কৰিমগঞ্জৰ বান পৰিস্থিতিৰ পর্যালােচনা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ

ৰাইজক সকাহ দিয়াৰ বাবে সকলােকে দলবদ্ধ মনােভাৱেৰে কাম কৰিবলৈ আহ্বান কৰিমগঞ্জ : দুদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰিবলৈ আহি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি কৰিমগঞ্জ জিলাৰ ভাঙ্গাৰপাৰত বৰাক নদীৰ বাঢ়নি পানী প্রত্যক্ষ কৰাৰ লগতে বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ বুজ লয় তথা জিলাখনৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্রয় শিৱিৰ পৰিদৰ্শন কৰে। তাৰ পিছতে মুখ্যমন্ত্রী সােণােৱালে জিলাখনৰ বিধায়ক, সাসংদ তথা চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বান পৰিস্থিতিৰ বিতং বুজ লয়। মুখ্যমন্ত্রী সােণােৱালে বিৰােধী, শাসকপক্ষ সকলাে বিধায়কৰ লগতে চৰকাৰী বিষয়াসকলক দলৱদ্ধ মনােভাৱেৰে কাম কৰি বানৰ দ্বাৰা প্ৰভাৱিত জিলাখনৰ জনসাধাৰণক সহায় প্রদান কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্রী সােণােৱালে জিলাখনৰ বানৰ ভয়াবহতা সম্পর্কে উপায়ুক্তৰ পৰা বিতং তথ্য সংগ্রহ কৰে। লংগাই

| |

শিৱসাগৰত একেদিনাই ১৫১ খন হাতেলিখা স্মৃতিগ্রন্থ উন্মােচন

টেট উত্তীর্ণ শিক্ষকৰ সাহিত্য-সংস্কৃতি প্রতিযােগিতা সম্পন্ন শিৱসাগৰ : প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্রতিভা বিকাশৰ বাবে আমগুৰি শিক্ষাখণ্ডৰ টেট উত্তীর্ণ প্রাথমিক শিক্ষক সমাজৰ উদ্যোগত অনুষ্ঠিত হােৱা সাহিত্য সংস্কৃতি প্রতিযােগিতাখনি অলপতে সফলভাৱে সামৰণি পৰে। এই প্রতিযােগিতাৰ সমান্তৰালকৈ ছাত্র-ছাত্রী আৰু শিক্ষকসকলে হাতেলিখি প্রস্তুত কৰা ১৫১ খন স্মৃতিগ্রন্থ একেদিনাই আনুষ্ঠানিকভাৱে উন্মােচন কৰা হয়। মুখ্য উন্মােচক দীপক বৰাৰ লগতে ভালেসংখ্যক শিক্ষক আৰু সমাজকর্মীয়ে এই স্মৃতিগ্রন্থসমূহ আনুষ্ঠানিকভাৱে উন্মােচন কৰে। উল্লেখ্য যে শিক্ষাবিদ সুৰেশ চন্দ্ৰ বৰাই স্মৃতি তর্পনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই মত বিনিময় আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। ইন্দ্রজিত বৰগোঁহায়ে আঁতধৰা অনুষ্ঠানটোত সঞ্চালনা কৰে বিদ্যালয়সমূহৰ উপপৰিদৰ্শক তৃষ্ণা তাঁতীয়ে। অনুষ্ঠানত আমগুৰি শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক উদয় ভাস্কৰ বৰা আৰু বব বৰগোঁহায়ে

