পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রজোট চৰকাৰ
পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রযোট চৰকাৰ কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বাতিলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিধানসভা নিৰ্বাচনৰ ঠিক আগ মুহূর্তত কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বিলুপ্ত কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ এনে মন্তব্যই কৰ্ণাটকৰ বাসৱ ৰাজ বোমাই চৰকাৰক শলঠেকত পেলাইছে বুলি চৰ্চা লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্ণ ভুল ধাৰণাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। কৰ্ণাটক চৰকাৰে ভোক্কালিগা আৰু লিংগায়তৰ বাবে দুই শতাংশকৈ সংৰক্ষণ বৃদ্ধি কৰাৰ বিপৰীতে অ বি ছি মুছলমানৰ বাবে থকা চাৰি শতাংশ সংৰক্ষণ বিলুপ্ত কৰাৰ সিদ্ধান্ত সঠিক নহয়। ইয়াৰ পিছত ৰাজ্য চৰকাৰে আদালতক আশ্বাস দি কয় যে পৰৱৰ্তী শুনানি লৈকে নতুন নীতিৰ