলবাসীক। কিহৰ ভিত্তিত এজন সাধাৰণ নাগৰিকক আলফা (স্বা)ৰ দ্বাৰা অপহৰণ কৰা হল বুলি প্ৰশ্ন তুলি স্থানীয় দল-সংগঠনসমূহৰ লগতে সাধাৰণ ৰাইজে বহু বাৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ব্যক্তিজনক বিনাচৰ্ত্তে শীঘ্ৰেই মুকলি কৰি দিবলৈ আহ্বান জনাইছিল৷
আনফালে আকৌ অপহৃতৰ পৰিয়ালে ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজনৰ মুক্তিৰ খাতিৰত সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে আলফাৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক বিনম্ৰ মিনতি কৰি তেখেতৰ প্ৰতিচ্ছবিত মাল্য-পুষ্প দি পূজা-অৰ্চনা আগবঢ়াইছিল। তেঁওলোকৰ এনে কাকতি-মিনতিৰ বাবেই আলফা স্বাধীনে গোপাল উপাধায়ক এনেদৰে বিনাচৰ্তে মুক্তি কৰি দিলে, নে বাগিচাখনৰ স্বতাধিকাৰী ৰাধা চেতিয়াৰ লগত হোৱা এক বৃহৎ ধনৰ লেনদেনৰ পৰিণাম স্বৰূপে আলফা স্বাধীনে অপহৃত ব্যক্তিজনক মুক্তি কৰি দিলে সেয়া কিন্তূ সকলোৰে বাবে এতিয়া হৈ পৰিছে ৰসহ্যৰ বিষয়৷
প্ৰণিধানযোগ্য যে, সম্প্ৰতি উগ্ৰপন্থীৰ সূচল ঘাটি হৈ পৰা অসম-অৰুণাচলৰ সীমান্তৱৰ্তী জাগুনত ইয়াৰ পূৰ্বেও এনেধৰণৰ অপহৰণ কাণ্ড সংঘটিত হৈছিল, য’ত উগ্ৰপন্থী সংগঠনসমূহে একমাত্ৰ ধনৰ বিনিময়তহে অপহৃতক মোকলাই দিয়াৰ নজিৰ আছে। বৰ্ত্তমান জাগুন আৰক্ষীৰ লগতে সেনাৰ এটা বৃহৎ দলে খামলৌ গাঁৱৰ পৰা গোপাল উপাধ্যায়ক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি