Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 10:27 am

দেশ-বিদেশ

উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি

উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে প্ৰাক্তন সাংসদ আতিক আহমেদক নীৰৱ আৰক্ষী-প্ৰশাসন অপৰাধীৰ ৰম্যভূমি উত্তৰ প্ৰদেশত সংঘটিত হ’ল এইবাৰ এক লোমহৰ্ষক হত্যাকাণ্ড। আৰক্ষী-সংবাদ মাধ্যমৰ সন্মুখতেই গুলিয়াই হত্যা কৰা হ’ল অপৰাধ জগতৰ পৰা ৰাজনীতিলৈ অহা প্ৰাক্তন সাংসদ আতিক আদমেদ আৰু তেওঁৰ ভাতৃক। আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। তেনে সময়তেই সংবাদ মাধ্যমে গেংষ্টাৰ গৰাকীক প্ৰশ্ন কৰি থকাৰ মাজতেই সন্ত্ৰাসবাদীয়ে মূৰত গুলিয়াই হত্যা কৰে আতিক আৰু আশ্ৰফক। উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে আতিকৰ পুত্ৰ ১৯ বছৰীয়া আসাদ আহমেদক এনকাউন্টাৰ কৰাৰ ঠিক এদিন পিছতে এই ঘটনা সংঘটিত হৈছে। আতিক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে বাৰে বাৰে আদালতৰ পৰা সুৰক্ষা

Read More »

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রজোট চৰকাৰ

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রযোট চৰকাৰ কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বাতিলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিধানসভা নিৰ্বাচনৰ ঠিক আগ মুহূর্তত কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বিলুপ্ত কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ এনে মন্তব্যই কৰ্ণাটকৰ বাসৱ ৰাজ বোমাই চৰকাৰক শলঠেকত পেলাইছে বুলি চৰ্চা লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্ণ ভুল ধাৰণাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। কৰ্ণাটক চৰকাৰে ভোক্কালিগা আৰু লিংগায়তৰ বাবে দুই শতাংশকৈ সংৰক্ষণ বৃদ্ধি কৰাৰ বিপৰীতে অ বি ছি মুছলমানৰ বাবে থকা চাৰি শতাংশ সংৰক্ষণ বিলুপ্ত কৰাৰ সিদ্ধান্ত সঠিক নহয়। ইয়াৰ পিছত ৰাজ্য চৰকাৰে আদালতক আশ্বাস দি কয় যে পৰৱৰ্তী শুনানি লৈকে নতুন নীতিৰ

Read More »

হিংসাত্মক ভাষণ দিয়া নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব উচ্চতম ন্যায়ালয়ে || Supreme Court of India

ঘৃণা বিয়পোৱা প্ৰৰোচনামূলক ভাষণসমূহ ভাৰতীয় সংবিধানবিৰুদ্ধ। ঘৃণা বিয়পোৱা হিংসাত্মক ভাষণ দিয়া নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব উচ্চতম ন্যায়ালয়ে দেশৰ ৰাজনৈতিক নেতাসকলে হিংসাৰ প্ৰতি উদ্গনি যোগোৱা প্ৰৰোচনামূলক ভাষণসমূহৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য আগবঢ়াইছে। উচ্চতম ন্যায়ালয়ে কয় যে এইসমূহ ভাৰতীয় সংবিধান অৱমাননা কৰিছে। এইসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক। আবেদনখনত অভিযোগকাৰীয়ে হিংসাত্মক উচটনি যোগোৱা নেতাসকলৰ প্ৰতি কোনো আইনী ব্যৱস্থা লোৱা নহয় বুলি উল্লেখ কৰিছিল। কোৱা হৈছিল যে ভাৰতীয় সংবিধানত এইসমূহৰ বিৰুদ্ধে কেইবাটাও ধাৰা আছে যদিও এইসমূহ কাৰ্যকৰী কৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানিত কয় যে এতিয়া একৈশ শতিকা। এই একৈশ শতিকাতো ধৰ্মৰ নামত হিংসা চলি আছে। ধৰ্মনিৰপক্ষেক্ষ এখন দেশৰ বাবে ই

Read More »

