Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:43 am

Home » আঞ্চলিক » কৰিমগঞ্জৰ বান পৰিস্থিতিৰ পর্যালােচনা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ

কৰিমগঞ্জৰ বান পৰিস্থিতিৰ পর্যালােচনা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ


ৰাইজক সকাহ দিয়াৰ বাবে সকলােকে দলবদ্ধ মনােভাৱেৰে কাম কৰিবলৈ আহ্বান

কৰিমগঞ্জ : দুদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰিবলৈ আহি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি কৰিমগঞ্জ জিলাৰ ভাঙ্গাৰপাৰত বৰাক নদীৰ বাঢ়নি পানী প্রত্যক্ষ কৰাৰ লগতে বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ বুজ লয় তথা জিলাখনৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্রয় শিৱিৰ পৰিদৰ্শন কৰে। তাৰ পিছতে মুখ্যমন্ত্রী সােণােৱালে জিলাখনৰ বিধায়ক, সাসংদ তথা চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বান পৰিস্থিতিৰ বিতং বুজ লয়। মুখ্যমন্ত্রী সােণােৱালে বিৰােধী, শাসকপক্ষ সকলাে বিধায়কৰ লগতে চৰকাৰী বিষয়াসকলক দলৱদ্ধ মনােভাৱেৰে কাম কৰি বানৰ দ্বাৰা প্ৰভাৱিত জিলাখনৰ জনসাধাৰণক সহায় প্রদান কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্রী সােণােৱালে জিলাখনৰ বানৰ ভয়াবহতা সম্পর্কে উপায়ুক্তৰ পৰা বিতং তথ্য সংগ্রহ কৰে। লংগাই আৰু কুছিয়াৰ নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা এই বানৰ দ্বাৰা ক্ষতিগ্রস্ত লােকসকলক পর্যাপ্ত পৰিমাণে সাহায্য নিশ্চিত কৰিবৰ বাবে উপায়ুক্তক নির্দেশ দিয়ে। ৰাইজক বান সাহায্য প্রদান কৰাৰ ক্ষেত্ৰত যাতে কোনাে ধৰণৰ অভাৱ দেখা দিব নােৱাৰে সেই দিশত চোকা নজৰ দিবলৈ উপায়ুক্তক নির্দেশ দিয়ে। বানৰ দ্বাৰা প্রভাৱিত শিশুসকলে যাতে বিশেষ যত্ন পাই সেই দিশত তেখেতে নজৰ দিবলৈ কয়। বানৰ দ্বাৰা প্ৰভাৱিত জীৱ-জন্তু সমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্রী সােণােৱালে পশুপালন বিভাগক গৰু-ছাগলী সমূহৰ লগতে হাহ কুকুৰা সমূহৰাে পর্যাপ্ত চিকিৎসা নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। লগতে তেখেতে পশু পালন বিভাগৰ সঞ্চালকক বৰাক উপত্যকাৰ তিনিওখন জিলালৈ বিশেষ চিকিৎসকৰ দল আৰু পর্যাপ্ত পৰিমাণৰ ঔষধ প্ৰেৰণ কৰিবলৈ নির্দেশ দিয়ে। বানপানীৰ দ্বাৰা বৃহৎ পৰিমাণৰ খেতি পথাৰ নষ্ট হােৱাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী সােণােৱালে ক্ষতিগ্রস্ত হােৱা শস্যৰ তাৎক্ষণিকভাৱে জৰীপ কৰি সেই প্রতিবেদন বিভাগত দাখিল কৰিবলৈ নির্দেশ দিয়ে। খেতিৰ ওপৰত নিৰ্ভৰ কৰি যিহেতু একো-একোটা পৰিয়াল চলি থাকে সেয়েহে খেতিয়ক সকলক যাতে সকাহ দিব পৰা যায় তাৰ বাবে সকলাে প্ৰকাৰৰ ব্যৱস্থা ল’বলৈ কৃষি বিভাগক মুখ্যমন্ত্রী সােণােৱালে কয়। তদুপৰি, খেতিয়কসকলক যাতে প্রধানমন্ত্রী ফচল বীমা যােজনাৰ অধীনত অন্তর্ভুক্ত কৰি ক্ষতিগ্রস্ত হােৱা শস্যৰ বিপৰীতে বীমা প্রদান কৰিব পাৰি তাৰ বাবে কৃষি বিভাগৰ সহযােগত উপায়ুক্তক পদক্ষেপ ল’বলৈ কয়।
মুখ্যমন্ত্রী সােণােৱালে বিভাগীয় বিষয়াসকলক সম্পূর্ণ সতর্ক হৈ থাকি যিকোনাে ধৰণৰ পৰিস্থিতি যাতে মােকাবিলা কৰিব পৰা যায় তাৰ বাবে সাজু হ’বলৈ নির্দেশ দিয়ে।