মৰাণত এনকেফেলাইটিছত গাঁওবুঢ়াৰ মৃত্যু

মৰাণঃ মৰাণত এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন মৰাণ ১নং লেঙেৰীৰ চৰকাৰী গাঁওবুঢ়া ডিম্বেশ্বৰ গগৈ (৮১)। শনিবাৰে বিয়লি ১-৩০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত লোকজনৰ মৃত্যু হয়। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আনহাতে তেওঁৰ পত্নী সোণপাহী গগৈও অসুস্থ হৈ পৰাত মৰাণ মেডিকেল চেন্টাৰলৈ আনে যদিও স্বাস্থ্য অধিক অৱনতি ঘটাত ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। ইফালে এই খবৰ বিয়পি পৰাত অঞ্চলটোত জাপানীজ এনকেফেলাইটিছৰ ভয়ত অঞ্চলবাসী কম্পিত হৈ পৰিছে।

সোপাধৰাৰ নামত পুনৰ মানসিক বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ

লামডিং : ৰেল নগৰী লামডিংখন এতিয়া অন্ধবিশ্বাসৰ গৰাহলৈ পৰিণত হ’বলৈ ধৰিছে৷ দিনে-নিশাই এতিয়া মাথো এটায়ে আতংক, সেয়া সোপাধৰা৷ একাংশ দুষ্ট চক্ৰই এতিয়া লামডিঙত অপপ্ৰচাৰ চলাইছে সোপাধৰাৰ৷ নিশা হ’লে কলা কাপোৰ পিন্ধি মানুহৰ চকু, কিডনি, কলিজা কাঢ়ি নিয়াৰ লগতে সৰু ল’ৰা-ছোৱালীক লৈ যোৱা এক উৰাবাতৰি প্ৰচাৰ কৰিছে৷ এনে উৰা বাতৰি সন্দৰ্ভত শুকুৰবাৰে নিশা স্থানীয় সাংবাদিকৰ দল এটাই লামডিঙৰ গাঁৱসমূহত উপস্থিত হৈ সকলোকে বুজাইছিল যদিও শনিবাৰে দিন দুপৰতে লামডিং ৰেল নগৰীৰ গাতে লাগি থকা ডিমাহাচাও জিলাৰ মান্দাদিচাত সোপাধৰাৰ নামত জঘন্য কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে৷ মান্দাদিচাৰ ৰেলৱে ষ্টেচনত এজন অচিনাকি যুৱকক দেখাৰ লগে লগে গাঁৱখনত ৰাইজৰ মাজত হাহাকাৰ হয় সোপাধৰা বুলি৷ একাংশ ৰাইজে যুৱকজনক নিৰ্মম প্ৰহাৰ কৰে যদিও গাঁৱৰ ভিডিপি আৰু

চিৰাঙত উকিল সন্থাৰ পঞ্চম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

উকিলসকলে সদায় অধিকাৰৰ বাবে মাত মাতে, কিন্ত দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি কিমান গুৰুত্ব দিয়ে : সিদ্ধাৰ্থ ভট্টাচাৰ্য্য চিৰাং ব্যুৰ’ : চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থাৰ কাৰ্য্যালয়ৰ সভাকক্ষত শনিবাৰে অনুষ্ঠিত হয় সদৌ অসম উকিল সন্থাৰ পঞ্চম কাৰ্য্যনিৰ্ব্বাহক সভা। এই সভাত অংশগ্ৰহণ কৰে আইন আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। মন্ত্ৰীজনে উকিল সন্থাৰ কেবাটাও দাবী সমাধানৰ প্ৰতি সহাৰি জনাই কয় মই যিহেতু নিজেও এজন উকিল আছিলো আৰু থাকিম গতিকে সদায় আপোনালোকৰ সৈতে আছো। বিধায়ক হৈ থাকোতে সন্থাৰ সদস্য আছিলো কিন্ত মন্ত্ৰী হোৱাৰ লগে লগে মই প্ৰাক্তন সদস্য হবলগীয়া হৈছে। কাৰণ মই এতিয়া চৰকাৰত আছো। নিজৰ উকালতি জীৱনৰ কিছু কথা কোৱাৰ লগতে তেওঁ কয় যে উকিল সকলে সদায় অধিকাৰৰ বাবে মাত মাতে,

কোকৰাঝাৰত চাউতাল ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

মানুহে কৰিব নোৱাৰা কাম একো নাই: আৰক্ষী অধীক্ষক ৰাজেন সিং কোকৰাঝাৰ : সদৌ চাউতাল ছাত্র সন্থাৰ কোকৰাঝাৰ জিলা সমিতিয়ে আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ সদ্য ঘোষিত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ভিতৰুৱা অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ১০০ জন ছাত্ৰ-ছাত্ৰীক একোখন মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়। কোকৰাঝাৰৰ আমগুৰী বৃত্তিগত প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে কোকৰাঝাৰ জিলা সদৌ চাউতাল ছাত্ৰ সন্থাৰ সভাপতি এলবিন মুৰ্মুই। এই বিশেষ অভিনন্দন অনুষ্ঠান উদ্বোধন কৰি সদৌ চাউতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কুই কয়— সম্বৰ্ধনাৰ উদ্দেশ্য যাতে অথলে নাযায়, তাৰ বাবে সম্বৰ্ধিত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে ধ্যান দিব লাগিব। তেওঁ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক মন, মগজু আৰু আত্মাৰ মিলন ঘটাই নিজৰ লগতে সমাজৰ

যোগাসনৰ নামত গামোচাৰ বিলৈ

গুৱাহাটী : যি সময়ত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমীয়াৰ স্বাভিমানৰ প্রতীক গামোচা ডিঙিত লৈ কালি আন্তঃৰাষ্ট্রীয় যোগ দিৱসত অংশগ্রহণ কৰি অসমীয়াক গৌৰৱান্বিত কৰি তুলিলে, সেই সময়তে কালি যোগ দিৱসৰ দিনা গামোচাক ভৰিৰে মোহাৰি চৰম অপমান কৰিলে নগাঁৱৰ এজন চৰকাৰী বিষয়াই৷ অসমীয়াৰ স্বাভিমান, জাতীয় বস্ত্র গামোচাখনক চৰম অপমান কৰা এই নিন্দনীয় ঘটনাটো কালি সংঘটিত হৈছে জিলাখনৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তর্গত বৰভেটি গাঁও পঞ্চায়তৰ কার্যালয়ত৷ কালি পুৱা আন্তঃৰাষ্ট্রীয় যোগ দিৱসত যোগাসন কৰাৰ নামত পঞ্চায়তটোত গামোচাৰ ওপৰত ভৰি দি থিয় হৈ যোগাসন কৰি গামোচাক চৰম অপমান কৰিলে বৰভেটি গাঁও পঞ্চায়তৰ কার্যালয়ৰ এন আৰ চি কেন্দ্রৰ নামত নিয়োজিত এজন দায়িত্বশীল চৰকাৰী বিষয়াই৷ তেওঁৰ নাম বিচিত্র বর্মন৷ গামোচা ভৰিৰ তলত পাৰি যোগাসন কৰি উদ্ধতালি কৰা

আজিৰ পৰা প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন

গুৱাহাটী : আজিৰে পৰা তিনিটা পর্যায়ত আৰম্ভ হ’ব অসম প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন৷ প্রদেশ যুৱ কংগ্রেছৰ সাংগঠনিক নির্বাচনৰ ভোটগ্রহণ কাইলৈ ২৪খন জিলাৰ ৩৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব৷ ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটা হ’ল– সৰভোগ, বৰপেটা, জনিয়া, বিহালী, উত্তৰ অভয়াপুৰী, সোণাই, ধলা, উদাৰবন্দ, ছিপাঝাৰ, দলগাঁও, পূব বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা, লাহোৱাল, দুলীয়াজান, হাফলং, গোলাঘাট, লামডিং, দেৰগাঁও, মৰিয়নি, দিছপুৰ, ছয়গাঁও, বোকাজান, ৰাতাবাৰী, পাথাৰকান্দি, ঢকুৱাখনা, মাজুলী, জাগীৰোড, ধর্মপুৰ, চতিয়া, দক্ষিণ শালমাৰা, মানকাচৰ, ডিগবৈ, শদিয়া, ধিং, কলিয়াবৰ আৰু আমগুৰি৷ সভাপতি পদত দহগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ উপৰি সাধাৰণ সম্পাদক পদত ৪৬গৰাকীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ কাইলৈ প্রথম পর্যায়ৰ ভোট গ্রহণত প্রায় ৩৫ হাজাৰ যুৱ কংগ্রেছৰ সদস্যই ভোটদান সাব্যস্ত কৰিব৷ সভাপতি পদৰ একমাত্র মহিলা প্রার্থী অংকিতা দত্তৰ গৃহ সমষ্টি আমগুৰিৰ

এন আৰ চিত ১৩ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত

গুৱাহাটী : বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বিদেশী আৰু দেশৰ নির্বাচন আয়োগে সন্দেহযুক্ত ভোটাৰ (ডি) বুলি চিহিুত কৰা ব্যক্তিৰ নামেই নহয় তেওঁৰ ভাতৃ, ভগ্নী বা পৰিয়ালৰ আন সদস্যৰ নাম নাগৰিকপঞ্জীত (এন আৰ চি) অন্তর্ভুক্ত নহ’ব৷ বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বিদেশী বা ‘ডি’ ভোটাৰজনক বাদ দি পৰিয়ালৰ আন সদস্যৰ নাম এন আৰ চি থকা-নথকাৰ বিষয়টো উচচ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছিল যদিও শুকুৰবাৰে দিয়া ৰায়দানত এন আৰ চিত এই লোকসকলৰে নহয় তেওঁলোকৰ পৰিয়ালৰ আন আন সদস্যৰ নাম অন্তর্ভুক্ত নোহোৱাটো নিশ্চিত হ’ল৷ যাৰ ফলত বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা ৯০,২০৬গৰাকী বিদেশী আৰু নির্বাচন আয়োগে ‘ডি’ বুলি চিহিুত কৰা ১,২৫,৩৩৩গৰাকী লোকৰে নহয় তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিত বাদ পৰাটো খাটাং হৈ পৰিল৷ অর্থাৎ বিদেশী

|

ইউনিক’ডত স্বতন্ত্র স্থান নাপালে অসমীয়া লিপিয়ে

ৱেব সংবাদ : ইউনিক’ডত স্বতন্ত্র লিপি হিচাপে অন্তর্ুক্তিৰে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰাৰ আশাশুধীয়া প্রচেষ্টা সফল নহ’ল৷ সম্পূর্ণ স্বতন্ত্র লিপি হিচাপে অসমীয়া ভাষাৰ স্বকীয়তা আৰু মান নিৰূপণত লণ্ডনত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় মানক সংস্থাৰ বৈঠকত কোনো সুফল পোৱা নগ’ল৷ স্বৰ আৰু লিপিত বহুখিনি মিল থকা হেতুকে অসমীয়াক বাংলা লিপিৰ সৈতে সংযুক্ত কৰি ৰখাৰ সিদ্ধান্ততে অটল থাকিল আন্তর্তিক মানক সংস্থা বিগত দুদিন ধৰি লণ্ডনত অনুষ্ঠিত বৈঠকত অসমীয়া লিপিক সুকীয়া মর্যাদা আৰু স্বীকৃতি প্রদান কৰা হ’ব বুলি অসমবাসীয়ে বাট চাই আছিল যদিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা তেনে কোনো সু-খবৰ নাহিল৷ মূৰকত ইউনিক’ডত অসমীয়া লিপিক বিচাৰি পোৱা যাব বেংগলী-আছামিজ হিচাপে৷ ইয়াক লৈ এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অসমীয়া ভাষা সংস্কৃত, বাঙালী ভাষাৰ