তাজমহলত আছিল নেকি শিৱৰ মন্দিৰ? Tajmahal Vs Shiv Mandir || Supreme Court of India

– তাজমহলত আছিল নেকি শিৱৰ মন্দিৰ? – উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে বিজেপি নেতাৰ আবেদন তাজমহলৰ বিষয়ে আদালতত উত্থাপন কৰা এখনি চৰ্চিত আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে ন্যায়ালয়ে আবেদনখনক পাব্লিচিটি ইণ্টাৰেষ্টৰ বাবে কৰা বুলি আখ্যা দিয়ে৷ আবেদনখনি আছিল তাজমহলৰ ইতিহাস সম্পৰ্কীয়৷ আবেদনখত তাজমহলত নোখোলাকৈ ৰখা ২২টাকৈ কোঠালিৰ সম্ভেদ বিচৰা হৈছিল৷ উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ অযোধ্যা শাখাৰ মিডিয়া-ইন-চাৰ্জ ৰাজনীশ সিঙে এলাহাবাদ উচ্চ ন্যায়ালয়ত উক্ত আবেদনখনি দাখিল কৰিছিল৷ যোৱা ১২ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়েও আবেদনখনি খাৰিজ কৰে৷ তাৰ পাছতে বিষয়টো গৈ উচ্চতম ন্যায়ালয় পায়গৈ৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু এম এম চুন্দ্ৰেশৰ গঠিত এখন বিচাৰপীঠে আবেদনখনি খাৰিজ কৰিছে৷ আবেদনখনক পাব্লিচিটি ইন্টাৰেষ্ট জনিত বুলি কৈ বিচাৰপীঠখনে কয় যে ইয়াক খাৰিজ কৰাত উচ্চতম

Read More »

Congress New President Controversy || কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ নতুন বিতৰ্ক

– কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ নতুন বিতৰ্ক – গান্ধী পৰিয়ালৰ পৰা মুক্ত নহল নেকি কংগ্ৰেছ – কৌশলেৰে নেতৃত্বৰ নিয়ন্ত্ৰণ নিজৰ হাততেই ৰাখিলে নেকি গান্ধী পৰিয়াল দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি। সুদীৰ্ঘ চৌবিশটা বছৰৰ গান্ধী পৰিয়ালৰ সদস্যৰ বিপৰীতে অন্য নেতাই লাভ কৰিলে কংগ্ৰেছ দলৰ নেতৃত্বৰ বাঘজৰী৷ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী দলিত নেতা হিচাপে পৰিগণিত হৈছে খাৰ্গে। দলটোৱে দুটা দশকত নেহৰু-গান্ধী পৰিয়ালৰ পৰিধিৰ বাহিৰৰ পৰা এগৰাকী নেতা নিৰ্বাচিত কৰিলে৷ কিন্তু ইতিমধ্যে ধ্বংসৰ গৰাহলৈ গতি কৰা দলটোৱে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক প্ৰত্যাহ্বান জনাব যে পাৰিব তাত সন্দেহ আছে৷ শশী থাৰুৰ পৰাস্ত হোৱাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে, বিজেপিৰ সৈতে পোনপটীয়া যুঁজত আকৌ এবাৰ

Read More »

Mallikarjun Kharge || Newly elected Congress President || সভাপতি হিচাপে নিৰ্বাচিত মল্লিকাৰ্জুন খাৰ্গে

প্ৰায় ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতা দেশৰ আটাইতকৈ পুৰণি দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছ সভাপতি পদৰ বাবে ভোটদান। এইবাৰ প্ৰতিদ্বন্দ্বিতা হৈছিল দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ মাজত। যাৰ ভিতৰত শশী থাৰুৰক পৰাস্ত কৰাত সফল হৈছে মল্লিকাৰ্জুন খৰ্গে। মল্লিকাৰ্জুন খৰ্গে ৭৮৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে  শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট। কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীসহ কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে

Read More »

President Draupadi Murmu visited Assam || দুদিনীয়া অসম ভ্ৰমণসূচী সমাপ্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। বৃহস্পতিবাৰৰ পৰা কেবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে শুকুৰবাৰে পুৱা নিলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আসীষ লয়। তাৰ পিছতেই ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলী কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয় আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ৯ টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কয় যে, অসম এদিন উন্নত

Read More »

• এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল

· অৰবিন্দ কেজৰিৱালৰ আন এক কৃতিত্ব · এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল · শীৰ্ষত স্থান নাপালে অসম, গুজৰাটে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে লাভ কৰিলে অন্যতম সফলতা। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে চৰ্চা। দিল্লীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ে এডুকেচন ৱৰ্ল্ডয়ে প্ৰকাশ কৰা ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় আৰু শিক্ষা বিভাগক এই চমকপ্ৰদ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। কেজৰিৱালে এটা টুইটত কয়, ‘আমাৰ এডুকেচন টীমক লৈ আমি গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰী বিদ্যালয়ে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ই ডব্লিউৱে প্ৰকাশ কৰা ৰেংকিঙত

Read More »