লংগাই আৰু কুছিয়াৰ নৈৰ বাঢ়নি পানীয়ে জিলাখনৰ চাৰিটা স্থানত মথাউৰি সমূহ ক্ষতিগ্রস্ত কৰাৰ প্রতি লক্ষ্য ৰাখি তৎকালীনভাৱে মথাউৰি পুনৰ নিৰ্মাণ কৰাৰ লগতে আন মথাউৰি সৱলীকৰণ আৰু উন্নীতকৰণৰ বাবে ব্যৱস্থা ল’বলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্রী সােণােৱালে নির্দেশ দিয়ে। তদুপৰি, নিশাৰ ভাগত মথাউৰিসমূহ নিৰীক্ষণৰ ব্যৱস্থা ল’বলৈও কয়। আনহাতে, বানপানীৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৰুত্বপূর্ণ ভূমিকাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী সােণােৱালে বান পিড়িত সকলাে লােকে যাতে বিশুদ্ধ খােৱাপানী লাভ কৰিব পাৰে সেইটো নিশ্চিত কৰিবলৈ বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রী সােণােৱালে জিলাখনৰ বিভিন্ন পানীযােগান আঁচনিৰাে পর্যালােচনা কৰে। বিধায়কসকলৰ অভিযােগৰ ভিত্তিত জিলাখনৰ বহুতাে আঁচনি কার্যক্ষম হৈ নথকাৰ প্রতি লক্ষ্য ৰাখি বিভাগক মুখ্যমন্ত্রী সােণােৱালে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ প্রদান কৰে তথা উপভুক্তা সমিতি সমূহক অধিক সৱলীকৰণ কৰাৰ ওপৰতাে গুরুত্ব দিয়ে। বানৰ দ্বাৰা জিলাখনৰ বহুতাে বাট-পথ ক্ষতিগ্রস্ত হােৱাৰ প্রতি লক্ষ্য ৰাখি সেই পথ সমূহে তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ সােণােৱালে নির্দেশ দিয়ে। মুখ্যমন্ত্রী সােণােৱালে বান পিড়িত লােকক আগবঢ়োৱা স্বাস্থ্য সেৱা আৰু আন বিভিন্ন আন্তঃগাঁথনিৰ ওপৰত হােৱা প্ৰভাৱৰ বিষয়েও পর্যালােচনা কৰে। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্রী সােণােৱালে গাঁৱে-গাঁৱে গৈ শিৱিৰ অনুষ্ঠিত কৰি ৰাজইক সেৱা আগবঢ়াবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রী সােণােৱালে বিদ্যুৎ বিভাগক সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়ে যাতে বিদ্যুৎস্পৃষ্ট হৈ কোনাে লােক মৃত্যুৰ মুখত নপৰে। মুখ্যমন্ত্রী সােণােৱালে সম্পূর্ণ স্বচ্ছতাৰে ৰাইজক বান সাহায্য আগবঢ়োৱাতাে নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। তেখেতে কয় যে চৰকাৰে দুর্নীতিক কোনাে কাৰণতে প্রশ্রয় নিদিয়ে আৰু সেয়েহে ৰাইজে যাতে বান সাহায্য সম্পূর্ণ ৰূপে লাভ কৰে সেইটো বিষয়াসকলে নিশ্চিত কৰিব লাগিব। তদুপৰি, বানত মৃত্যু হােৱা ব্যক্তিলৈ চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা আর্থিক সাহায্য স্থানীয় বিধায় অথবা সাংসদৰ উপস্থিতিতহে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
চলিত বানত কৰিমগঞ্জ জিলাৰ ৫ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২,৩৬,৯১৪ গৰাকী লােক প্ৰভাৱিত হৈছে। আজিৰ এই পর্যালেচনা সভাত জলসম্পদ মন্ত্রী কেশৱ মহন্ত, বন মন্ত্রী পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস, শিলচৰ, সােনাই, বৰখােলা, তাতীগড়া, পাথাৰকান্দি, কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, ৰাবাৰী আৰু উদাৰগৰ বিধায়কসকল তথা অসম চৰকাৰৰ বহুতাে জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি